জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰঃ অব্যাহত অভিযান | Encounter between terrorists and security forces in Jammu Kashmir Kishtwar Assam news - Assam Tv9

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰঃ অব্যাহত অভিযান

Published: 

21 Sep 2024 22:43 PM

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সৃষ্টি হৈছে সংঘৰ্ষৰ। জিলাখনৰ চত্ৰু অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে যৌথভাৱে অনুসন্ধান অভিযান আৰম্ভ কৰে। সম্প্ৰতি এই সংঘৰ্ষ অব্যাহত আছে বুলি জানিব পৰা গৈছে।

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰঃ অব্যাহত অভিযান

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

বিগত কেইবছৰমান ধৰি জম্মু-কাশ্মীৰৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সন্ত্ৰাসবাদী সংগঠনৰ কুচকাৱাজ। উপত্যকাটোত এই সময়ছোৱাত সন্ত্ৰাসবাদীৰ গোটে কেইবাটাও কূটাঘাত সংঘটিত কৰাৰ লগতে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। এনে সংঘৰ্ষত বহু সন্ত্ৰাসবাদী সদস্যৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী নিৰাপত্তাৰক্ষী জোৱানো শ্বহীদ হৈছে। শেহতীয়া কেইমাহমানৰ পৰা জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত কেইবাবাৰো সংঘৰ্ষৰ সৃষ্টি হৈছে। এনে উদ্বেগজনক পৰিস্থিতিৰ মাজতে আজি উপত্যকাটোৰ কিষ্টৱাৰ জিলাত আন এক সংঘৰ্ষৰ খবৰ পোহৰলৈ আহিছে।

কিষ্টৱাৰ জিলাৰ চত্ৰু অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এই সংঘৰ্ষৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি সংঘৰ্ষস্থলীত দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদী আত্মগোপন কৰি আছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পিছতে ধন ধৰ বনাঞ্চলৰ সমীপত নিৰাপত্তাৰক্ষীয়ে যৌথভাৱে অনুসন্ধান অভিযান আৰম্ভ কৰে।

তালাচী অভিযানৰ সময়তে অঞ্চলটোত একাংশ সন্ত্ৰাসবাদী সদস্যৰ উপস্থিতি পোহৰলৈ আহে বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে। আৰক্ষীৰ তথ্য মতে, অভিযানকাৰী দলটোৰ এই তালাচী অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ দলটোৱে গুলীচালনা আৰম্ভ কৰে আৰু এই আক্ৰমণৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীৰ দলটোৱেও প্ৰত্যাক্ৰমণ চলায়। সম্প্ৰতি নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে।

ইফালে, শুকুৰবাৰে সন্ধিয়াও ৰেয়াচি জিলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত আন এক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। জিলাখনৰ চাছানা অঞ্চলত হোৱা এই সংঘৰ্ষৰ পিছত আজিও নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। লক্ষণীয়ভাৱে জম্মু কাশ্মীৰত সম্প্ৰতি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে।

যোৱা ১৮ ছেপ্টেম্বৰত সমাপ্ত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উপত্যকাটোত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপে যাতে বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উপত্যকাটোত অতিৰিক্ত নিৰাপত্তা বাহিনীৰ দলো মোতায়েন কৰা হৈছে।

অহা ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ১ অক্টোবৰত শেষ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে ৮ অক্টোবৰত প্ৰকাশ পাব নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ বাবে গঢ়ি তোলা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো উপত্যকাটোত সন্ত্ৰাসবাদী সদস্যৰ উপস্থিতিয়ে স্বাভাৱিকতেই এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
Exit mobile version