Encounter: ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ অভিযান, নিহত ৩ নক্সালবাদী... | Encounter : Security Forces killed 3 Naxalites Including Women in Narayanpur Chhattisgarh Assam news - Assam Tv9

Encounter: ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ অভিযান, নিহত ৩ নক্সালবাদী…

Updated On: 

23 Sep 2024 23:54 PM

নিৰাপত্তাৰক্ষীৰ এক অভিযানত তিনিজন নক্সালবাদী নিহত হৈছে । নিহত নক্সালবাদী কেইজনৰ ভিতৰত এগৰাকী মহিলা নক্সালবাদীও আছে। নিহত নক্সালসকলৰ পৰা নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে AK-47 ছিৰিজৰ ৰাইফল আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ।

Encounter: ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ অভিযান, নিহত ৩ নক্সালবাদী...

প্ৰতীকী ছবি

Follow Us On

ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ বিৰুদ্ধে অভিযান চলাই ডাঙৰ সফলতা লাভ কৰিছে । ৰাজ্যখনৰ নাৰায়ণপুৰত নিৰাপত্তাৰক্ষীৰ এক অভিযানত তিনিজন নক্সালবাদী নিহত হৈছে । নিহত নক্সালবাদী কেইজনৰ ভিতৰত এগৰাকী মহিলা নক্সালবাদীও আছে। নিহত নক্সালসকলৰ পৰা নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে AK-47 ছিৰিজৰ ৰাইফল আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ। নাৰায়ণপুৰ আৰক্ষীৰ সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে । এতিয়াও অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, দেওবাৰে দন্তেৱাড়া জিলাত ৩ গৰাকী মহিলা নক্সাল আৰু এজন পুৰুষ নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছিল। তেওঁলোকৰ ওপৰত ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । এই সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে ২০২০ চনৰ জুন মাহত ‘ল’ন ভাৰটু’ (স্থানীয় গণ্ডী উপভাষাত কোৱা শব্দ যাৰ অৰ্থ ঘৰ/গাঁৱলৈ উভতি যোৱা) অভিযান আৰম্ভ কৰা হৈছিল। ইয়াৰ অধীনত এতিয়ালৈকে দন্তৱাড়াত ৮৭২ জন নক্সালবাদীয়ে হিংসাৰ পথ এৰি মূলসুঁতিলৈ ঘূৰি আহিছে।

অধিক তথ্য দি আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে কৈছিল যে, দন্তেৱাড়াত এহাল দম্পতীকে ধৰি ৪ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত মাওবাদীৰ ২ নং আঞ্চলিক কোম্পানীত আছিল হুংগা তামো ওৰফে তামো সূৰ্য্য (৩৭) আৰু তেওঁৰ পত্নী আয়াতি তাটি (৩৫)। দুয়োৰে ওপৰত ৮ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ।

তেওঁ কয় যে, ২০১৮ চনত ছত্তীশগড়-তেলেংগানা আন্তঃৰাজ্যিক সীমান্তৰ পামডে (বিজাপুৰ)ৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰা হৈছিল। এইসকল লোককেইজন এই আক্ৰমণত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল । আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে কয় যে, আত্মসমৰ্পণ কৰা এই চাৰিজন লোক চুবুৰীয়া চুকমা জিলাৰ বাসিন্দা। নক্সালবাদৰ পথ এৰি মূলসুঁতিলৈ অহা এই চাৰিজন লোকক ২৫ হাজাৰকৈ সাহায্য প্ৰদান কৰা হৈছে। ইয়াৰ লগতে চৰকাৰী নীতি অনুসৰি তেওঁলোকক পুনৰ সংস্থাপন কৰা হ’ব।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version