শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ফটকা গুদামত ভয়ংকৰ বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১৭ জনৰ

গুজৰাটৰ বনস্কান্তত ফটকা গুদামত ভয়ংকৰ অগ্নিকাণ্ড। এই পৰ্যন্ত ১৭ জন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। জানিব পৰা মতে গুদামটোৰ বয়লাৰ বিস্ফোৰণৰ  ফলত সংঘটিত হৈছে এই অগ্নিকাণ্ড। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গুদামৰ ভিতৰত ৩০ জন শ্ৰমিকে কাম কৰি আছিল।

ফটকা গুদামত ভয়ংকৰ বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১৭ জনৰ
গুজৰাটৰ ফটকা গুদামত বিস্ফোৰণ
trishna-kalita
Trishna Kalita | Updated On: 01 Apr 2025 18:07 PM

গুজৰাটৰ বনস্কান্তত ফটকা গুদামত সংঘটিত অগ্নিকাণ্ডত ১৭ জন লোকৰ মৃত্যু। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। জানিব পৰা মতে গুদামটোৰ বয়লাৰ বিস্ফোৰণৰ  ফলত সংঘটিত হৈছে এই অগ্নিকাণ্ড। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গুদামৰ ভিতৰত ৩০ জন শ্ৰমিকে কাম কৰি আছিল। আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল । গুদামৰ ভিতৰত জুই নিৰ্বাপন কৰাত ব্যস্ত হৈ পৰিছে অগ্নিনিৰ্বাপক বাহিনীৰ দল।

ঘটনা অনুসৰি বনস্কান্তৰ দিছা চহৰ মঙলবাৰে পুৱা ৯ বজাত ফটকা গুদামৰ পৰা বিস্ফোৰণৰ শব্দ শুনা যায়। তাৰ পাছত ওচৰৰ মানুহ যেতিয়া সেই স্থানত উপস্থিত হয় তেতিয়া ফটকা গুদামৰ পৰা জুইৰ শিখা ওলাই থকা দেখা গৈছিল। লগে লগে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে এছডিআৰএফ দলক অৱগত কৰা হয়।

দিছা গ্ৰাম্য থানাৰ পৰিদৰ্শক বিজয় চৌধৰীয়ে জনোৱা মতে, অগ্নিকাণ্ডৰ পিছত ধাৰাবাহিকভাৱে হোৱা বিস্ফোৰণৰ বাবে কাৰখানাটোৰ কিছু অংশ ভাঙি যায়। যাৰ বাবে বহু শ্ৰমিক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে। বানাস্কান্তৰ কালেক্টৰ মিহিৰ পেটেলৰ মতে, এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে কাৰখানাটোৰ ফলকখনো ভাঙি যায়। মৃত শ্ৰমিকৰ শৰীৰৰ অংগবোৰ দূৰ-দূৰণিৰ সিঁচৰতি হৈ পৰে।

মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা

দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱা আশংকা ব্যক্ত কৰা হৈছে। কাৰণ ঘটনাৰ সময়ত ৩০ জনতকৈ অধিক লোক কাৰখানাৰ ভিতৰত উপস্থিত আছিল। এই পৰ্যন্ত ১৭ টা মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে ৪ জন আহতক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিস্ফোৰণৰ পিছতে কাৰখানাৰ মালিকে পলায়ন কৰে। দিছা জিআইডিচিৰ অগ্নিকাণ্ডৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে।  আৰক্ষী আৰু প্ৰশাসনে দুৰ্ঘটনাটোৰ বিতং তদন্ত অব্যাহত ৰাখিছে।