শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শুই থাকোতে লাগিল জুই, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ২ ভাতৃৰ…

এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে ২ ভাতৃয়ে। জানিব পৰা মতে, ঘটনাৰ সময়ত ঘৰত দুয়ো শুই আছিল আৰু তেতিয়াই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

শুই থাকোতে লাগিল জুই, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ২ ভাতৃৰ…
প্ৰতীকি ফটোImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 30 Mar 2025 21:01 PM

এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে দুই ভাতৃয়ে। জানিব পৰা মতে, শুই থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হয়, যাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ ২ ভাতৃৰ মৃত্যু হোৱাৰ লগতে পিতৃ গুৰুতৰভাৱে আহত হয়। ঘটনাৰ লগে লগে পিতৃক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ পাছতেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। এই শোকাবহ ঘটনা সংঘটিত হৈছে বিহাৰৰ খগড়িয়াত। তথ্য় অনুসৰি, দুৰ্ঘটনাৰ সময়ত ঘৰটোত খাদ্য ৰান্ধি আছিল। সেই সময়তে ওচৰতে থকা খেৰত জুই লাগে আৰু লাহে লাগে সমগ্ৰ ঘৰটোত জুই বিয়পি পৰে।

এই অগ্নিদগ্ধৰ ঘটনাৰ ফলত থিতাতে অগ্নিদগ্ধ গৈ মৃত্যু মুখত পৰে দুই ভাতৃ। দেওবাৰে বিয়লি খাগড়িয়াৰ মানসী থানা এলেকাৰ অন্তৰ্গত বংগালীয়াত গাঁৱত এই ঘটনা সংঘটিত হয়। সঞ্জয় সিঙৰ ঘৰত হোৱা এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয়লোকে জনোৱা মতে, ঘটনাৰ সময়ত দুই ভাতৃ শুই আছিল। গাঁৱৰ ৰাইজে ঘটনাৰ বিষয়ে গম পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও সফল নহয়।

শিশুকেইটাক উদ্ধাৰ কৰিবলৈ পিতৃয়ে জুইৰ মাজত জপিয়াই পৰিছিল যদিও তেতিয়ালৈকে মৃত্যু হয় দুয়োৰে। এই ঘটনাৰ ফলত পিতৃ গুৰুতৰভাৱে আহত হয় আৰু লগে লগে তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয়। সঞ্জয় সিঙৰ পৰা সূত্ৰপাত হোৱা এই জুই ওচৰৰ আন ৪ টা ঘৰতো আগুৰি ধৰে। ঘটনাৰ পাছক অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণ কৰে। দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা এটি শিশুৰ বয়স ৫ বছৰ আৰু আনজনৰ বয়স ৩ বছৰ।

স্থানীয় ৰাইজে কয় যে দুপৰীয়া খাদ্য ৰান্ধি থাকোতে জুপুৰি সদৃশ ঘৰটোত এই কাণ্ড সংঘটিত হয়। যাৰ ফলত ঘৰটো জুইয়ে আগুৰি ধৰে। জুইৰ শিখা ইমানেই তীব্ৰ আছিল যে শিশু কেইটাই পলায়নৰ সুযোগো নাপালে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।