কল্পনাতকৈ বহু ওপৰত…বিচাৰি বিচাৰি শাস্তি দিয়া হ’ব সন্ত্ৰাসবাদী আৰু সমৰ্থনকাৰী প্ৰতিজনকঃ মোদী

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ এক বিশাল জনসভা সম্বোধন কৰে। এই সময়চোৱাত মোদীয়ে সন্ত্ৰাসবাদীসকলক কঠোৰ সকীয়নি প্ৰদান কৰে লগতে ভাৰতৰ সৈতে থিয় দি থকাসকলক ধন্যবাদ জনায়।

কল্পনাতকৈ বহু ওপৰত...বিচাৰি বিচাৰি শাস্তি দিয়া হব সন্ত্ৰাসবাদী আৰু সমৰ্থনকাৰী প্ৰতিজনকঃ মোদী

নৰেন্দ্ৰ মোদী

Updated On: 

24 Apr 2025 14:43 PM

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসত অংশগ্ৰহণ কৰি এক বিশাল জনসভা সম্বোধন কৰে। পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত মোদীৰ এয়া প্ৰথম জনসভা সম্বোধন। ভাষণৰ আৰম্ভণিত মোদীয়ে প্ৰথমে পহলগামত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কয় যে, বিহাৰৰ ভূমিত পূজনীয় বাপুই সত্যাগ্ৰহৰ মন্ত্ৰণা বিস্তাৰিত কৰিছিল। মোদীৰ এই ভাষণ ইউটিউব চেনেল Narendra Modi ত লাইভ সম্প্ৰচাৰ হৈছিল। এই সময়চোৱাত বহু লোকে কমেন্টত পাকিস্তাৰ বিৰুদ্ধে প্ৰতিশোধৰ দাবী জনায়। জনতাই পাকিস্তান অধিকৃত কাশ্মীৰ উভতাই লোৱাৰ দাবী কৰে।

মোদীৰ ভাষণ লাইভ চাই বিভিন্ন ইউটিউব ব্যৱহাৰকাৰীয়ে লিখে যে- PoK উভতাই লওক। বিভিন্নজনে লিখে আমি সমগ্ৰ পাকিস্তান বিচাৰে। কিছুমানে লিখে আমি PoK আৰু পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ বিচাৰে। মুঠতে সামাজিক মাধ্যমত বিভিন্নজনে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা প্ৰতিশোধ বিচৰাৰ লগতে পি অ’ কে উভতাই লোৱাৰ দাবী জনাইছে।

কমেন্টসমূহ

মোদীৰ ভাষণ

ভাষণৰ আৰম্ভণি কৰাৰ আগতে মোদীয়ে পহলগামৰ মৃতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ২ মিনিট মৌন প্ৰাৰ্থনা কৰে। ইয়াৰ পাছতে মোদীয়ে সন্ত্ৰাসবাদীক কঠোৰ সকীয়নি দিয়ে। মোদীয়ে কয়, নিহতসকলৰ পৰিয়ালৰ লগত সমগ্ৰ দেশ থিয় হৈ আছে। আহতসকলৰ বৰ্তমান চিকিৎসা চলি আছে। চৰকাৰে তেওঁলোকৰ সকলোধৰণৰ সহায় কৰিব। এই আক্ৰমণত কোনোবাই পুত্ৰ, কোনোবাই ভাতৃ , কোনোবাই স্বামী হেৰুৱাইছে। সেইসকলৰ কোনোবাই বাংলা কৈছিল কোনোবাই তামিল…কিন্তু সকলোৰে প্ৰতি আমাৰ দুখ একেই, আমাৰ ক্ষোভ একেই। এই আক্ৰমণ পৰ্যটক নহয়, ভাৰতৰ আত্মাৰ ওপৰত হৈছে। যিয়ে এই আক্ৰমণ সংঘটিত কৰিছে সেই সন্ত্ৰাসবাদীসকলে কল্পনা কৰাতকৈ অধিক বেছি শাস্তি লাভ কৰিব।

 

মোদীয়ে আৰু কি ক’লে

মোদীয়ে কয় যে, সন্ত্ৰাসবাদীক শেষ কৰি দিয়াৰ সময় আহি পৰিছে। ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিয়ে সন্ত্ৰাসবাদীৰ কামি হাড় ভাঙি পেলাব। সন্ত্ৰাসবাদীক কোনো পধ্যেই ৰেহাই দিয়া নহয়। মোদীয়ে লগতে কয় যে, ন্যায় সুনিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হ’ব। এই সংকল্পৰ ওপৰত সমগ্ৰ দেশ দৃঢ়। ভাৰতে প্ৰতিজন সন্ত্ৰাসবাদী, তেওঁলোকৰ মালিক আৰু সমৰ্থকসকলক চিনাক্ত কৰি শাস্তি প্ৰদান কৰিব। বিশ্বৰ যিটো মূৰতেই নাথাকক কিয়, তেওঁলোকক চিনাক্ত কৰা হ’ব।

মোদীয়ে কয়, সন্ত্ৰাসবাদে কেতিয়াও ভাৰতৰ আত্ম ভাঙি পেলাব নোৱাৰে। সন্ত্ৰাসবাদীসকল সাৰি যাব নোৱাৰে। মানৱতাৰ ওপৰত বিশ্বাস ৰখা সকলো আমাৰ লগত আছে। ইয়াৰোপৰি ভাৰতৰ বেয়া সময়ত দেশৰ লগত থিয় দিয়া বিশ্বৰ প্ৰতিগৰাকী নেতা, ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

অন্য খবৰ পঢ়কঃ ভাৰতক কোনে কৰিব সমৰ্থন? পহলগাম আক্ৰমণৰ পাছত সহায়ৰ বাবে আগবাঢ়ি আহিল এইসমূহ দেশ…

অন্য খবৰ পঢ়কঃ Pahalgam terror attack: কাশ্মীৰৰ বাতৰি কাকতত ক’লা ৰং! প্ৰতিবাদী ভাষাৰে ক’লে-এই আক্ৰমণ কাশ্মীৰৰ পৰিচয় আৰু মূল্যবোধত

বয়সৰ পৰা ওজন বৃদ্ধিলৈ...জানক স্তন কৰ্কট ৰোগৰ কাৰণসমূহ...
টুথব্ৰাছত লক্ষ্য কৰিছেনে এই প্ৰয়োজনীয় দিশ? সাৱধান, নাই কৰা যদি হ’ব পাৰে বিস্তৰ ক্ষতি..
মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণসমূহ কি কি? সবিশেষ জানক
দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...