৭ বছৰীয়া কন্যাৰ সৈতে পিতৃৰ ভয়ংকৰ কাণ্ড…

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এখন কাৰাগাৰ। নিজ কন্যাৰ লগত দুষ্কৰ্ম কৰাৰ অভিযোগত আদালতে আজীৱন কাৰাদণ্ড বিহে এজন পিতৃক। কিন্তু তাৰ পাছতে অভিযুক্তই গ্ৰহণ কৰে চৰম পন্থা।

৭ বছৰীয়া কন্যাৰ সৈতে পিতৃৰ ভয়ংকৰ কাণ্ড...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

13 Mar 2025 09:33 AM

মানুহ কিমান বেছি নীচ হ’লে নিজ কন্যাক বেয়া চকুৰে চাব পাৰে? কিমান বেছি নৃশংস হ’লে নিজ কন্যাৰ লগত দুষ্কৰ্ম কৰিব পাৰে? আচৰিত, ঘৃণনীয় লাগিলেও এয়া যেন সত্য। নিজৰ ৭ বছৰীয়া কন্যাক ধৰ্ষণ কৰা পিতৃয়ে অৱশেষত গ্ৰহণ কৰিলে চৰম পন্থা। এই অভিযুক্তজনক প্ৰায় দুদিন পূৰ্বে আদালতে আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল, কিন্তু তাৰ মাজতে অভিযুক্তই ফাঁচী লগাই আত্মহত্যা কৰে। বুকু কঁপি যোৱা এই জঘন্য কাণ্ড মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অন্ততহে জানিব পৰা যাব অভিযুক্তৰ মৃত্যুৰ কাৰণ। খাণ্ডৱা আৰক্ষীৰ মতে, অভিযুক্তই ৪ বছৰ ধৰি নিজৰ ৭ বছৰীয়া কন্যাক ধৰ্ষণ কৰি আহিছিল। এই কথা গম পোৱাৰ পাছত শিশুটিৰ মাতৃয়ে ২০২১ চনত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। এই ঘটনাৰ শুনানি ফাষ্ট ট্ৰেক আদালতত হয় য’ত অভিযুক্তক দোষী সাব্যস্ত কৰা হয়।

এই ঘটনাত অতি জঘন্য বুলি বিবেচিত কৰি আদালতে দুদিন পূৰ্বে অভিযুক্তক আজীৱন কাৰাদণ্ড বিহিছিল। আৰক্ষীৰ মতে, এই ঘটনাৰ শুনানিৰ মাজতে ভুক্তভোগী শিশুটিৰ মৃত্যু হয়। আৰক্ষীয়ে কয় যে, আদালতৰ শাস্তিৰ পাছত অভিযুক্তক বিশেষ সুৰক্ষাৰ মাজত ৰখা হৈছিল কিন্তু মঙলবাৰে সন্ধিয়া পাইজামাৰ ৰচী ব্যৱহাৰ কৰি তেওঁ চৰম পন্থা বাছি লয়।

এই ঘটনাৰ পাছতেই কাৰাগাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। লগে লগে এই বিষয়ে আৰক্ষীক অৱগত কৰা হয় আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনা কাৰাগাৰৰ ভিতৰত সংঘটিত হৈছে যাৰ বাবে বিষয়টোৰ তদন্তৰ বাবে ন্যায়িক দণ্ডাধীশ নিযুক্তি দিয়া হৈছে। জানিব পৰা মতে, জেলৰ ভিতৰত চৰম পন্থা বাছি লোৱা অভিযুক্তই ২০২১ চনৰ পৰা কাৰাগাৰত আছিল।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ