অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! ৫ জন লোকৰ মৃত্যু, চলিছে উদ্ধাৰ অভিযান
শুকুৰবাৰে ফেক্টৰীটোত বিস্ফোৰণৰ ফলত পাঁচজন লোক নিহত হয়। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । ঘটনাটো সংঘটিত হৈছিল আজি পুৱা প্ৰায় ১১ বজাত । খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে আৰক্ষীয়ে।
মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ভাণ্ডাৰা জিলাৰ জৱাহৰনগৰৰ এটা মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাৰ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা ফেক্টৰীত সংঘটিত হয় শোকাৱহ ঘটনাটো। শুকুৰবাৰে ফেক্টৰীটোত বিস্ফোৰণৰ ফলত পাঁচজন লোক নিহত হয়। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । ঘটনাটো সংঘটিত হৈছিল আজি পুৱা প্ৰায় ১১ বজাত । খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে আৰক্ষীয়ে। কাৰখানাৰ জুই নুমুৱাবলৈ নিয়োজিত কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ দল।
দুৰ্ঘটনাটোত আহত হৈছে কিছুলোক। আঘাটপ্ৰাপ্ত লোকসকলক এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্থানীয় লোকসকলৰ মতে ৪-৫ কিলোমিটাৰ দূৰৰ পৰাই শুনা গৈছিল বিস্ফোৰণৰ শব্দ। শব্দটো শুনি ওচৰৰ মানুহবোৰ কাৰখানালৈ দৌৰি আহিছিল। তাৰ পাছতে কাৰখানাৰ পৰা জুই ওলোৱা দেখা গৈছিল। জানিব পৰা মতে জৱাহৰনগৰত অৱস্থিত কাৰখানাটোৰ চি-চেক্সন 23 অট্টালিকাত এই বিস্ফোৰণ সংঘটিত হয়। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী।
দুৰ্ঘটনাটোৰ পিছত কাৰখানাটোত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ । ইতিমধ্যে স্থানান্তৰ কৰা হৈছে কাৰখানাত কাম কৰা সকলো শ্ৰমিকক। অৱশ্যে কাৰখানাটোত বিস্ফোৰণ সংঘটিত হোৱাৰ কাৰণ এতিয়াও জানিব পৰা নাই। কাৰখানাৰ বিষয়াসকলে কোৱা মতে দুৰ্ঘটনাটোৰ তদন্ত কৰা হ’ব। বিস্ফোৰণটো ইমানে ভয়ংকৰ আছিল যে প্ৰাণ হেৰুওৱা লোকসকলৰ মুখবোৰ বেয়াকৈ জ্বলি যায়। আহতসকলৰ অৱস্থাও বৰ্তমান সংকটজনক।
বিস্ফোৰণটো সংঘটিত হোৱা ঠাইৰ অট্টালিকাৰ চালখন খহি পৰিছিল।এতিয়াও ধ্বংসস্তূপৰ তলত সমাধিস্থ হৈ আছে বহুতো কৰ্মচাৰী । ধ্বংসাৱশেষ আঁতৰ কৰা কামত নিয়োজিত আছে উদ্ধাৰকাৰী দল। ধ্বংসাৱশেষ আঁতৰাবলৈ অনা হৈছে জেচিবি। এতিয়াও কাৰখানাৰ কিছু অংশলৈ বিয়পি আছে জুই। বিস্ফোৰণৰ ফলত কৰ্মচাৰীসকলৰ মাজত বিৰাজ কৰিছে আতংকময় পৰিৱেশে। ভাইৰেল হৈ পৰিছে বিস্ফোৰণৰ ভিডিঅ’ও। ভিডিঅ’টোত দেখা পোৱা গৈছে যে ফেক্টৰীৰ বিস্ফোৰণৰ ফলত ওলোৱা ক’লা ধোঁৱাই ছানি ধৰিছে আকাশ । জুইয়ো বাঢ়ি অহা দেখা গৈছে। ইফালে ঘটনাস্থলীত উপস্থিত হৈছে চিকিৎসকৰ এটা দলও। কাৰখানালৈ অনা হৈছে কেইবাখনো এম্বুলেন্স।