5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কোঠা নং -২০৪! উদ্ধাৰ মহিলা হকী খেলুৱৈৰ মৃতদেহ…

যুৱতীগৰাকীয়ে নিশা কবিতা নামৰ এগৰাকী যুৱতীক বাৰে বাৰে ফোন কৰিছিল যদিও কোনোৱে ফোন ৰিচিভ কৰা নাছিল। সোমবাৰে পুৱা কবিতাৰ নম্বৰৰ পৰা যুৱতীগৰাকীলৈ ফোন আহিছিল কিন্তু তেতিয়ালৈকে যুৱতীগৰাকীৰ মৃত্যু হৈছিল।

কোঠা নং -২০৪! উদ্ধাৰ মহিলা হকী খেলুৱৈৰ মৃতদেহ…
প্ৰতীকি ফটো
barasha-sarma
Barasha Sarma | Updated On: 01 Oct 2024 16:45 PM

হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছে এগৰাকী মহিলা হকী খেলুৱৈৰ মৃতদেহ। ২৯ ছেপ্টেম্বৰত যুৱতীগৰাকীয়ে নিজৰ নামত ২০৪ নম্বৰ কোঠা ভাড়ালৈ বুলি লৈছিল। কিন্তু ৩০ ছেপ্টেম্বৰত সেই যুৱতীগৰাকীৰ মৃতদেহ ফাঁচী লগাই থকা অৱস্থাত উদ্ধাৰ হয়। হোটেল কৰ্তৃপক্ষই জনোৱা অনুসৰি দেওবাৰে এজন যুৱকে মহিলাগৰাকীক লগ কৰিবলৈ আহিছিল। আৰক্ষীয়ে সেই যুৱকজনক আটক কৰি বৰ্তমান সোধ- পোচ অব্যাহত ৰাখিছে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ‘ষ্টাৰ অৱ তাজ’ নামৰ হোটেলখনত। মৃত যুৱতীগৰাকী ২২ বছৰয়ী হকী খেলুৱৈ আছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰা যুৱকজনৰ নাম গগন। জানিব পৰা মতে যুৱতীগৰাকীৰ পৰিয়ালৰলোকে ২০২০ চনত গগনৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ আৰু চলিত বৰ্ষত বেয়া ব্যৱহাৰ কৰাৰ গোচৰ ৰুজু কৰিছিল। যাৰ বাবে গগন জেললৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।

যুৱতীগৰাকীৰ মৃত্যুৰ পাছতে পৰিয়ালৰলোকে অভিযোগ তুলিছে যে গগনে যুৱতীগৰাকীক হত্যা কৰিছে অথবা আত্মহত্যা কৰাৰ বাবে বাধ্য কৰাইছে। যুৱতীগৰাকীৰ পৰিয়ালে কয়, গগন আৰু যুৱতীগৰাকীৰ ধৰ্ম বেলেগ। কিন্তু তাৰ পাছতো যোৱা ৪ বছৰ ধৰি গগনে যুৱতীগৰাকীক হাৰাশাস্তি কৰি আহিছিল। কিছুমাহ পূৰ্বেই জেলৰ পৰা ওলাই আহিছিল গগন।

এচিপি চৈয়দ আৰব আহমেদে কয় যে, হোটেল ষ্টাৰ অৱ তাজৰ পৰা আমি সোমবাৰে তথ্য লাভ কৰিছিলো যে ২০৪ নম্বৰ কোঠাত এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিছে। ইয়াৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু ফৰেন্সিক দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাৰ তদন্তৰ সময়ত আৰক্ষীয়ে হোটেলৰ কৰ্মচাৰীৰ জেৰা চলোৱাৰ লগতে চিচিটিভি ফুটেজো পৰীক্ষা কৰে। আৰক্ষীৰ জেৰাত হোটেল কৰ্মচাৰীয়ে জনাই যে দেওবাৰে সন্ধিয়া যুৱতীগৰাকী হোটেললৈ আহিছিল আৰু ২০৪ নম্বৰ কোঠা ভাড়ালৈ লৈছিল। সেইদিনাই এজন যুৱকে যুৱতীগৰাকীক লগ কৰিবলৈ আহিছিল।

হোটেল কৰ্মচাৰীয়ে কয় যে, নিশা ১১.৩০ মান বজাত তেওঁলোকে ৰাতিৰ আহাৰৰ কথা সুধিছিল যদিও যুৱতীগৰাকীয়ে খাদ্য নাখাও বুলি কৈছিল। সোমবাৰে ১২ মান বজালৈ যেতিয়া যুৱতীগৰাকীয়ে দুৱাৰ খোলা নাছিল তেতিয়া হোটেলৰ কৰ্মচাৰীয়ে দুৱাৰত টোকৰ মাৰে। কিন্তু যুৱতীগৰাকীয়ে কোনো প্ৰত্যুত্তৰ দিয়া নাছিল। সেয়ে হোটেলৰ কৰ্মচাৰীয়ে মাষ্টাৰ চাবিৰে দুৱাৰ খোলে আৰু দেখা পায় যুৱতীগৰাকীয়ে আত্মহত্যা কৰিছে।

আৰক্ষীয়ে কয় যে, যুৱতীগৰাকীৰ মোবাইলৰ পৰা বহু তথ্য উদ্ধাৰ হৈছে। যুৱতীগৰাকীয়ে নিশা কবিতা নামৰ এগৰাকী যুৱতীক বাৰে বাৰে ফোন কৰিছিল যদিও কোনোৱে ফোন ৰিচিভ কৰা নাছিল। সোমবাৰে পুৱা কবিতাৰ নম্বৰৰ পৰা যুৱতীগৰাকীলৈ ফোন আহিছিল কিন্তু তেতিয়ালৈকে যুৱতীগৰাকীৰ মৃত্যু হৈছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে গগনৰ নম্বৰটোৱে যুৱতীগৰাকীয়ে কবিতা নামেৰে ছেভ কৰি ৰাখিছিল। মৃত্যুৰ পূৰ্বে যুৱতীগৰাকীয়ে লিখিছিল- বহুত অকলশৰীয়া অনুভৱ কৰিছো, মনটো ভাল লাগি থকা নাই।

ঘটনা সন্দৰ্ভত গগনে কৈছে যে, যুৱতীগৰাকী আৰু তেওঁৰ মাজত ভাল সম্পৰ্ক আছিল। কিন্তু দুয়োৰে ধৰ্ম বেলেগ আছিল যাৰ বাবে যুৱতীগৰাকীৰ পৰিয়ালৰলোকে তেওঁৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিছিল। গগনৰ জামিনো যুৱতীগৰাকীয়ে কৰাইছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Latest News