কিমান টকাৰ বিনিময়ত, কেনেকৈ অবৈধ বাংলাদেশীয়ে প্ৰৱেশ কৰিব পাৰে ভাৰতত? ভয়ংকৰ তথ্য পোহৰলৈ
বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশ ভাৰতৰ বাবে এক ডাঙৰ সমস্যা। অসম, পশ্চিম বংগ আদিৰ সীমান্তৰে অতি সহজে এই নাগৰিকসকলে ভাৰতত প্ৰৱেশ কৰে। শেহতীয়াকৈ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে য'ত প্ৰকাশ পাইছে কেনেকৈ দালালে টকাৰ বিনিময়ত বাংলাদেশীক দেশত প্ৰৱেশ কৰায়।
বাংলাদেশত চলি থকা অৰাজকতাৰ মাজতে ভাৰতলৈ বৃদ্ধি হৈছে অবৈধ অনুপ্ৰৱেশকাৰীৰ সংখ্যা। বিগত কেইটামান দিনত আৰক্ষীয়ে অসম, পশ্চিমবংগ আদিৰ সীমান্ত বহু বাংলাদেশী আটক কৰি নিজ দেশলৈ উভতাই পঠাইছে। আনকি আৰক্ষীৰ জালত পৰিছে কেইবাজন দালাল। জানিব পৰা মতে এই দালালসকলে টকাৰ বিনিময়ত বাংলাদেশীসকলক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰে। শেহতীয়াকৈ পশ্চিম বংগত গ্ৰেপ্তাৰ হৈছে ভুৱা পাছপোৰ্ট প্ৰস্তুত কৰা চক্ৰৰ মাষ্টাৰ মাইণ্ড মনোজ গুপ্তা। শনিবাৰে নিশা উত্তৰ ২৪ পৰগানা জিলাৰ গাইঘাটৰ পৰা চান্দপাড়া আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।
জানিব পৰা মতে, এই লোকজনে ১০ বছৰতকৈ অধিক সময় ধৰি ট্যুৰ-ট্ৰেভেল ব্যৱসায়ৰ আঁৰত ভুৱা পাছপোৰ্টৰ ব্যৱসায় চলাই আছে আৰু প্ৰায় ১০০ জনৰো অধিক বাংলাদেশীক ভাৰতৰ ভুৱা পাছপোৰ্টৰ দ্বাৰা বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিছে।তথ্য অনুসৰি জানিব পৰা মতে, মনোজ গুপ্তাই ভুৱা তথ্য তৈয়াৰ কৰি সেয়া পাছপোৰ্ট প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিছিল। অৱশ্যে ইয়াৰ বিনিময়ত তেওঁ মোটা অংকৰ ধন লৈছিল। এই চক্ৰটোত মনোজৰ লগত ছমৰেশকে ধৰি আৰু বহুলোক জড়ত হৈ আছে। গ্ৰেপ্তাৰৰ পাছতেই মনোজ গুপ্তাক আলিপুৰ কোৰ্টত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক ১০ জানুৱাৰীলৈ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে।
পৰিকল্পনা
আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি মোতিলাল গুপ্তা ৰোডস্থিত কাৰ্যালয়ত বহি মনোজে এই সমগ্ৰ ৰচিছিল। ছমৰেশ আৰু অন্য লোকসকলে পৰিকল্পনা কৰিছিল আৰু পাছত মনোজে বাংলাদেশীসকলৰ পাছপোৰ্ট প্ৰস্তুত কৰি তেওঁলোকক ট্যুৰ এণ্ড ট্ৰেভেল এজেন্সীৰ নামত বিদেশত পঠিয়াইছিল।
১০০ জনৰো অধিক বাংলাদেশী
আৰক্ষীৰ মতে, মনোজে এই এজেন্সীৰ জৰিয়তে ১০০ জনৰো অধিক বাংলাদেশীক দেশৰ বাহিৰলৈ পঠিয়াইছে। ইয়াৰ ভিতৰত মহিলাও অন্তৰ্ভুক্ত আছে। প্ৰথমে মনোজহঁতে তেওঁলোকক সীমান্ত পাৰ কৰাই পশ্চিম বংগলৈ লৈ আনে আৰু পাছত ভুৱা পাছপোৰ্টৰ সকলো কাম কৰে। উল্লেখ কৰা প্ৰয়োজন যে, এই একেই গোচৰত দীপাংকৰ দাস নামৰ এজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এই দীপাংকৰক জেৰা চলোৱাৰ অন্ততে আৰক্ষীয়ে মনোজক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
কিমান টকা লয়
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, অভিযুক্ত মনোজে বাংলাদেশী নাগৰিকৰ পৰা ৫ ৰ পৰা ১০ হাজাৰ টকা লৈ প্ৰথমে আধাৰ কাৰ্ড-পেন কাৰ্ড প্ৰস্তুত কৰে। তাৰ পাছত তেওঁলোকৰ নাম ভোটাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰায়। ইয়াৰ পাছত অভিযুক্তই ভুৱা তথ্য ব্যৱহাৰ কৰি বাংলাদেশীসকলৰ পাছপোৰ্টৰ বাবে আবেদন কৰে। এই আবেদনৰ সময়ত সকলো ভুৱা তথ্য তেওঁ দাখিল কৰে।
যেতিয়া পাছপোৰ্ট পোষ্ট অফিচ পাই তেতিয়া ডাকঘৰৰ কৰ্মচাৰীৰ লগত গোপন বুজাবুজি কৰি তাৰ পৰা পাছপোৰ্ট সংগ্ৰহ কৰে। ইয়াৰ পাছত সেই পাছপোৰ্ট বাংলাদেশী নাগৰিকক বিক্ৰী কৰা হয়। জানিব পৰা মতে মনোজে ভুৱা পাছপোৰ্টৰ নামত এজনৰ পৰা ৫ লাখ টকা পৰ্যন্ত লয়।
উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিত কেইবাটাও ভুৱা পাছপোৰ্টৰ গোচৰ পোহৰলৈ আহিছিল। ইয়াৰ পূৰ্বে আৰক্ষীয়ে আৰু কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পৰা আৰক্ষীয়ে হাৰ্ড ডিস্ক ড্ৰাইভ, এটা কম্পিউটাৰ, কেইবাটাও ভুৱা নথি-পত্ৰ আৰু এটা লেপটপ আদি জব্দ কৰিছিল। জানিব পৰা মতে এই সামগ্ৰী সমূহৰ দ্বাৰাই ভুৱা পাছপোৰ্ট প্ৰস্তুত কৰা হয়।