নৃশংস! এটা কোঠাৰ পৰা উদ্ধাৰ স্বামী-পত্নীসহ ৩ কন্যাৰ মৃতদেহ

নৃশংসভাৱে হত্যা কৰা হ'ল একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্যক। মজিয়াত পৰি আছিল স্বামী আৰু পত্নীৰ মৃতদেহ। এটা বস্তাত বান্ধি বিচনাৰ বাকচত লুকুৱাই ৰখা হৈছিল তিনিগৰাকীকৈ নিৰীহ কন্যাৰ মৃহদেহ। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

নৃশংস! এটা কোঠাৰ পৰা উদ্ধাৰ স্বামী-পত্নীসহ ৩ কন্যাৰ মৃতদেহ

উত্তৰ প্ৰদেশৰ মিৰাটত একেটা পৰিয়ালৰ পাঁচজন সদস্যক হত্যা!

Published: 

10 Jan 2025 12:26 PM

ভয়ংকৰ, নৃশংস, হৃদয় বিদাৰক ঘটনা। একেটা পৰিয়ালৰ পাঁচজনকৈ লোকক নিৰ্মমভাৱে হত্যা। মৃতসকলৰ ভিতৰত আছে স্বামী-পত্নী আৰু তেওঁলোকৰ তিনিগৰাকী নিৰীহ কন্যা। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত ঘৰৰ ভিতৰত লুকুৱাই ৰখা হৈছিল আটাইকেইটা মৃতদেহ। ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

উত্তৰ প্ৰদেশৰ মিৰাট জিলাত সংঘটিত হৈছে এই ঘটনা। লিছাৰী গেট আৰক্ষী থানা অঞ্চলৰ সুহাইল গাৰ্ডেন কলনীত নৃশংসভাৱে হত্যা কৰা হ’ল একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্যক।  মৃতদেহকেইটা মইন (স্বামী), আসমা (পত্নী) আৰু তেওঁলোকৰ তিনিজনী কন্যা আফছা (৮), আজিজা (৪) আৰু আদিবা (১) বুলি চিনাক্ত কৰা হৈছে। স্বামী, পত্নী আৰু তিনি সন্তানক হত্যা কৰাৰ পিছত অভিযুক্তই ছোৱালীকেইজনীৰ মৃতদেহকেইটা এটা বস্তাত বান্ধি বিচনাৰ বাকচত লুকুৱাই ৰাখে। ঘৰুৱা সামগ্ৰীবোৰ সিঁচৰতি হৈ থকা দেখা গৈছিল। যাৰ বাবে ঘটনাটোৰ আঁৰত ডকাইতিৰ সম্ভাৱনাৰ ব্যক্ত কৰা হৈছে।

ঘটনা অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া মইনৰ ভাতৃ চেলিম তেওঁলোকৰ ঘৰত উপস্থিত হোৱাৰ পিছত হত্যাকাণ্ডটো পোহৰলৈ আহিছিল। চেলিম ঘৰত উপস্থিত হোৱাৰ সময়ত ভিতৰৰ পৰা বন্ধ আছিল ঘৰৰ দুৱাৰখন।  চুবুৰীয়া লোকসকলক সোধা-পোছা কৰাৰ পিছত দুৱাৰখন বলপূৰ্বক ভাঙি পেলোৱা হৈছিল। তাৰ পাছতে ঘৰৰ ভিতৰত, মইন আৰু আসমাৰ মৃতদেহ মজিয়াত পৰি থকা অৱস্থাত পোৱা গৈছিল। আনহাতে ছোৱালীকেইজনীৰ মৃতদেহ বিচনাৰ বাকচৰ পৰা উদ্ধাৰ কৰা হয়।

খবৰ পোৱাৰ লগে লগে এছএছপি বিপিন টাডাকে ধৰি শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। অপৰাধ শাখা, ফৰেনচিক দল আৰু কুকুৰ দলৰ সহায়ত সূত্ৰ সংগ্ৰহ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। আৰক্ষীয়ে পৰীক্ষা কৰিছে ঘৰটোৰ চাৰিওফালে থকা চিচিটিভি ফুটেজ । ঘটনাটোৰ পাছত ঘৰটোৰ কাষলৈ কোনো লোককে যাবলৈ দিয়া হোৱা নাই।

উল্লেখ্য যে, মিৰাটৰ পূৰ্বে ২০২৪ চনৰ নৱেম্বৰত বাৰাণসীত এটা পৰিয়ালৰ পাঁচজন সদস্যক হত্যা কৰা হৈছিল। য’ত স্বামী ৰাজেন্দ্ৰ প্ৰসাদ গুপ্তা, পত্নী নীতু আৰু তিনিটা সন্তানক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। আৰক্ষীয়ে সন্দেহৰ ভিত্তিত মৃতকৰ ভতিজা বিশালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। কিন্তু তেওঁক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই।

গণহত্যাৰ ঘটনা বৃদ্ধি

উত্তৰ প্ৰদেশত এনে ধৰণৰ জঘন্য হত্যাকাণ্ডৰ বৰ্ধিত ঘটনা চিন্তাৰ বিষয় হৈ পৰিছে। মিৰাটৰ এই নৃশংস ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে আতংকৰ ।  যিমান সম্ভৱ সোনকালে হত্যাকাণ্ডটো উন্মোচন কৰিবলৈ চেষ্টা চলাই আছে আৰক্ষীয়ে।  ইয়াৰ উপৰিও নতুন বছৰৰ আৰম্ভণিৰ মাত্ৰ দুদিন আগতে পিতৃ আৰু পুত্ৰই লগ লাগি ৰাজধানী লক্ষ্ণৌত মাতৃ আৰু চাৰিজনী কন্যাক হত্যা কৰিছিল।

বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে