শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইয়াকে কয় খুজি কিল খোৱা! চলাইছিল ৫০ কোটিৰ কুকুৰ ক্ৰয়ৰ ভুৱা আত্মপ্ৰচাৰ, পৰিল ইডিৰ জালত

শেহতীয়াকৈ সতীশে ৫০ কোটি টকাত এটা বিশেষ প্ৰজাতিৰ কুকুৰ ক্ৰয় কৰা বুলি দাবী কৰিছিল। তেওঁৰ এই দাবীৰ বিষয়ে সংবাদ মাধ্যমত বহুল চৰ্চিত হৈছিল। পিছে সতীশৰ এই দাবীয়ে এতিয়া বেলেগ ৰূপ লৈছে। ৫০ কোটি টকাত কুকুৰ কিনা বুলি দাবী কৰাৰ পিছত আজি ইডিৰ দলে তেওঁৰ বাসগৃহত অভিযান চলায়।

ইয়াকে কয় খুজি কিল খোৱা! চলাইছিল ৫০ কোটিৰ কুকুৰ ক্ৰয়ৰ ভুৱা আত্মপ্ৰচাৰ, পৰিল ইডিৰ জালত
সতীশৰ ভুৱা দাবী
monjit-dutta
Monjit Dutta | Published: 17 Apr 2025 20:40 PM

অসমীয়াত এটি বহুল প্ৰচলিত জতুৱা ঠাঁচ আছে, খুজি কিল খোৱা। এই কথাটিৰ অৰ্থ সকলোৰে জ্ঞাত, গতিকে বাখ্যা স্বাভাৱিকতেই নিষ্প্রয়োজন। এই কথাষাৰিৰে যেন এক উদাহৰণ হৈ পৰিছে বাংগালুৰুৰ বাসিন্দা তথা ভাৰতীয় কুকুৰ প্ৰজনন সংস্থাৰ সভাপতি এছ সতীশ। শেহতীয়াকৈ সতীশে ৫০ কোটি টকাত এটা বিশেষ প্ৰজাতিৰ কুকুৰ ক্ৰয় কৰা বুলি দাবী কৰিছিল। তেওঁৰ এই দাবীৰ বিষয়ে সংবাদ মাধ্যমত বহুল চৰ্চিত হৈছিল। পিছে সতীশৰ এই দাবীয়ে এতিয়া বেলেগ ৰূপ লৈছে। ৫০ কোটি টকাত কুকুৰ কিনা বুলি দাবী কৰাৰ পিছত আজি ইডিৰ দলে তেওঁৰ বাসগৃহত অভিযান চলায়।

বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA)ৰ উলংঘাৰ সন্দেহত ইডিৰ দলটোৱে সতীশৰ বাসগৃহত এই অভিযান চলায়। সামাজিক মাধ্যমত কুকুৰ পালক সতীশৰ এই দাবীৰ বিষয়ে জানিব পৰাৰ লগে লগে আজি পুৱা সতীশৰ বাসগৃহত ইডিৰ এটা দল লগে লগে উপস্থিত হয়। সতীশে কিদৰে ইমান বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত এই কুকুৰটো ক্ৰয় কৰিবলৈ সক্ষম হ’ল, সেই প্ৰশ্নৰ উত্তৰ বিচাৰি অভিযান চলায় ইডিয়ে।

ইফালে সতীশৰ একাউণ্টৰ সবিশেষ তদন্ত কৰি ইডিয়ে একাউণ্টৰ পৰা কোনো লেনদেন হোৱাৰ তথ্য লাভ নকৰিলে। এনে পৰিস্থিতিত তেওঁ ধন পৰিশোধৰ বাবে হাৱালা পথৰ ব্যৱহাৰ কৰিছিল নেকি, সিও তদন্তৰ বিষয় হৈ পৰে। এই সন্দৰ্ভত ইডিয়ে সতীশক সোধা-পোছা কৰাৰ সময়তে সমগ্ৰ বিষয়টোৰ আঁৰৰ সত্য পোহৰলৈ আহে। তদন্তত সতীশৰ কুকুৰ ক্ৰয়ৰ দাবী সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত হয়।

প্ৰাৰম্ভিক তদন্তত বিদেশী জাতৰ বুলি দাবী কৰা কুকুৰটোও দেশীয় কুকুৰ বুলিহে দেখা গৈছে। এতিয়াও অৱশ্যে ইডিয়ে সতীশৰ জেৰা অব্যাহত ৰাখিছে। ইডিৰ বিষয়াসকলৰ মতে, সতীশে আন লোকৰ পৰা কুকুৰ ধাৰলৈ লৈ ভিডিঅ’ বনাই কোটি কোটি টকাত বিদেশী জাতৰ কুকুৰ ক্ৰয় কৰা বুলি মিছাকৈ দাবী কৰে। নথি-পত্ৰৰ তদন্তৰ সময়ত ৫০ কোটি টকাৰ মূল্যৰ কথা উল্লেখ কৰাটোও মিছা প্ৰমাণিত হয়।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি বিদেশী কুকুৰটো ক্ৰয় কৰিবলৈ তেওঁৰ হাতত নাছিল কোনো বৈধ নথি। ইফালে বিদেশী জাতৰ কুকুৰৰ নামত তেওঁ থলুৱা প্ৰজাতিৰ কুকুৰ ফটো বা ভিডিঅ’হে প্ৰচাৰ কৰা বুলিও সন্দেহ কৰা হৈছে। অৱশ্যে ভুল তথ্য বিয়পোৱা আৰু সম্ভাৱ্য আৰ্থিক অনিয়মৰ বাবে সতীশৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই।