চলন্ত বাহনত জুই! থিতাতে প্ৰাণ হেৰুৱালে পিতৃ আৰু ২ কন্যাই... | Father and two daughters died and 3 critical after car caught fire in Kurukshetra hariyana Assam news - Assam Tv9

চলন্ত বাহনত জুই! থিতাতে প্ৰাণ হেৰুৱালে পিতৃ আৰু ২ কন্যাই…

এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এটা পৰিয়ালৰ কেইবাজনলোকৰ। দেৱালী উদযাপনৰ পাছত পৰিয়ালৰ আটাইকেইজনলোক কৰবালৈ গৈ থকাৰ সময়তে বাহনত প্ৰচণ্ড জুই লাগে। যাৰ ফলত একেটা পৰিয়ালৰ কেইবাজনলোকৰ মৃত্যু হয়।

চলন্ত বাহনত জুই! থিতাতে প্ৰাণ হেৰুৱালে পিতৃ আৰু ২ কন্যাই...

হাৰিয়ানা

Published: 

04 Nov 2024 07:10 AM

বাহনত জুই লগাৰ ফলত কৰুণ মৃত্যুক সাৱতি ল’লে এটা পৰিয়ালৰ কেইবাজনলোকে। পৰিয়ালটোৱে কোনো ঠাইলৈ গৈ থকাৰ সময়ত বাহনখনত প্ৰচণ্ড জুই লাগে যাৰ ফলত একেটা পৰিয়ালৰ ৩ জন সদস্যৰ মৃত্য হোৱাৰ লগতে আন ৩ জন গুৰুত্বৰভাৱে আহত হয়। হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্বাহাবাদ এলেকাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। এই সন্দৰ্ভত তথ্য প্ৰদান কৰি দেওবাৰে আৰক্ষীয়ে কয় যে,শনিবাৰে নিশা পৰিয়ালটো ছোনিপটৰ পৰা চণ্ডীগড়লৈ গৈ আছিল। তেতিয়াই সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো।

আৰক্ষীয়ে কয় যে, মৃতসকল সন্দীপ কুমাৰ, তেওঁৰ কন্যা খুচী আৰু পৰী বুলি চিনাক্ত হৈছে। আনহাতে আহতসকলক চণ্ডীগড়ৰ পি জি আই এম ই আৰ হাস্পাতালত ভৰ্তি কৰোৱা হয়। অৱশ্যে কি কাৰণে বাহনখনত এই জুই লাগে এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই সমগ্ৰ বিষয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।

জানিব পৰা মতে, ছোনিপটৰ ৰহমানা গাঁৱৰ বাসিন্দা এই পৰিয়ালটোৱে দেৱালী উদযাপন কৰাৰ পাছত চণ্ডীগড়লৈ গৈ আছিল। কিন্তু হঠাৎ ৰাস্তাৰ মাজত এই বাহনখনত ভয়ংকৰ অগ্নিকাণ্ডৰ সংঘটিত হয়। চলন্ত বাহনত অগ্নিকাণ্ড হোৱাৰ ফলত বাহনখনত থকা পিতৃ আৰু তেওঁৰ দুই কন্যাৰ মৃত্যু হয়। দুৰ্ঘটনাটো শনিবাৰে নিশা প্ৰায় ১১ বজাত ৰাষ্ট্ৰীয় ঘাইপথত শ্বাহাবাদৰ মহদী গাঁৱৰ সমীপত নিউ সুখদেৱ ধাবাৰ সমীপত সংঘটিত হয়।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে বাহনখনত জুই লগাৰ ফলত লক হৈ যায় যাৰ বাবে বাহনত থকা আটাইকেইজনলোক বাহনখনৰ ভিতৰতে আৱদ্ধ হৈ পৰে। বাহনখনত এটা পৰিয়ালৰে ৮ জনকৈ লোক আছিল। বহু চেষ্টাৰ অন্তত গাড়ীৰ চালকে বাহনখনৰ লক খুলিবলৈ সক্ষম হয় যদিও তেতিয়ালৈকে ৬ জনলোক অগ্নিদগ্ধ হৈ পৰিছিল। দুৰ্ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটাইকেইজনে আদেশ মেডিকেল কলেজত ভৰ্তি কৰায়। কিন্তু হাস্পাতালত চিকিৎসকে সন্দীপ কুমাৰ (৩৭), তেওঁৰ কন্যা পৰী (৬), খুচী (১০) ক মৃত ঘোষণা কৰে।

আনহাতে এই ঘটনাৰ ফলত ৩ জনলোক গুৰুত্বৰভাৱে আহত হয়। বৰ্তমান আহতসকল চিকিৎসাধীন হৈ আছে। কি কাৰণে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ বাহনখনত জুই লাগিল আৰু কেনেকৈ পৰিয়ালটোৰ সদস্যসকলৰ মৃত্যু হল। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰতিদিনে সন্ধিয়া ঘৰৰ এই স্থানত জ্বলাওক এগচি চাকি, নহয় ধনৰ অভাৱ
পৰিৱৰ্তিত বতৰত শিশুৰ যত্ন কেনেকৈ ল'ব ? গ্ৰহণ কৰক এই পদক্ষেপ...
আই পি এল ২০২৫ৰ নিলাম সন্দৰ্ভত পোহৰলৈ আহিছে এই তথ্য, ক’ত আৰু কেতিয়া হ’ব নিলাম!
কিয় ওলোটাকৈ বয় কাশীৰ গংগা...