জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰঃ সংঘৰ্ষস্থলীত আৱদ্ধ তিনি সন্ত্ৰাসবাদী | Encounter between Security forces and terrorists in Jammu Kashmir Kishtwar Assam news - Assam Tv9

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰঃ সংঘৰ্ষস্থলীত আৱদ্ধ তিনি সন্ত্ৰাসবাদী

Published: 

13 Sep 2024 21:46 PM

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘটিত হৈছে এনকাউণ্টাৰ। দুয়োপক্ষৰ মাজৰ এই সংঘৰ্ষ এতিয়াও অব্যাহত আছে আৰু অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ বেহুত দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদী আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰঃ সংঘৰ্ষস্থলীত আৱদ্ধ তিনি সন্ত্ৰাসবাদী

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। তথ্য অনুসৰি, জম্মু অঞ্চলৰ কিষ্টৱাৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত এই এনকাউণ্টাৰ সংঘটিত হৈছে। দুয়োপক্ষৰ মাজৰ এই সংঘৰ্ষ এতিয়াও অব্যাহত আছে আৰু অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ বেহুত দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদী আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। সংঘৰ্ষস্থলীত দুয়োপক্ষৰ মাজত সম্প্ৰতি তীব্ৰ গোলাবৰ্ষণ অব্যাহত আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। ভাৰতীয় সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া দল এটাই এই অভিযান চলাইছে।

জানিব পৰা মতে, জম্মুৰ বিভিন্ন অঞ্চলত নিৰাপত্তাৰক্ষীৰ দলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে। বিশেষকৈ পাহাৰ আৰু ঘন বনাঞ্চলত সন্ত্রাসবাদীৰ সন্ধানত তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে। তথ্য অনুসৰি, নিৰাপত্তা বাহিনীয়ে কিষ্টৱাৰৰ দুগ্গড়া অৰণ্যত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা বুলি চোৰাংচোৱা তথ্য লাভ কৰিছিল।

এই তথ্যৰ আধাৰতে ভাৰতীয় সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ দলে অভিযান আৰম্ভ কৰে। ইফালে অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ দলটোৱে চাৰিওফালৰ পৰা বেৰি ধৰাৰ পিছতে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলটোৱে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ প্ৰত্যুত্তৰত অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ দলটোৱেও গুলীচালনা কৰে বুলি জানিবলৈ দিছে সেনাৰ সূত্ৰই।

লক্ষণীয়ভাৱে বিগত কিছুদিনৰ পৰা জম্মু-কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। নিয়মিতভাৱে পোহৰলৈ আহিছে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ সংঘৰ্ষৰ খবৰ। যোৱা বুধবাৰে কাঠুৱা জিলাৰ খান্দৰা অঞ্চলত এক অভিযানত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছিল দুজন সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদী দুজন জয়ছ-ই-মহম্মদৰ শীৰ্ষ সেনাধ্যক্ষ আছিল বুলি জানিব পৰা গৈছে।

নিহত এই সন্ত্ৰাসবাদী দুজনৰ পৰা এম-৪ আৰু এ কে ছিৰিজৰ ৰাইফলৰ লগতে যথেষ্ট পৰিমাণৰ গোলাবাৰুদ উদ্ধাৰ কৰা বুলি জানিবলৈ দিছিল কৰ্তৃপক্ষই। ইফালে বুধবাৰেই কুপৱাৰাৰ এল অ’ চিৰ সমীপৰ কেৰাণ ছেক্টৰৰ পৰা নিৰাপত্তা বাহিনীয়ে বৃ্হৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছিল। ভাৰতীয় সেনাৰ চাইনাৰ কৰ্পছে সদৰী কৰা মতে, চোৰাংচোৱা তথ্যৰ ভিত্তিত কেৰাণ খণ্ডত সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান চলাইছিল।

অঞ্চলটোত তালাচীৰ সময়ত বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয়। উল্লেখ্য যে অহা ১৮ ছেপ্টেম্বৰৰ পৰা জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই উপলক্ষে উপত্যকাটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তিনিটা পৰ্যায়ৰ এই নিৰ্বাচনৰ ভোটগ্ৰহণ ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত অনুষ্ঠিত হ’ব। আনহাতে ৪ অক্টোবৰত ঘোষণা কৰা হ’ব ফলাফল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version