'পাবলৈ আছে বাকীৰ ধন', বৰবিহ সেৱন কৰিলে একেটা পৰিয়ালৰে ৯ জন লোকে.. | Financial Trouble Forces Rajkot Family To Attempt Suicide in Gujarat Assam news - Assam Tv9

‘পাবলৈ আছে বাকীৰ ধন’, বৰবিহ সেৱন কৰিলে একেটা পৰিয়ালৰে ৯ জন লোকে…

Published: 

23 Sep 2024 16:01 PM

একেটা পৰিয়ালৰ ৯ জন লোকে বিষ সেৱন কৰি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা কৰাৰ খবৰ প্ৰকাশ পাইছে । যেতিয়া তেওঁলোকৰ বিষ সেৱন কৰাৰ পাছত স্বাস্থ্য অৱনতি ঘটিছিল, তেতিয়া তেওঁলোকে নিজেই আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল। ইয়াৰ পাছত তেওঁলোকক চিকিৎসালয়ক ভৰ্তি কৰা হয় ।

পাবলৈ আছে বাকীৰ ধন, বৰবিহ সেৱন কৰিলে একেটা পৰিয়ালৰে ৯ জন লোকে...

প্ৰতীকী ফটো

Follow Us On

এক মৰ্মান্তিক ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে । খবৰ অনুসৰি, গুজৰাটৰ ৰাজকোটত একেটা পৰিয়ালৰ ৯ জন লোকে বিষ সেৱন কৰি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা কৰাৰ খবৰ প্ৰকাশ পাইছে । যেতিয়া তেওঁলোকৰ বিষ সেৱন কৰাৰ পাছত স্বাস্থ্য অৱনতি ঘটিছিল, তেতিয়া তেওঁলোকে নিজেই আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল। ইয়াৰ পাছত তেওঁলোকক চিকিৎসালয়ক ভৰ্তি কৰা হয় । সূত্ৰৰ খবৰ অনুসৰি, বিষ সেৱন কৰা পৰিয়ালটোৰ নিজাকৈ গহনা ব্যৱসায় আছে।

তথ্য অনুসৰি ঘৰৰ মুৰব্বীয়ে একাংশ ব্যৱসায়ীক ২ কোটি টকাৰ বাকী দিছিল। কিন্তু ব্যৱসায়ীসকলে তেওঁৰ ধন ঘূৰাই দিয়া নাছিল। এনে পৰিস্থিতিত পৰিয়ালটোৰ আৰ্থিক অৱস্থা বেয়া হৈ আহিছিল। ক’তো সমাধান নোপোৱাত পৰিয়ালসহ জুৱেলাৰীজনে চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা কৰে । আচৰিত কথাটো হ’ল- যেতিয়া তেওঁ বিষ সেৱন কৰিছিল তেতিয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁ নিজেই আৰক্ষীক খবৰ দিয়ে। এম্বুলেন্স এখনো মাতি অনা হয় আৰু লগে লগে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

পৰিয়ালৰ মুৰব্বীজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। গুজৰাটৰ ৰাজকোটৰ গুণ্ডাৱাড়ী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। এগৰাকী আৰক্ষীৰ বিষয়াই এই ঘটনা সন্দৰ্ভত কয় যে- যোৱা বছৰ জুৱেলাৰীজনৰ পৰিয়ালে মুম্বাইৰ দুজন ব্যৱসায়ীক প্ৰায় ২ কোটি টকাৰ ৩ কেজি সোণৰ গহনা বিক্ৰী কৰিছিল। যি টকা সেই ব্যৱসায়ীসকলে এতিয়াও দিয়া নাই। এনে পৰিস্থিতিত মানসিক স্থিতি হেৰুৱাই জুৱেলাৰীজনৰ পৰিয়ালে এই পদক্ষেপ গ্ৰহণ কৰিলে।

আৰক্ষীয়ে জনোৱা মতে, বিষ সেৱন কৰাসকলৰ ভিতৰত এজন ৮ বছৰীয়া শিশু আৰু এগৰাকী ৬৭ বছৰীয়া বৃদ্ধাও আছে। পৰিয়ালৰ সদস্য তথা গহনা ব্যৱসায়ৰ অংশীদাৰ কেতন আদেছাৰা নামৰ লোকজনে কয় যে, ‘মুম্বাইৰ ব্যৱসায়ীসকলে ২০২৩ চনৰ দীপাৱলীৰ আগত গহনাবোৰৰ বিনিয়মত ধন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু তেওঁলোকে এতিয়ালৈকে ধন দিব পৰা নাই। এনে পৰিস্থিতিত আদেছাৰা পৰিয়ালটো নিজেই আৰ্থিক সংকটৰ সন্মুখীন হৈছে । পৰিস্থিতি এনে হৈ পৰিছে যে, তেওঁ বেংকৰ ঋণৰ কিস্তিও দিব পৰা নাই।

এই কথাত মানসিকভাৱে ভাগি পৰা পৰিয়ালটোৱে একেলগে ইমান ডাঙৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত ল’লে। চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা কৰা ব্যৱসায়ীজনে কয়, ‘মুম্বাইৰ দুজন ব্যৱসায়ীয়ে ইজনে সিজনৰ অংশীদাৰ । বিশ্বাসত ব্যৱসায়ী দুজনে মোৰ পৰা সোণৰ গহনা কিনিবলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত তেওঁলোকে সময়মতে ধন দি থাকিল, পিছলৈ লাহে লাহে তেওঁলোকে বাকী কৰিবলৈ ধৰিলে আৰু মোৰ পৰা দুই কোটি টকাৰ সোণৰ গহনা বাকী কৰি লৈ গ’ল। এতিয়া মোৰ টকা নিদিয়ে। এনে পৰিস্থিতিত আৰ্থিক সংকটত মানসিক স্থিতি নোহোৱা হ’ল আৰু আমি চৰম সিদ্ধান্ত লোৱাৰ কথা ভাবিলোঁ।’

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version