স্কুটীত আনিছিল ব’ম ফটকা, যাত্ৰাৰত অৱস্থাতে হ’ল বিস্ফোৰণঃ প্ৰাণ গ’ল দুৰ্ভগীয়াৰ, ৬জন আহত | Firecrackers carried on scooter exploded one died many injured Andhra Pradesh Eluru Assam news - Assam Tv9

স্কুটীত আনিছিল ব’ম ফটকা, যাত্ৰাৰত অৱস্থাতে হ’ল বিস্ফোৰণঃ প্ৰাণ গ’ল দুৰ্ভগীয়াৰ, ৬জন আহত

দীপাৱলীৰ দিনটোতে সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। এজন যুৱকে স্কুটীত ফটকা কঢ়িয়াই অনাৰ সময়তে ভাৰসাম্য হেৰুৱাই পেলায় আৰু হঠাতে স্কুটীখন বাগৰি পৰে। ইয়াৰ ফলত স্কুটীখনত থকা ফটকাসমূহৰ বিস্ফোৰণ হয় আৰু মৃত্যু ঘটে স্কুটী আৰোহিত যুৱকজনৰ। এই দুৰ্ঘটনাত আন ৬ জন লোক গুৰুতৰভাৱে আহত হৈছে।

স্কুটীত আনিছিল ব’ম ফটকা, যাত্ৰাৰত অৱস্থাতে হ’ল বিস্ফোৰণঃ প্ৰাণ গ’ল দুৰ্ভগীয়াৰ, ৬জন আহত

বিস্ফোৰণত নিহত এজন যুৱক

Published: 

31 Oct 2024 20:21 PM

পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দত আজি মতলীয়া সমগ্ৰ দেশ। চাকি-বন্তি আৰু বৈদ্যুতিক সা-সজ্জাৰে পোহৰিত হৈ পৰিছে দশোদিশ। পৰিৱেশৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দেৱালীত আতচবাজী বিস্ফোৰণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান কৰা হয় যদিও আনন্দ উপভোগৰ তাগিদাত চাৰিওফালে শুনা গৈছে আতচবাজীৰ বিস্ফোৰণ। এইদৰে আনন্দ প্ৰকাশৰ বাবে আতচবাজী আনিবলৈ যাওঁতেই দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছে এজন যুৱকৰ। ফুটাবলৈ অনা ব’ম-ফটকা বাটতে বিস্ফোৰণ হোৱাৰ ফলত কৰুণ মৃত্যু ঘটিছে যুৱকজনৰ।

দীপাৱলীৰ দিনাই এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত। দক্ষিণৰ ৰাজ্যখনৰ এলুৰু চহৰত এজন যুৱকে স্কুটীত ফটকা কঢ়িয়াই অনাৰ সময়তে ভাৰসাম্য হেৰুৱাই পেলায় আৰু হঠাতে স্কুটীখন বাগৰি পৰে। ইয়াৰ ফলত স্কুটীখনত থকা ফটকাসমূহৰ বিস্ফোৰণ হয় আৰু মৃত্যু ঘটে স্কুটী আৰোহিত যুৱকজনৰ। এই দুৰ্ঘটনাত আন ৬ জন লোক গুৰুতৰভাৱে আহত হৈছে।

আহত লোককেইজনক লগে লগে স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত থকা চিচিটিভিত বন্দী হৈছে এই সমগ্ৰ ঘটনা। ফটকা বিস্ফোৰণৰ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এলুৰু চহৰৰ আৱাসিক এলেকাত। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত বহু লোক উপস্থিত আছিল। জানিব পৰা মতে দীপাৱলী উদযাপনৰ বাবে ফটকা লৈ স্কুটীৰে গৈ আছিল দুজন যুৱক।

হঠাৎ তেওঁলোকৰ স্কুটীৰ চকাটো ৰাস্তাৰ এটা গাঁতত পৰে আৰু ইয়াৰ ফলত স্কুটী চলাই যোৱা যুৱকজনে ভাৰসাম্য হেৰুৱায় পেলায় আৰু স্কুটাৰৰ পৰা বাগৰি পৰে। স্কুটীখন দ্ৰুতগতিত বাগৰি পৰাত তেওঁলোকে কঢ়িয়াই অনা ফটকাৰ বেগটো তললৈ পৰি যায় আৰু এক বৃহৎ বিস্ফোৰণ ঘটে। স্কুটীত আৰোহী দুই যুৱকৰ লগতে কাষতে থকা কিছু লোকো এই বিস্ফোৰণৰ সংস্পৰ্শলৈ আহে।

এই আকস্মিক দুৰ্ঘটনাত স্কুটী চলাই অহা যুৱকজনৰ কৰুণ মৃত্যু হয়। ফটকা বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে চালকজনৰ শৰীৰ ছিন্নভিন্ন হৈ পৰিছিল। স্কুটীত উঠি অহা আনজন যুৱক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানত ব্যাপক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত থকা লোকসকল লগে লগে বিস্ফোৰণথলীলৈ আগবাঢ়ি আহে আৰু আহত লোকসকল্ক উদ্ধাৰ কৰে।

ইফালে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীৰ সহায়ত আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে নিহত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে নিহত যুৱকজনৰ পৰিয়ালত শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। উৎসৱৰ দিনটোতে সংঘটিত হোৱা এই মৰ্মান্তিক দুৰ্ঘটনাত যুৱকজনক হেৰুৱাই ভাগি পৰিছে পৰিয়ালটো।

ৰিংকুৱেই নহয়, আই পি এলত লাখপতিৰ পৰা কোটিপতি হ’ল এইকেইগৰাকী যুৱ তাৰকা
ৰাৱণৰ চহৰ শ্ৰীলংকাতো পালন কৰা হয় দীপাৱলী, এইদৰে কৰা হয় উদযাপন
দীপাৱলীৰ পিছত চাকিবোৰ কি কৰা উচিত?
মোগলৰ ৰাজ্যত কিদৰে উদযাপন কৰা হৈছিল দীপাৱলী?