দেশৰ প্ৰথমখন বন্দে মেট্ৰ’ ৰে’লৰ ভাড়া আৰু যাত্ৰাৰ সময় জানক... | First Vande Metro Train: Check Route, Timing, Fare and Details in Assamese Assam news - Assam Tv9

First Vande Metro Train: আজি যাত্ৰা আৰম্ভ কৰিব দেশৰ প্ৰথমখন বন্দে মেট্ৰ’ ৰে’লে, জানক ৰে’লখনৰ ভাড়া আৰু সময়…

Updated On: 

16 Sep 2024 13:48 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (১৬ ছেপ্টেম্বৰ) গুজৰাটৰ আহমেদাবাদ আৰু ভূজৰ মাজত প্ৰথমখন বন্দে মেট্ৰ’ ৰে’লৰ যাত্ৰা শুভাৰম্ভ কৰিব । উল্লেখ্য যে, আঞ্চলিক ৰে’ল সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশ হিচাপে গুজৰাটৰ আহমেদাবাদ আৰু ভূজৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে মেট্ৰ’ ৰে’ল ।

First Vande Metro Train: আজি যাত্ৰা আৰম্ভ কৰিব দেশৰ প্ৰথমখন বন্দে মেট্ৰ’ ৰে’লে, জানক ৰে’লখনৰ ভাড়া আৰু সময়...

বন্দে মেট্ৰ’ ট্ৰেইন

Follow Us On

বন্দে ভাৰত ৰে’লৰ সফলতাৰ পিছত ভাৰতীয় ৰে’লৱে দেশৰ প্ৰথমখন বন্দে মেট্ৰ’ ৰে’ল মুকলি কৰাৰ বাবে সাজু হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (১৬ ছেপ্টেম্বৰ) গুজৰাটৰ আহমেদাবাদ আৰু ভূজৰ মাজত প্ৰথমখন বন্দে মেট্ৰ’ ৰে’লৰ যাত্ৰা শুভাৰম্ভ কৰিব । উল্লেখ্য যে, আঞ্চলিক ৰে’ল সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশ হিচাপে গুজৰাটৰ আহমেদাবাদ আৰু ভূজৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে মেট্ৰ’ ৰে’ল ।

বন্দে মেট্ৰ’ ৰে’লৰ সময়

সূত্ৰ অনুসৰি, বন্দে মেট্ৰ’ ৰে’লখনে ভূজৰ পৰা পুৱা ৫:০৫ বজাত যাত্ৰা আৰম্ভ কৰিব । ইয়াৰ পাছত আহমেদাবাদত ১০:৫০ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই মেট্ৰ’ ৰে’লখনে ৩৬০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৫ ঘণ্টা ৪৫ মিনিট সময় লাগিব। উভতি অহাৰ সময়ত বন্দে মেট্ৰ’ ৰে’ লখনে আহমেদাবাদৰ পৰা আবেলি ৫:৩০ বজাত ৰাওনা হ’ব আৰু সেইদিনা সন্ধিয়া ১১:১০ বজাত ভূজত উপস্থিত হ’ব।

বন্দে মেট্ৰ’ ৰে’লৰ ভাড়া

বন্দে মেট্ৰ’ ৰে’লৰ নূন্যতম ভাড়া ৩০ টকাৰ পৰা আৰম্ভ হ’ব । সূত্ৰ অনুসৰি, ভাড়াত জিএছটিও অন্তৰ্ভুক্ত হ’ব । সূত্ৰ অনুসৰি, বন্দে মেট্ৰ’ ৰে’লেৰে ভূজৰ পৰা আহমেদাবাদলৈ যাত্ৰা কৰিবলৈ ৪৩০ টকা খৰচ হ’ব বুলি ধাৰণা কৰা হৈছে । সাপ্তাহিক, পষেকীয়া আৰু মাহেকীয়া হিচাপত মেট্ৰ’ ৰে’ল সেৱাই ছিজন টিকটৰ বিকল্পও প্ৰদান কৰিব ।

ৰে’লৱেৰ সূত্ৰ অনুসৰি, চাৰিটা ডবায়ে বন্দে মেট্ৰ’ ৰে’লখনৰ এটা ইউনিট গঠন কৰিব আৰু বন্দে মেট্ৰ’ ৰে’লখনত থাকিব মুঠ ১২টা ডবা । আৰম্ভণিতে ৰে’লৱেই ১২ টা বন্দে মেট্ৰ’ ডবা মুকলি কৰিব আৰু পথটোৰ চাহিদা অনুসৰি ডবা সংখ্যা ১৬ টালৈকে বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ।

বন্দে মেট্ৰ’ ৰে’লৰ বৈশিষ্ট্য

বন্দে মেট্ৰ’ ৰে’লৰ কাৰিকৰী বৈশিষ্ট্যসমূহ অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ দৰে একে বুলি ক’ব পাৰি । বন্দে মেট্ৰ’ ৰে’লখনত যাত্ৰীৰ আৰামৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ দেখা গৈছে । বন্দে মেট্ৰ’ ৰে’লখনত বৰ্ডিঙৰ বাবে স্লাইডিং দুৱাৰ, কাৰ্যকৰী দক্ষতাৰ বাবে ডুৱেল ইঞ্জিন আৰু বতৰ নিৰ্বিশেষে আৰামদায়ক যাত্ৰা নিশ্চিত কৰিবলৈ সম্পূৰ্ণ AC সুবিধা আছে ।

তদুপৰি বন্দে মেট্ৰ’ ৰে’লখনত মডিউলাৰ ইণ্টেৰিয়ৰ, এল ই ডি লাইটিং, ভেকুৱামযুক্ত শৌচাগাৰ, ৰুট মেপ ইনডিকেটৰ, পেনোৰামিক উইণ্ড’, চিচিটিভি, ফোন চাৰ্জিঙৰ সুবিধা আৰু এলাৰ্ম চিষ্টেমৰ সৈতে ১২টা AC ডবা আছে। বন্দে মেট্ৰ’ ৰে’লখনে ঘণ্টাত ১১০ কিলোমিটাৰ গতিবেগত যাত্ৰা কৰিব পাৰিব বুলি জানিব পৰা গৈছে ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version