আলোচনাৰ সময় শেষ, এতিয়া উচিত প্ৰত্যুত্তৰ দিব লাগে…পহলগাম আক্ৰমণক লৈ পাকিস্তানৰ বিৰুদ্ধে সৰৱ ফাৰুক আব্দুল্লা
ফাৰুক আব্দুল্লাই কয় যে সন্ত্ৰাসবাদী আক্ৰমণত বহুমূলীয়া প্ৰাণ হেৰুৱাই আমি গভীৰভাৱে দুখী। পাকিস্তানে যে মানৱতাক হত্যা কৰিছে সেই কথা এতিয়াও বুজি পোৱা নাই সেয়া দুৰ্ভাগ্যজনক। যদি তেওঁলোকে ভাবে যে আমি তেওঁলোকক সমৰ্থন কৰিম, তেন্তে তেওঁলোকে এই ভ্ৰমৰ পৰা ওলাই অহাটো প্ৰয়োজন।

ফাৰুক আব্দুল্লা
পাকিস্তানৰ সৈতে আলোচনাৰ প্ৰবল সমৰ্থক ৰাষ্ট্ৰীয় সন্মিলনৰ সভাপতি ফাৰুক আব্দুল্লাই সোমবাৰে এক বৃহৎ ঘোষণা কৰে। তেওঁ কয়, “পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতে চুবুৰীয়া দেশখনক উপযুক্ত উত্তৰ দিব”। এই আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হয়। তেওঁ কয়, ” পাকিস্তানে ভুল ধাৰণা ল’ব নালাগে যে সন্ত্ৰাসবাদৰ বাবে জম্মু-কাশ্মীৰ তেওঁলোকৰ অংশ হৈ পৰিব”।
জম্মু-কাশ্মীৰ বিধানসভা কমপ্লেক্সৰ বাহিৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মই সদায় আলোচনাক সমৰ্থন কৰি আহিছোঁ আৰু (পাকিস্তানৰ সৈতে) আলোচনা বিচাৰো, কিন্তু সন্ত্ৰাসবাদৰ বলি হোৱা পৰিয়ালক আমি কি ক’ম? এয়া ন্যায় হ’বনে?”
ফাৰুক আব্দুল্লাক প্ৰশ্ন কৰা হয় যে একাংশ লোকে কৈছে, পাকিস্তানৰ সৈতে যুদ্ধৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিব লাগে। ইয়াৰ উত্তৰত তেওঁ কয়, “ভাৰতে ২০১৯ চনৰ বালাকোট চাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে নহয় এনে প্ৰত্যুত্তৰ বিচাৰে যাতে জম্মু-কাশ্মীৰৰ ভূমিত পুনৰ কেতিয়াও এনেকুৱা ঘটনা নহয়।” তেওঁ লগতে কয়, সন্ত্ৰাসবাদী আক্ৰমণত বহুমূলীয়া জীৱন হেৰুওৱা লোকসকলৰ বাবে আমি গভীৰ শোক প্ৰকাশ কৰিছো।পাকিস্তানে যে মানৱতাক হত্যা কৰিছে সেই কথা এতিয়াও বুজি পোৱা নাই, এয়া দুৰ্ভাগ্যজনক । যদি তেওঁলোকে ভাবে যে আমি তেওঁলোকক সমৰ্থন কৰিম, তেন্তে তেওঁলোকে এই ভ্ৰমৰ পৰা ওলাই অহাটো প্ৰয়োজন।”
ইফালে সোমবাৰে পিপলছ কনফাৰেন্সৰ অধ্যক্ষ সাজাদ গণি ল’নে কয়, “পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণে কাশ্মীৰৰ জনসাধাৰণক জাগ্ৰত কৰিছে আৰু তেওঁলোকে আৰু হিংসা সহ্য নকৰে।” ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি জম্মু-কাশ্মীৰ বিধানসভাই গৃহীত কৰা প্ৰস্তাৱ সন্দৰ্ভত ল’নে কয়, “শাস্তিমূলক ব্যৱস্থাৰে লোকসকলক পিছুৱাই নিয়াৰ পৰিৱৰ্তে ইতিবাচকভাৱে লগত লৈ যাব লাগে।”
তেওঁ কয়, “জম্মু-কাশ্মীৰৰ বহু অঞ্চলত মানুহে পৰ্যটন খণ্ডৰ পৰাই জীৱিকা অৰ্জন কৰি আছে আৰু এই নৃশংস সন্ত্ৰাসবাদী আক্ৰমণ এটা প্ৰজন্মক উভালি পেলোৱাৰ প্ৰত্যক্ষ প্ৰয়াস। তেওঁ লগতে কয়, আমাৰ অতিথিসকলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ৩৫ বছৰৰ পাছত সাৰ পোৱা আমাৰ দেশৰ প্ৰতি আমি কৃতজ্ঞ”। ল’নে কয়, “ৰাজনীতি একাষৰীয়া কৰি মই বিশ্বাস কৰোঁ যে হিংসা আমাৰ সমাজত কিছু পৰিমাণে গ্ৰহণযোগ্যতা আছে, কাৰণ কিছুমান মানুহে ইয়াক বৈধ হিচাপে গ্ৰহণ কৰিছে, কিন্তু তেওঁলোকৰ সংখ্যা অহৰহ কমি আহিছে।”
উল্লেখ্য যে, প্ৰাক্তন মন্ত্ৰী ছাজ্জাদ ল’নৰ পিতৃ তথা হুৰিয়তৰ নেতা আব্দুল ঘনী ল’নকো সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল। ল’নে কয়, “কাশ্মীৰী সমাজত হিংসাৰ সামাজিক গ্ৰহণযোগ্যতা আছিল যদিও পহলগাম কাণ্ডৰ পিছত ইয়াৰ পৰিৱৰ্তন ঘটিছে।” তেওঁ কয়, “আমি দেখিলোঁ যে প্ৰতিটো পথ আৰু স্থানীয় অঞ্চলত মানুহে হিংসাৰ বিৰুদ্ধে ওলাই আহিছে। মানুহে এতিয়া হিংসা গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়, এয়া হিংসাক সামাজিক গ্ৰহণযোগ্যতাৰ অন্ত পৰাৰ আৰম্ভণি।”