Durga Puja: কেতিয়াৰ পৰা আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱ? জানক দুৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব | durga puja Date, Importance, History, Significance details in Assamese Assam news - Assam Tv9

Durga Puja: কেতিয়াৰ পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ? জানক দুৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব

Updated On: 

18 Sep 2024 00:22 AM

ধৰাৰ বুকুলৈ আকৌ আহিছে শৰৎ। কঁহুৱা, শেৱালীৰ সুৱাসেৰে শাৰদী ৰাণীক আদৰিবলৈ সাজু প্ৰকৃতি। আজি জানো আহক শাৰদীয় দুৰ্গোৎসৱৰ তাৎপৰ্য আৰু মহত্ব...

Durga Puja: কেতিয়াৰ পৰা আৰম্ভ হব শাৰদীয় দুৰ্গোৎসৱ? জানক দুৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব

কেতিয়াৰ পৰা আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱ?

Follow Us On

দুৰ্গা পূজাক লৈ সকলোৰে মাজত বাঢ়িছে উৎকন্ঠা। পূজাৰ বজাৰত উভৈনদী হৈছে নতুন সাজ-পাৰৰ লগতে পূজাৰ অন্যান্য সামগ্ৰীৰে। ৰাজ্যতো পূজাৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। পূজাৰ বাবেই বিভিন্ন বিপণীত গ্ৰাহকৰ বাবে দিয়া হৈছে অফাৰ।

হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গাপূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা, বিহাৰ আৰু ঝাৰখণ্ডত দুৰ্গাপূজা সৰ্বাধিক জাকত-জিলিকা হয় আৰু পাঁচদিন-জোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গাপূজা পালন কৰে।

দুৰ্গা দেৱীৰ বৰ্ণনা মহাভাৰতৰ বিৰাট পৰ্ব আৰু ওঠৰখন পুৰাণত পোৱা যায়। দুৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰ সমূহ হ’ল কালিকা, নন্দা, ভ্ৰামৰী, সাকম্ভৰী, ৰক্তদণ্ডিকা, সতী, পাৰ্বতী, কৌশিকী ইত্যাদি। তেওঁৰ উপাসনাৰ অৰ্থে পালন কৰা দুৰ্গা পূজা পূব ভাৰতৰ এক অন্যতম ডাঙৰ ধৰ্মীয় উৎসৱ।

সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ শাক্তবাদ পৰম্পৰাত দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ উৎসৱ। কলকাতাৰ দুৰ্গা পূজা ২০২১ চনত ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত সন্নিবিষ্ট হৈছে।

পৌৰাণিক আখ্যান

দেৱী ভাগৱত পুৰাণ

দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে। আৰু এই সময়খিনিত তেওঁ তিনি বাগ্‌ভব বীজ জপ কৰে, লগতে আহাৰ আৰু শ্বাস গ্ৰহণ পৰিত্যাগ কৰি বছৰ-বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে। আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক। মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছোঁ। বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা।”

ব্ৰহ্মবৈবৰ্ত পুৰাণ

ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা উচিত হ’ব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই

দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ। আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক।

দুৰ্গাৰ অৰ্থ

হিন্দুশাস্ত্ৰত “দুৰ্গা” শব্দটিক ব্যাখ্যা কৰোঁতে কোৱা হৈছে:

দৈত্যনাশাৰ্থবচনো দকাৰঃ পৰিকীৰ্তিতঃ।
উকাৰো বিঘ্ননাশস্য বাচকো বেদসম্মত॥
ৰেফো ৰোগঘ্নবচনো গশ্চ পাপঘ্নবাচকঃ।
ভয়শত্ৰুঘ্নবচনশ্চাকাৰঃ পৰিকীৰ্তিত॥

‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা। দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে। মা দুৰ্গা দেৱীৰ ৰূপ ন-বিধ। শাস্ত্ৰত বৰ্ণনা কৰামতে সেইবোৰৰ নাম আৰু বৈশিষ্ট্য হ’ল— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।

দুৰ্গা পূজা ২০২৪ কেতিয়া?

পঞ্জিকা অনুসৰি প্ৰতিপদ তিথিৰ পৰা শুক্ল দশমী তিথিলৈকে আহিন মাহত দুৰ্গা পূজা পালন কৰা হয়। সাধাৰণতে ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত পৰে। এইবাৰ ২০২৪ চনৰ ২ অক্টোবৰত মহালয়া আৰু তাৰ পিছত ৩ ছেপ্টেম্বৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হ’ব আৰু ২০২৪ চনৰ ১২ অক্টোবৰত শেষ হ’ব। দুৰ্গা পূজাৰ সময়ত ষষ্ঠীৰ পৰা দশমীলৈকে তিথিসমূহক গুৰুত্ব দিয়া হয়।

পূজাৰ তাৰিখ

  1. মহালয়া – ২ অক্টোবৰ ২০২৪
  2. পঞ্চমী – ৮ অক্টোবৰ ২০২৪
  3. ষষ্ঠী- ৯ অক্টোবৰ ২০২৪
  4. সপ্তমী- ১০ অক্টোবৰ ২০২৪
  5. মহাষ্টমী- ১১ অক্টোবৰ ২০২৪
  6. মহা নৱমী- ১২ অক্টোবৰ ২০২৪
  7. বিজয়া দশমা বা দশেৰা – ১২ অক্টোবৰ ২০২৪

 

 

 

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version