5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Durga Puja 2024 Date: দুৰ্গা পূজা কেতিয়া? মহালয়াৰ পৰা বিজয়া দশমীলৈ জানক তাৰিখ

ধৰ্মীয় বিশ্বাস অনুসৰি মা দুৰ্গাই দশমীত মহিষাসুৰৰ সৈতে ৯ দিন যুদ্ধ কৰি হত্যা কৰিছিল। হিন্দু ধৰ্মত দুৰ্গা পূজাত ৯ গৰাকী দেৱী দুৰ্গাক ন দিন পূজা কৰা হয় আৰু দশম দিনত বিজয়দশমী পালন কৰা হয়।

Durga Puja 2024 Date: দুৰ্গা পূজা কেতিয়া? মহালয়াৰ পৰা বিজয়া দশমীলৈ জানক তাৰিখ
দুৰ্গা পূজা কেতিয়া?
Follow Us
barasha-misra
Barasha Misra | Updated On: 12 Sep 2024 20:02 PM

হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গাপূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা, বিহাৰ আৰু ঝাৰখণ্ডত দুৰ্গাপূজা সৰ্বাধিক জাকত-জিলিকা হয় আৰু পাঁচদিন-জোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গাপূজা পালন কৰে।

সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়।

When is Durga Puja 2024: হিন্দু ধৰ্মত দুৰ্গা পূজা অতি আড়ম্বৰেৰে পালন কৰা হয়। এই পূজা বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক হিচাপে পালন কৰা হয়। এই সময়ছোৱাত মা দুৰ্গাক নটা ভিন্ন ৰূপত পূজা কৰা হয়। মহালয়াৰ পৰা আৰম্ভ কৰি বিজয়া দশমীলৈকে দুৰ্গা পূজা পালন কৰা হয়। এইবাৰ কেতিয়া দুৰ্গা পূজা হ’ব জানক। লগতে মহালয়াৰ পৰা বিজয়া দশমীলৈকে গুৰুত্বপূৰ্ণ তাৰিখ আৰু ইয়াৰ লগত জড়িত গুৰুত্বৰ বিষয়েও জানি লওক।

দুৰ্গা পূজা ২০২৪ কেতিয়া?

পঞ্জিকা অনুসৰি প্ৰতিপদ তিথিৰ পৰা শুক্ল দশমী তিথিলৈকে আহিন মাহত দুৰ্গা পূজা পালন কৰা হয়। সাধাৰণতে ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত পৰে। এইবাৰ ২০২৪ চনৰ ২ অক্টোবৰত মহালয়া আৰু তাৰ পিছত ৩ ছেপ্টেম্বৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হ’ব আৰু ২০২৪ চনৰ ১২ অক্টোবৰত শেষ হ’ব। দুৰ্গা পূজাৰ সময়ত ষষ্ঠীৰ পৰা দশমীলৈকে তিথিসমূহক গুৰুত্ব দিয়া হয়।

মহালয়া কেতিয়া?

মহালয়াৰ দিনা মা দুৰ্গা পৃথিৱীলৈ আহে বুলি বিশ্বাস কৰা হয়। মহালয় দিৱস ১৫ দিনীয়া পিতৃ পক্ষৰ অন্তৰ প্ৰতীক। এইবাৰ মহালয়া ২০২৪ চনৰ ২ অক্টোবৰ, পিতৃ পক্ষৰ অন্তিম দিন। এই দিনটোক সৰ্ব পিতৃ অমাৱস্য বা মহালয়া অমৱস্যা বুলি জনা যায়।

দুৰ্গা পূজা ২০২৪ কেলেণ্ডাৰ

  1. মহালয়া – ২ অক্টোবৰ ২০২৪
  2. পঞ্চমী – ৮ অক্টোবৰ ২০২৪
  3. ষষ্ঠী- ৯ অক্টোবৰ ২০২৪
  4. সপ্তমী- ১০ অক্টোবৰ ২০২৪
  5. মহাষ্টমী- ১১ অক্টোবৰ ২০২৪
  6. মহা নৱমী- ১২ অক্টোবৰ ২০২৪
  7. বিজয়া দশমা বা দশেৰা – ১২ অক্টোবৰ ২০২৪

পৌৰাণিক উপাখ্যান

ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা উচিত হ’ব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই।

দেৱী ভাগৱত পুৰাণ

দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে। আৰু এই সময়খিনিত তেওঁ তিনি বাগ্‌ভব বীজ জপ কৰে, লগতে আহাৰ আৰু শ্বাস গ্ৰহণ পৰিত্যাগ কৰি বছৰ-বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে। আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক। মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছোঁ। বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা।”

উল্লেখ্য যে, এই লেখাটো লোকবিশ্বাসৰ ওপৰত আধাৰিত।

 

Latest News