চিকিৎসালয়ৰ বেবী ৱাৰ্ডত বিধ্বংসী অগ্নিকাণ্ড! ১০টিকৈ শিশুৰ মৃত্যু, গুৰুতৰভাৱে আহত হৈছে কেইবাটিও শিশু

উত্তৰ প্ৰদেশৰ ঝান্সি চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। চিকিৎসালয়খনৰ বেবী ৱাৰ্ডত লাগিল জুই। বেবী ৱাৰ্ডত ভৰ্তি হৈ আছিল বহুকেইটি শিশু । এতিয়ালৈকে ১০টা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৪০টা শিশুক জীৱন্তে উদ্ধাৰ কৰা হৈছে। সমগ্ৰ চিকিৎসা মহাবিদ্যালয়খনৰ বিদ্যুৎ যোগান ব্যহত কৰা হৈছে। এই দুৰ্ঘটনাটোৰ ভয়ংকৰ দৃশ্য বৰ্ণনা কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকসকলে।

চিকিৎসালয়ৰ বেবী ৱাৰ্ডত বিধ্বংসী অগ্নিকাণ্ড! ১০টিকৈ শিশুৰ মৃত্যু, গুৰুতৰভাৱে আহত হৈছে কেইবাটিও শিশু

উত্তৰ প্ৰদেশৰ ঝান্সি চিকিৎসা মহাবিদ্যালয়ত

Updated On: 

16 Nov 2024 08:09 AM

Jhansi Medical College: উত্তৰ প্ৰদেশৰ ঝান্সি চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাবে নিশা সংঘটিত হৈছে এক শোকাৱহ ঘটনা। চিকিৎসালয়খনৰ চিল্ড্ৰেনছ ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত মৃত্যু হৈছে ১০টিকৈ শিশুৰ । জীৱন-মৃত্যুৰে যুঁজি আছে ১৬টাকৈ শিশুৱে। অব্যহত আছে উদ্ধাৰ অভিযান। তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী-প্ৰশাসনৰ দল। যাক লৈ চিকিৎসা মহাবিদ্যালয়খনত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । চিকিৎসালয়খনৰ ভিতৰত থকা শিশুৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ।

চিকিৎসা মহাবিদ্যালয়খনত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোৰ বৰ্ণনা দিছে প্ৰত্যক্ষদৰ্শীৰ লগতে আৰু ভুক্তভোগীসকলে। এজন ভুক্তভোগী পিতৃয়ে কৈছে, ” মোৰ সন্তানটো জ্বলি গ’ল। মোৰ নাম প্ৰদীপ। মোৰ পত্নীৰ নাম নীলু। ৱাৰ্ডত লগা জুইত মোৰ সন্তান জ্বলি গ’ল।” আন এজন প্ৰত্যক্ষদৰ্শীয়ে কৈছিল, “মোৰ সন্তানো তাত দুদিনধৰি ভৰ্তি হৈ আছে। জুই ইমানেই ভয়ংকৰ আছিল যে মই ৱাৰ্ডৰ ভিতৰলৈ যাবলৈ সাহস কৰা নাছিলোঁ। কোনেও সোমাব নোৱাৰিলে। ডাক্তৰো বাহিৰত আছিল। ৱাৰ্ডত প্ৰায় ৫০ টা শিশুক ভৰ্তি হৈ আছিল। খিৰিকীখন ভঙাৰ পিছত, শিশুসকলক বাহিৰলৈ উলিয়াবলৈ আৰম্ভ কৰা হৈছিল।”

শিশুৰ মৃত্যু অতি দুখজনক আৰু হৃদয়বিদাৰক: মুখ্যমন্ত্ৰী যোগী

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাক লৈ শোক প্ৰকাশ কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত তেওঁ কয়, “ঝান্সি জিলাৰ চিকিৎসা মহাবিদ্যালয়ৰ NICU সংঘটিত দুৰ্ঘটনাত শিশুৰ মৃত্যু অতি দুখজনক আৰু হৃদয়বিদাৰক। জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলক যুদ্ধকালীনভাৱে সাহায্য আৰু উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে। বিদেহী আত্মাৰ শান্তি আৰু আহতসকলক দ্ৰুত আৰোগ্য প্ৰদান কৰিবলৈ ভগৱান শ্ৰীৰামক প্ৰাৰ্থনা জনাইছোঁ।”

১২ ঘণ্টাৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰক: মুখ্যমন্ত্ৰী যোগী

মুখ্যমন্ত্ৰী যোগীৰ নিৰ্দেশত উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক আৰু প্ৰধান সচিব স্বাস্থ্য ঝান্সিলৈ ৰাওনা হৈছে। মুখ্যমন্ত্ৰীয়ে ঝান্সি আয়ুক্ত আৰু ডিআইজিক ১২ ঘণ্টাৰ ভিতৰত দুৰ্ঘটনাটোৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে, এই দুৰ্ঘটনাৰ কিছুমান ভিডিঅ’ পোহৰলৈ আহিছে, যিবোৰে সকলোকে আচৰিত কৰি তুলিছে।

ঝান্সিৰ ডিএম অবিনাশ কুমাৰৰ বক্তব্য

ঘটনা সন্দৰ্ভত ঝান্সিৰ ডিএম অবিনাশ কুমাৰে কয়, “ঘটনাস্থলীত থকা কৰ্মচাৰীৰ পৰা পোৱা তথ্য অনুসৰি, নিশা ১০:৩০ বজাৰ পৰা ১০:৪৫ বজাৰ ভিতৰত NICUৰ আভ্যন্তৰীণ ইউনিটত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছিল। NICUৰৰ দুটা ৱাৰ্ড আছে। বাহিৰৰ ৱাৰ্ডত থকা সকলো শিশুসকলক সুকলমে উদ্ধাৰ কৰা হৈছিল। ১০টা শিশুৰ মৃত্যুৰ খবৰ পোৱা গৈছে। লগতে বহুতো শিশু আঘাতপ্ৰাপ্ত হৈছে।” আহতসকল চিকিৎসাধীন অৱস্থাত আছে বুলি জনাই ডিএম অবিনাশ কুমাৰে।

দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!
কোন আছিল ভগৱান কৃষ্ণৰ গুৰু, যাৰ পৰা ১৪টা বিদ্যা, ৬৪টা কলা শিকিছিল?
মহানগৰীৰ পাণ্ডুঘাটত SEAPLANEৰ পৰীক্ষণমূলক প্ৰদৰ্শন
বিলাহী খালে শৰীৰৰ কি কি উপকাৰ হয়?