মৰ্মান্তিক! মাহীয়েকে বনাই থাকিল ৰীল, পৰিয়ালৰ সন্মুখতে পানীত পৰি মৃত্যু ৪ বছৰীয়া শিশুৰ | family busy with instagram reels dead 4 years old girl in ganga river uttar pradesh Assam news - Assam Tv9

মৰ্মান্তিক! মাহীয়েকে বনাই থাকিল ৰীল, পৰিয়ালৰ সন্মুখতে পানীত পৰি মৃত্যু ৪ বছৰীয়া শিশুৰ

গভীৰ পানীত ডুবি কৰুণ মৃত্যুক সাৱতি ললে এটি শিশুয়ে। দুৰ্ভাগ্যজনক এয়াই যে, পৰিয়ালৰলোকৰ সন্মুখতে এই মৰ্মান্তিক ঘটনা সংঘটিত হয়। শিশুটিৰ মৃত্যুৰ সময়ত তেওঁৰ মাহীয়েকে ৰীল বনোৱাত ব্যস্ত থকাৰ লগতে মাতৃয়ে নদীত গা ধুৱাত ব্যস্ত আছিল।

মৰ্মান্তিক! মাহীয়েকে বনাই থাকিল ৰীল, পৰিয়ালৰ সন্মুখতে পানীত পৰি মৃত্যু ৪ বছৰীয়া শিশুৰ

গংগা

Published: 

05 Nov 2024 15:15 PM

বৰ্তমান সময়ত খুব জনপ্ৰিয় হৈ পৰিছে ছ’চিয়েল মিডিয়া। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে ছ’চিয়েল মিডিয়াৰ প্ৰতি আকৰ্ষিত। ছ’চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ যিদৰে ইতিবাচক দিশ আছে সেইদৰে নেতিবাচক দিশো আছে। বহুতে ছ’চিয়েল মিডিয়াত ৰীল বনাই ভাল পায়। কিন্তু এই ৰীল বনোৱাৰ নামত কেতিয়াবা বহুতৰ জীৱনলৈ বিপদ নামি আহে। পূৰ্বতে এনে বহু ঘটনা ঘটিছে য’ত ৰীল বনোৱাৰ নামত বহুতে প্ৰাণ হেৰুৱাব লগীয়া হয়। এনে এক ঘটনা পোহৰলৈ আহিছে য’ত ৰীল বনোৱাৰ নামত এটি শিশুৰ অকাল মৃত্যু হয়। পৰিয়ালৰ সন্মুখতে পানীত ডুব যায় শিশুটি।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজীপুৰত। ঘটনাৰ বিৱৰণী অনুসৰি এটা পৰিয়াল গংগা ঘাটলৈ গৈছিল। এই গংগা নদীৰ পানীত ডুবি মৃত্যুক সাৱতি লয় ৪ বছৰীয়া এটি কনমানিয়ে। যেতিয়া শিশুটি ডুব গৈ আছিল তেতিয়া পৰিয়ালৰ কোনোলোকে গুৰুত্ব দিয়া নাছিল। তাৰ সলনি শিশুটিৰ মাহীয়েকে ইনষ্টাগ্ৰামত ৰীল বনাই বনোৱাত ব্যস্ত আছিল।

শিশুটিৰ মাহীয়েক ৰীল বনোৱাত ইমানেই ব্যস্ত আছিল যে শিশুটি ডুব যোৱাৰ কথা গ’মেই নাপালে। যেতিয়া অলপ সময় শিশুটিক কোনোৱে দেখা পোৱা নাছিল যেতিয়া পৰিয়ালৰলোকে বিচাৰিবলৈ আৰম্ভ কৰে। বিচৰাৰ অন্তত মাহীয়েকে কৰি থকা ভিডিঅ’টো পৰিয়ালৰলোকে চাই আৰু তেতিয়া দেখা পাই যে শিশুটি ইতিমধ্যে ডুব গৈছে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে।

এই ঘটনাটো গাজীপুৰ জিলাৰ ছৈদপুৰ নগৰৰ পক্কা ঘাটৰ। জানিব পৰা মতে বাৰাণসীৰ চৌবেপুৰ থানাৰ উমৰা গাঁৱৰ নিবাসী সন্দীপ পাণ্ডেৰ পত্নী অংকিতা পাণ্ডে ৪ বছৰীয়া কন্যা তন্যাৰ সৈতে ষট পূজাৰ বাবে ছৈদপুৰৰ বাউৰৱান গাঁৱলৈ আহিছিল। সোমবাৰে তেওঁ ভগ্নী স্মৃতি, বৌয়েক অৰ্চনা, মাতৃ লক্ষ্মীনা আৰু কন্যাৰ সৈতে গংগা ঘাটলৈ যায়।

মহিলাসকলে গা ধুৱাত ব্যস্ত আছিল আৰু কোনোৱে কনমানিটোলৈ লক্ষ্য কৰা নাছিল। সেই সময়ত শিশুটিৰ মাহীয়েকে ৰীল বনাই আছিল আৰু তাৰ মাজতে শিশুটি পানীত নামি যায়। সকলোৰে চকুৰ আগত শিশুটি পানীত ডুব যায়। কিন্তু মহিলাসকলৰ অসাৱধানতাৰ বাবে কনমানিটিয়ে প্ৰাণ হেৰুৱাব লগা হয়। শিশুটি নিৰুদ্দেশ হোৱাৰ পাছতেই সকলো মহিলাই বিচাৰিছিল যদিও তেতিয়ালৈকে বহু পলম হৈছিল। ইনষ্ট্ৰাৰ ভিডিঅ’ প্ৰমাণ হৈছিল যে শিশুটি গংগাত ডুব গৈছে। লগে লগে পৰিয়ালৰলোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হৈ কনমানিৰ মৃতদেহ উদ্ধাৰ কৰে।

উদ্ধাৰকাৰী দলে প্ৰায় ডেৰ ঘন্টা সময় অভিযান চলাই শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰকাৰী দলে পানীৰ প্ৰায় ৫০ মিটাৰ তলত শিশুটিক বিচাৰি পাইছিল। পৰৱৰ্তী সময়ত শিশুটিৰ মৃতদেহ হাস্পাতাললৈ নি মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক চমজাই দিয়া হয়। এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

১০৫০ কোটি টকাৰ মালিক বিৰাট কোহলি! ক্ৰিকেটৰ বাহিৰে তেওঁৰ আয়ৰ উৎস কি জানেনে...
প্ৰতিদিনে সন্ধিয়া ঘৰৰ এই স্থানত জ্বলাওক এগচি চাকি, নহয় ধনৰ অভাৱ
পৰিৱৰ্তিত বতৰত শিশুৰ যত্ন কেনেকৈ ল'ব ? গ্ৰহণ কৰক এই পদক্ষেপ...
আই পি এল ২০২৫ৰ নিলাম সন্দৰ্ভত পোহৰলৈ আহিছে এই তথ্য, ক’ত আৰু কেতিয়া হ’ব নিলাম!