লজ্জাজনক! পাষাণ পিতৃৰ জঘন্য কাণ্ড, সাৰি নগ’ল নিজ কন্যা…
এক ভয়ংকৰ ঘটনাই জোকাৰি গ'ল এটা অঞ্চল। পিতৃ কু-কাণ্ডৰ পৰা সাৰি নগ'ল এগৰাকী কন্যা সন্তানো। এই ঘটনা ইমানেই নৃশংস যে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।
এগৰাকী কন্যাৰ বাবে তেওঁৰ পিতৃ এজন মহান লোক হয়, যিয়ে পৃথিৱীৰ সকলো বেয়া দিশৰ পৰা নিজ কন্যাক আঁতৰত ৰাখে। অতি পবিত্ৰ এই পিতৃ-কন্যাৰ সম্পৰ্ক। কোৱা হয়, পিতৃ- মাতৃয়ে নিজ সন্তানৰ সুখৰ বাবে সকলো কামেই কৰিব পাৰে। কিন্তু এনে পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এজন পাষাণ পিতৃয়ে। নিকৃষ্টতাৰ সকলো সীমা পাৰ কৰি পিতৃয়ে নিজ কন্যাক বিগত ৪ বছৰ ধৰি ধৰ্ষণ কৰে। জানিব পৰা মতে কন্যাগৰাকীৰ মাতৃৰ মৃত্যুৰ পাছতেই পিতৃয়ে এই জঘন্য কাণ্ড সংঘটিত কৰাৰ আৰম্ভ কৰে আৰু কন্যাৰ বিয়াৰ পাছতো ৰেহাই নিদিয়ে। শেহতীয়াকৈ পোহৰলৈ অহা এই ঘটনাই সমগ্ৰ মানৱ জাতিক লজ্জিত কৰিছে।
এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ফৰিদাবাদ চহৰত। জানিব পৰা মতে এটা এন জি অলৈ গৈ কন্যাগৰাকীয়ে ফৰিদাবাদৰ বল্লভগড়ৰ ৰাহুল কলনীত বসবাস কৰা পিতৃৰ কথা অৱগত কৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ কৰা অনুসৰি যুৱতীগৰাকী সৰু থাকতে মাতৃৰ মৃত্যু হৈছিল আৰু তাৰ পাছৰ পৰাই পাষাণ পিতৃয়ে এই জঘন্য কাণ্ড সংঘটিত কৰি আহিছে।
যুৱতীগৰাকীয়ে জনাই যে, প্ৰাপ্ত বয়স্ত হোৱাৰ পাছত তেওঁ নিজৰ ইচ্ছা অনুসৰি বিয়া হয় কিন্তু বিয়াৰ পাছতো পাষাণ পিতৃয়ে তেওঁক কামনাৰ বলি বনাইয়ে থাকিব। পিতৃৰ কু কৰ্মৰ পৰা তেওঁ সাৰি যাব পৰা নাছিল। বিয়াৰ পাছত যুৱতীগৰাকীয়ে নিজ স্বামীৰ লগত পিতৃ গৃহতে আছিল। কিন্তু যেতিয়া যুৱতীগৰাকীৰ স্বামী কোনো কামত ঘৰৰ বাহিৰত যায় তেতিয়া পিতৃয়ে এই জঘন্য কাণ্ড সংঘটিত কৰে। প্ৰায় ৪ বছৰ ধৰি এনে জঘন্য কাণ্ড সংঘটিত কৰি আহিছে পিতৃয়ে কিন্তু যুৱতীগৰাকীয়ে এই ক্ষেত্ৰত আনৰ সহায় ল’ব পৰা নাছিল। কিয়নো এই বিষয়ে কাৰোবাক অৱগত কৰিলে হত্যাৰ ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন কৰে কন্যাই।
চাৰি বছৰ ধৰি সকলো সহ্য কৰাৰ অন্তত যুৱতীগৰাকী পিতৃৰ বিৰুদ্ধে থিয় দি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। প্ৰথম অৱস্থাত যুৱতীগৰাকী এটা এন জি অ’ৰ কাষ চাপি বাপেকৰ কু কাণ্ডৰ বিষয়ে সকলো কথা খুলি কয় আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি লোকজনক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত অভিযুক্তক পৰ্যায়ক্ৰমে আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁ ১০ বছৰ জেল আৰু ৬ বছৰৰ কাৰাদণ্ড বিহে।