প্ৰয়াগৰাজৰ মহাকুম্ভত বিধ্বংসী অগ্নিকাণ্ড! ভস্মীভূত হ’ল ২০-২৫টাকৈ কেম্প

অগ্নিকাণ্ডই বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কিয়নো বিস্ফোৰিত হৈছে  এটাৰ পাছত আনটো চিলিণ্ডাৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত দ্ৰুতগতিত বিয়পি পৰিছে জুই ।অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে সমগ্ৰ মেলা অঞ্চলটোত এক বিশৃংখলতাৰ পৰিস্থিতি সৃষ্টি হৈছে।

প্ৰয়াগৰাজৰ মহাকুম্ভত বিধ্বংসী অগ্নিকাণ্ড! ভস্মীভূত হল ২০-২৫টাকৈ কেম্প

মহাকুম্ভত বিধ্বংসী অগ্নিকাণ্ড!

Updated On: 

19 Jan 2025 17:53 PM

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা কুম্ভমেলাত বিধ্বংসী অগ্নিকাণ্ড। জানিব পৰা মতে বিবেকানন্দ সেৱা সমিতি বাৰাণসীৰ কেম্পত ৰন্ধাৰ সময়ত এই জুইৰ সূত্ৰপাত হয়। অৱশ্যে, ইয়াক আনুষ্ঠানিকভাৱে নিশ্চিত প্ৰদান কৰা নাই। জুইয়ে আগুৰি ধৰিছে কেম্পসমূহত।  যাৰ ফলত তাত থকা গেছ চিলিণ্ডাৰবোৰ বিস্ফোৰিত হয়। যাৰ ফলত ভস্মীভূত বয় ২০ৰ পৰা ২৫টাকৈ কেম্প।

জুই নুমুৱাবলৈ  ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে ছয়খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। ইতিমধ্যে বিয়পিবলৈ আৰম্ভ কৰিছে জুই। জুই নিয়ন্ত্ৰণ কৰাৰ বাবে অঞ্চলটো খালি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষী আৰু এনডিআৰএফৰ দলে । শাস্ত্ৰী ব্ৰীজ আৰু ৰে’লৱে ব্ৰীজৰ মাজত লাগিছে জুই। সমগ্ৰ অঞ্চলটো মহাকুম্ভ মেলা অঞ্চলৰ অন্তৰ্গত।

এই অগ্নিকাণ্ডই বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কিয়নো বিস্ফোৰিত হৈছে  এটাৰ পাছত আনটো চিলিণ্ডাৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত দ্ৰুতগতিত বিয়পি পৰিছে জুই ।অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে সমগ্ৰ মেলা অঞ্চলটোত এক বিশৃংখলতাৰ পৰিস্থিতি সৃষ্টি হৈছে। জুই লগা অঞ্চলৰ পৰা সুৰক্ষিত স্থানত অৱস্থান কৰিছে সকলো লোকে।

অৱশ্যে ঘটনাটোত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। কিন্তু ছেক্টৰ ৫ৰ জুই ক্ৰমান্বয়ে ১৯ আৰু ২০ছেক্টৰলৈ বিয়পি পৰিছে। ইফালে তীব্ৰ বতাহৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰিছে আৰু চাৰিওফালৰ কেম্পবোৰ আগুৰি ধৰিছে। জিলা প্ৰশাসনে টিভি9ক জনোৱা মতে বৰ্তমান নিয়ন্ত্ৰণলৈ অনা হৈছে জুই। প্ৰশাসনে আহ্বান জনাইছে যে চিন্তা কৰাৰ প্ৰয়োজন নাই। উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈ আহ্বান প্ৰশাসনৰ। অৱশ্যে,  প্ৰশাসনে এই কথা উল্লেখ কৰা নাই যে জুইৰ সূত্ৰপাত কেনেদৰে হৈছিল আৰু কেনেকৈ এনে বিধ্বংসী ৰূপ লৈছিল?

উল্লেখ্য যে কুম্ভমেলত ভক্তসকল থাকিবলৈ বাবে মেলা অঞ্চলত কেম্পৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে ভক্তসকলে পৰিশোধ কৰিব লাগে। অগ্নিকাণ্ডৰ আৰম্ভণি এই কেম্পৰ পৰাই হৈছিল। কেম্পত থকা আৰু খোৱাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা আছে। কোৱা হৈছে যে কেম্পত থকা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিছত জুই সূত্ৰপাত হৈছিল। কেম্পবোৰ শাৰী শাৰীকৈ আশে-পাশে বনোৱা হৈছে। সেয়েহে বহুতো কেম্পক আগুৰি ধৰিছে জুইয়ে।

অগ্নিকাণ্ডৰ পিছত উত্তৰ প্ৰদেশৰ যোগী চৰকাৰক সমালোচনা কৰে সমাজবাদী পাৰ্টীয়ে। দলটোৱে কয় যে মুখ্যমন্ত্ৰী যোগীয়ে মেলাৰ উন্নত ব্যৱস্থা সন্দৰ্ভত কৈ সকলোকেআমন্ত্ৰণ জনাইছিল, এয়াই সেই ব্যৱস্থা নেকি যি আজি দেখা গৈছে? সঁচা কথাটো হ’ল যে মুখ্যমন্ত্ৰী যোগীয়ে কেৱল মিছা প্ৰচাৰ আৰু দুৰ্নীতি কৰিছে। বাকী নিৰাপত্তা ব্যৱস্থা কেৱল ভগৱান ৰামৰ ওপৰত নিৰ্ভৰশীল।

প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া