শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এইসকল চৰকাৰী কর্মচাৰীয়ে নাপায় ঈদৰ বন্ধ ! অহা ৩১ তাৰিখেলৈকে উপস্থিত থাকিব লাগিব কাৰ্যালয়ত

এইবাৰ ঈদ-উল-ফিটৰ ৩১ মাৰ্চত পৰিছে । এই বিশেষ দিনটোত সকলো চৰকাৰী কাৰ্যালয়, বেংক, বিদ্যালয়-মহাবিদ্যালয়, সকলো বন্ধ থাকে । এই দিনটো জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো ঠাইতে বন্ধৰ দিন হিচাপে পালন কৰা হয় আৰু পবিত্ৰ ঈদ উদযাপন কৰা হয়। কিন্তু এইবাৰ এইসকল চৰকাৰী কৰ্মচাৰীয়ে নাপাব ঈদৰ বন্ধ !

এইসকল চৰকাৰী কর্মচাৰীয়ে নাপায় ঈদৰ বন্ধ ! অহা ৩১ তাৰিখেলৈকে উপস্থিত থাকিব লাগিব কাৰ্যালয়ত
manas-borah
Manas Borah | Updated On: 29 Mar 2025 09:55 AM

ৰমজান মাহ চলি আছে। এমাহজোৰা ৰোজাৰ অন্তত অহা সোমবাৰে ইছলাম ধৰ্মীয় লোকসকলে পালন কৰিব পবিত্ৰ ঈদ । এইবাৰ ঈদ-উল-ফিটৰ ৩১ মাৰ্চত পৰিছে । এই বিশেষ দিনটোত সকলো চৰকাৰী কাৰ্যালয়, বেংক, বিদ্যালয়-মহাবিদ্যালয়, সকলো বন্ধ থাকে । এই দিনটো জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো ঠাইতে বন্ধৰ দিন হিচাপে পালন কৰা হয় আৰু পবিত্ৰ ঈদ উদযাপন কৰা হয়। কিন্তু এইবাৰ এইসকল চৰকাৰী কৰ্মচাৰীয়ে নাপাব ঈদৰ বন্ধ !

মনকৰিবলগীয়া যে, এইবাৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ শেষ দিনটোতে পৰিছে ঈদ । অৰ্থাৎ ৩১ মাৰ্চত সকলোৱে পালন কৰিব ঈদ-উল-ফিটৰ । গতিকে স্বাভাৱিকতে এই দিনটোত বেংকৰ কৰ্মচাৰীসকলৰ যথেষ্ট কৰ্ম ব্যস্ততা বাঢ়িব । আন সৰু-বৰ সংগঠনৰ ওপৰতো কামৰ চাপ থাকিব । সেয়ে সেইদিনটোৰ বেংক কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে আৰ বি আইয়ে । প্ৰকাশিত খবৰ অনুসৰি, বিত্তীয় বৰ্ষৰ শেষৰ দিনটোত বিত্তীয় লেনদেন প্ৰক্ৰিয়া সঠিকভাৱে পৰিচালনা কৰিবলৈ এই ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰথম অৱস্থাত কেৱল মিজোৰাম আৰু হিমাচল প্ৰদেশতে বেংক খোলা থকাৰ কথা আছিল যদিও পিছত আৰ বি আইয়ে সমগ্ৰ দেশতে বেংক খোলা ৰখাৰ সিদ্ধান্ত লয়।

৩১ মাৰ্চত ঈদৰ দিনা বেংক খোলা থাকিব যদিও সেইদিনা সকলো ধৰণৰ কাম নহয়। কিছুমান লেনদেন কৰা হ’ব। উদাহৰণস্বৰূপে, ৩১ মাৰ্চত আয়কৰ, শুল্ক, আবকাৰী শুল্ক আৰু জি এছ টিৰ সৈতে জড়িত কাম-কাজ সম্পন্ন হ’ব । তদুপৰি কেৱল পেঞ্চন আৰু চৰকাৰী ভাট্টা বিতৰণৰ সৈতে জড়িত কাম সম্ভৱ হ’ব। একেদৰে, মোবাইল বেংকিং সুবিধা, অনলাইন ফাণ্ড ট্ৰেন্সফাৰ আৰু চৰকাৰী কৰ পৰিশোধ সেৱা অব্যাহত থাকিব।

ইফালে, ১ এপ্ৰিলত কিছু ৰাজ্যৰ বাহিৰে দেশৰ সকলো ঠাইতে কাম বন্ধ থাকিব। হিমাচল প্ৰদেশ, মিজোৰাম, পশ্চিমবংগ আৰু মেঘালয়ত খোলা থাকিব বেংক। বাকী ঠাইবোৰত বন্ধ থাকিব।

ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণে(IRDAI) বীমা কোম্পানীসমূহক ২৯, ৩০ আৰু ৩১ মাৰ্চত কাৰ্যালয় খোলা ৰাখিবলৈ নিৰ্দেশ দিছে। আয়কৰ বিভাগে জনাইছে যে সমগ্ৰ ভাৰতৰ সকলো আয়কৰ কাৰ্যালয় ২৯, ৩০ আৰু ৩১ মাৰ্চত খোলা থাকিব যাতে বাকী থকা কামসমূহ সময়মতে সম্পূৰ্ণ কৰিব পৰা যায়। বিবৃতিটোত গুৰুত্ব আৰোপ কৰা হৈছে যে, যিহেতু ২০২৫ চনৰ ৩১ মাৰ্চ ৰাজহুৱা বন্ধৰ দিন, গতিকে শেষ মুহূৰ্তত কৰ দাখিল কৰাত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। সেই বাবে আয়কৰ কাৰ্যালয় খোলা থাকিব।