চিকিৎসকৰ কাণ্ড! ৰোগীৰ সলনি অস্ত্ৰোপচাৰ কৰিলে পিতৃৰ, তাৰ পাছত…
এক আজৱ ঘটনা। চিকিৎসকৰ গাফলতিৰ বাবে এজন ব্যক্তিৰ জীৱনলৈ নামি আহিছে অশনি সংকেত। জানিব পৰা মতে, ভুলঃক্ৰমে চিকিৎসকে ৰোগীৰ সলনি পিতৃৰ অস্ত্ৰোপচাৰ কৰে।

ৰাজ্যত বহু সময়ত কিছুমান আজৱ ঘটনা সংঘটিত হোৱা দেখা যায়। এনে এক ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে, য’ত চিকিৎসকৰ দ্বাৰা হোৱা ভুলে জীৱনৰ বাবে ভাবুকি মাতি আনিছে এজনলৈ। ৰাজস্থানৰ কোটা মেডিকেল কলেজ হাস্পতালৰ পৰা পোহৰলৈ আহিছে চিকিৎসকৰ গাফিলতিৰ এক চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, চিকিৎসকে ৰোগীৰ সলনি তেওঁৰ পিতৃৰ অস্ত্ৰোপচাৰ কৰে। যেতিয়া চিকিৎসকে ভুলৰ কথা জানিব পাৰে তেতিয়া চিকিৎসকে তেওঁক অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত বহুৱাই দিয়ে। ইয়াৰ পাছতে এই ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে।
এই ঘটনা ১২ এপ্ৰিলত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত চলি আছে। জানিব পৰা মতে, জিলাখনৰ অটৰুৰ নিবাসী মনীষ নামৰ লোকজন কিছুদিন পূৰ্বে পথ দুৰ্ঘটনাতপতিত হৈছিল। মনীষৰ চিকিৎসাৰ বাবে তেওঁলোক হাস্পাতাললৈ গৈছিল। চিকিৎসকে কৈছিল যে তেওঁৰ হাতখনৰ অস্ত্ৰোপচাৰ কৰিব লাগিব। কিন্তু আচৰিত কথা এয়াই যে,চিকিৎসকে মনীষৰ সলনি তেওঁৰ পিতৃৰ অস্ত্ৰোপচাৰ কৰে। পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে যে মনীষৰ পিতৃক চিকিৎসকে অপাৰেশ্যন থিয়েটাৰলৈ নি অস্ত্ৰোপচাৰ কৰে।
এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগৰ পৰিয়ালে হাস্পাতাল কৰ্তৃপক্ষৰ ওচৰত লিখিত এজাহাৰ দাখিল কৰিছে। জানিব পৰা মতে, জগদীশ নামৰ এজন ৰোগী অস্ত্ৰোপচাৰ কৰিবলগীয়া আছিল। আনফালে মনীষৰ পিতৃৰ নামো আছিল জগদীশ। অস্ত্ৰোপচাৰৰ সময়ত অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত দুয়োজন জগদীশ বহি আছিল। হাস্পাতালৰ কৰ্মচাৰীয়ে অস্ত্ৰোপচাৰৰ বাবে যেতিয়া জগদীশৰ নাম মাতিছিল তেতিয়া মনীষৰ পিতৃ উঠি গৈছিল।
জানিব পৰা মতে, হাস্পাতালৰ কৰ্মচাৰীসকলে জগদীশৰ কোনো নথি পত্ৰ পৰীক্ষা নকৰাকৈয়ে অচেতন কৰি অস্ত্ৰোপচাৰ আৰম্ভ কৰে। যেতিয়া চিকিৎসকসকলে জগদীশ সন্দৰ্ভত তথ্য জানিব পাৰে লগে লগে হাতখন চিলাই কৰি তেওঁক অ’টিৰ বাহিৰত বহুৱাই থয়। এই ঘটনাই সমগ্ৰ হাস্পাতালখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে ৰোগীৰ সুৰক্ষাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। গতিকে এই বিষয়টোক লৈ হাস্পাতাল কৰ্তৃপক্ষই কি ব্যৱস্থা হয় সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।