নৃশংস স্বামীৰ বৰ্বৰতা! পত্নীক হত্যা কৰি কুকাৰত সিজালে শৰীৰৰ টুকুৰা
৩৫ বছৰীয়া মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহত তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । জেৰাৰ সময়ত ব্যক্তিজনে কৈছিল যে তেওঁৰ পত্নীৰ শৰীৰৰ অংশবোৰ প্ৰেছাৰ কুকাৰত সিজাইছিল আৰু তাৰ পিছত সেইবোৰ জলাশয়ত পেলাই দিছিল। প্ৰায় এসপ্তাহ আগৰে পৰা নিৰুদ্দেশ হৈ আছিল মৃত মহিলাগৰাকী।
দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। এইবাৰ তেলেংগানাৰ হায়দৰাবাদত সংঘটিত হৈছে এনে এক ঘটনা। আৰক্ষীয়ে জনোৱা অনুসৰি, এজন প্ৰাক্তন সেনা জোৱান আৰু বৰ্তমান চহৰখনত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি থকা এজন ব্যক্তিয়ে তেওঁৰ পত্নীক হত্যা কৰে। কেৱল ইমানে নহয় পত্নীক হত্যা কৰাৰ লগতে মৃহদেহ টুকুৰা টুকুৰ কৰি প্ৰেছাৰ কুকাৰত শৰীৰৰ অংশবোৰ সিজায়।
তথ্য অনুসৰি, ৩৫ বছৰীয়া মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহত তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । অৱশ্যে, জেৰাৰ সময়ত ব্যক্তিজনে এক আচৰিত দাবী কৰিছিল। যিটো শুনি আৰক্ষীয়েও আচৰিত হৈছিল। জেৰাৰ সময়ত ব্যক্তিজনে কৈছিল যে তেওঁৰ পত্নীৰ শৰীৰৰ অংশবোৰ প্ৰেছাৰ কুকাৰত সিজাইছিল আৰু তাৰ পিছত সেইবোৰ জলাশয়ত পেলাই দিছিল।
আৰক্ষীয়ে কয় যে পত্নীৰ সৈতে হোৱা কাজিয়াৰ পিছত স্বামীয়ে এই ভয়ংকৰ অপৰাধটো সংঘটিত কৰিছিল বুলি সন্দেহ কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে কোৱা মতে ঘটনাটোৰ সম্পূৰ্ণ বিৱৰণ পৰৱৰ্তী অনুসন্ধানৰ পিছতহে জনা যাব। প্ৰায় এসপ্তাহ আগৰে পৰা নিৰুদ্দেশ হৈ আছিল মৃত মহিলাগৰাকী। ইতিমধ্যে তেওঁৰ পিতৃ-মাতৃয়ে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, অভিযুক্তজনৰ নাম গুৰু মূৰ্তি। গুৰুৱে বৰ্তমান কাঞ্চনবাগত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ সেনাবাহিনীত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰিছিল। ১৩ বছৰ আগতে ভেংকট মাধৱীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল গুৰু মূৰ্তি। দুয়োৰে দুটাকৈ সন্তান আছে। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান।
শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড
উল্লেখ্য যে প্ৰায় ৩ বছৰ পূৰ্বে দিল্লীত সংঘটিত হৈছিল এনে এটা নৃশংস হত্যাকাণ্ড। য’ত শ্ৰদ্ধা ৱাকাৰক তেওঁৰ ২৮ বছৰীয়া প্ৰেমিক তথা লিভ-ইন সংগী আফতাব আমিন পুনাৱালাই ১৮ মে’, ২০২২ তাৰিখে শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। তাৰ পিছত পৰিচয় লুকুৱাবলৈ তেওঁৰ মুখখন জ্বলাই দিছিল আৰু শৰীৰটো ৩৫ টুকুৰাত কাটিছিল। ২০২২ চনৰ ১২ নৱেম্বৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত পুনাৱালাক। শ্ৰদ্ধাৰ পিতৃয়ে আফতাবৰ বাবে মৃত্যুদণ্ড দাবী কৰিছে।