5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি পুনৰ দিল্লী কঁপাব সহস্ৰ কৃষকেঃ সংসদ ঘেৰাও কাৰ্যসূচীৰে দিল্লীলৈ হাজাৰ হাজাৰ কৃষক

হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে আজি দেশৰ ৰাজধানীত গঢ়ি তুলিব ব্যাপক আন্দোলন। দীৰ্ঘদিনে কৰি অহা কেইবাটাও দাবী পূৰণ নকৰাৰ অভিযোগত আজি দিল্লীৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদী কৃষকসকলে।

আজি পুনৰ দিল্লী কঁপাব সহস্ৰ কৃষকেঃ সংসদ ঘেৰাও কাৰ্যসূচীৰে দিল্লীলৈ হাজাৰ হাজাৰ কৃষক
দিল্লী অভিমুখে প্ৰতিবাদী কৃষক
monjit-dutta
Monjit Dutta | Updated On: 02 Dec 2024 09:25 AM

আন এক কৃষক আন্দোলনে আজি কঁপাব দিল্লী। হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে আজি দেশৰ ৰাজধানীত গঢ়ি তুলিব ব্যাপক আন্দোলন। দীৰ্ঘদিনে কৰি অহা কেইবাটাও দাবী পূৰণ নকৰাৰ অভিযোগত আজি দিল্লীৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদী কৃষকসকলে। আজি নয়দাৰ মহামায়া উৰণীয়া সেতুৰ পৰা হাজাৰ হাজাৰ কৃষকে এই আন্দোনল কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে দিল্লীলৈ যাত্ৰা কৰিব। ইতিমধ্যে চাৰিদিন ধৰি যমুনা কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ সন্মুখত কৃষকসকলে ধৰ্মঘট কৰি আহিছিল।

পিছে প্ৰশাসনে তেওঁলোকৰ দাবী আওকাণ কৰি অহা বুলি কৃষকসকলে দাবী কৰিছে আৰু সেয়ে এতিয়া কৃষকসকলে দিল্লীৰ সংসদ ঘেৰাও কৰিবলৈ সাজু হৈছে। সংযুক্ত কৃষক মৰ্চাৰ বেনাৰত কৃষকসকলে তেওঁলোকৰ দাবী সন্দৰ্ভত আন্দোলন তীব্ৰতৰ কৰি তুলিছে। কৃষকৰ ক্ষতিপূৰণ, ভূমি অধিগ্ৰহণ আইনৰ সুবিধা আদি এই আন্দোলনৰ মূল উদ্দেশ্য। প্ৰতিবাদী কৃষকসকলৰ অভিযোগ, গৌতম বুদ্ধ নগৰৰ কৃষকসকলক গোৰখপুৰ ঘাইপথ প্ৰকল্পৰ দৰে চাৰিগুণ ক্ষতিপূৰণ দিয়া হোৱা নাই।

ইয়াৰ বাহিৰেও যোৱা ১০ বছৰ ধৰি চক্ৰৰ হাৰ বৃদ্ধি হোৱা নাই বুলি কৃষকসকলে অভিযোগ কৰিছে। সমান্তৰালকৈ কৃষকসকলে নতুন ভূমি অধিগ্ৰহণ আইনখনৰ সুবিধাসমূহ আৰু উচ্চ শক্তি সমিতিৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে। কিন্তু দেওবাৰে আৰক্ষী আৰু কৰ্তৃপক্ষৰ বিষয়াৰ সৈতে হোৱা বৈঠকত কৃষকসকলৰ এই দাবী নাকচ কৰা হয়। ইফালে কৃষকৰ পদযাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি নয়ডা আৰক্ষীয়ে এক বিশেষ পথ পৰিকল্পনা ৰূপায়ণ কৰিছে।

কৃষকৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি যমুনা এক্সপ্ৰেছৱে আৰু নয়ডা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱেত গধুৰ বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। লগতে ছিৰছাৰ পৰা পৰি চক হৈ সুৰজপুৰলৈ যোৱা পথসমূহত যাতায়ত বন্ধ কৰা হ’ব। আৰক্ষীয়ে সেয়ে জনসাধাৰণক এই পথকেইটাৰ বাদে অন্য পথ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। এই আন্দোলনৰ নেতৃত্ব দিয়া সংযুক্ত কৃষক মৰ্চাৰ নেতৃবৃন্দই চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কৃষকসকলৰ সমস্যাক অহৰহ আওকাণ কৰা হৈছে বুলি অভিযোগ কৰে।

ভূমি অধিগ্ৰহণৰ সৈতে জড়িত ন্যায্য ক্ষতিপূৰণৰ পৰিমাণ, শস্যৰ নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ৰ নিশ্চয়তা আৰু কৃষকৰ বাকী থকা সমস্যাসমূহৰ সমাধানৰ বাবে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি কৃষক মৰ্চাৰ নেতৃবৃন্দই উল্লেখ কৰে। এই আন্দোলনত যোগ দি্যাৰ উদ্দেশ্যে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলেও দিল্লী অভিমুখে পদযাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে।

দিল্লী অভিমুখে পদযাত্ৰা কৰাৰ সমান্তৰালকৈ কেৰালা, উত্তৰাখণ্ড আৰু তামিলনাডুৰ কৃষকসকলেও নিজ নিজ ৰাজ্যৰ বিধানসভাৰ দিশে পদযাত্ৰা কৰিব। ঋণ ৰেহাই, পেঞ্চন, বিদ্যুতৰ মাচুল হ্ৰাস, আৰক্ষীৰ গোচৰ প্ৰত্যাহাৰৰ দৰে দাবীৰে কৃষকসকলে প্ৰতিবাদ কৰিব। লগতে লখিমপুৰ খেৰীৰ হিংসাৰ বলি হোৱা লোকসকলক ন্যায় প্ৰদান আৰু ২০২০-২১ৰ কৃষক আন্দোলনত নিহত কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে কৃষকসকলে।

Latest News