Flag hosting: স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পাৰ্থক্য কি? জানক... | flag hosting and flag unfurling know the difference independence day 2024 Assam news - Assam Tv9

Flag hosting: স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পাৰ্থক্য কি? জানক…

Published: 

14 Aug 2024 15:00 PM

কাইলৈ সমগ্ৰ দেশে পালন কৰিব স্বাধীনতা দিৱস। দিল্লীৰ লালকিল্লাত পুৱাই প্ৰধানমন্ত্ৰীয়ে দেশৰ জাতীয় পতাকা উত্তোলন কৰিব। ২৬ জানুৱাৰী আৰু ১৫ আগষ্টৰ পতাকা উত্তোলন পিছে একে নহয়। ইয়াৰ মাজত আছে বিশেষ পাৰ্থক্য।

Flag hosting: স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পাৰ্থক্য কি? জানক...

পতাকা উত্তোলন

Follow Us On

কাইলৈ সমগ্ৰ দেশে উদযাপন কৰিব স্বাধীনতা দিৱস। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰি এক নতুন ধাৰাৰ সূচনা কৰিছিল। এই শুভ দিনটোত দেশৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱস উদযাপন কৰা হ’ব। ইতিমধ্যে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অংশ হৈছে কোটি কোটি জনত। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত পতাকা উত্তোলন কৰে। কিন্তু স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পতাকা উত্তোলন যে একে নহয়। ইয়াৰ মাজত আছে এক পাৰ্থক্য।

২৬ জানুৱাৰীৰ দিনটোত ৰাইজে গণৰাজ্য দিৱস আৰু ১৫ আগষ্টত স্বাধীনতা দিৱস পালন কৰে। এই দুয়োটা দিনতে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাক লৈ আছে পাৰ্থক্য। ১৫ আগষ্টত পতাকা উত্তোলন (Flag Hoisting)  কৰাৰ বিপৰীতে ২৬ জানুৱাৰীত পতাকা  উন্মোচন বা উৰুওৱা (Flag Unfurling) হয়।

পাৰ্থক্য

স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰাৰ আগতে ইয়াক বান্ধি খুঁটাত ৰখা হয়। প্ৰধানমন্ত্ৰীয়ে যেতিয়া জাতীয় পতাকা উত্তোলন কৰিবলৈ ৰছী টানে, তেতিয়া প্ৰথমে ত্ৰিৰংগখন ওপৰলৈ উঠি যায় আৰু তাৰ পিছত উত্তোলন কৰা হয়। ইয়াক পতাকা উত্তোলন বোলা হয়।

আনহাতে, গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰাৰ আগতে খুঁটাৰ ওপৰত পতাকা বান্ধি ৰখা হয়। ৰাষ্ট্ৰপতিয়ে যেতিয়া ৰছী টানে, তেতিয়া ই উৰিবলৈ আৰম্ভ কৰে। ইয়াক পতাকা উন্মোচন বা উৰুওৱা বুলি কোৱা হয়।

ঠাই, ব্যক্তিৰ মাজত পাৰ্থক্য

স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰা ঠাই আৰু ব্যক্তিৰ মাজত পাৰ্থক্য আছে। স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত পতাকা উত্তোলন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। আনহাতে গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত পতাকা উত্তোলন কৰে দেশৰ ৰাষ্ট্ৰপতিয়ে।

কিয় প্ৰধানমন্ত্ৰীয়ে উত্তোলন কৰে?

১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ সময়ত ভাৰতৰ কোনো চৰকাৰী ৰাষ্ট্ৰপতি নাছিল। সেই সময়ত লৰ্ড মাউণ্টবেটেন ভাৰতৰ ৰাজ্যপাল আৰু জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। সেই সময়ত ৰাজ্যপালগৰাকী ব্ৰিটিছ বিষয়া আছিল যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিছিল। সেই তেতিয়াৰ পৰা পৰম্পৰা অনুসৰি  ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে।

আনহাতে ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান বলবৎ হয়। সংবিধান অনুসৰি দেশৰ মুৰব্বী ৰাষ্ট্ৰপতি। সেয়েহে ২৬ জানুৱাৰীত ৰাষ্ট্ৰপতিয়ে দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত পতকা উন্মোচন কৰে।

লালকিল্লাত কিয় হয় পতাকা উত্তোলন?

দিল্লীত অৱস্থিত লালকিল্লা মোগল সম্ৰাট শ্বাহজাহানে নিজৰ ৰাজধানী শ্বাহজাহানাবাদৰ বাবে ৰাজপ্ৰসাদ হিচাপে নিৰ্মাণ কৰিছিল। ১৬৩৮ চনৰ পৰা ১৬৪৮ চনৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। এই তেওঁলোকৰ শক্তিৰ প্ৰতীক আছিল।

পৰৱৰ্তী সময়ত ইংৰাজে ১৮০৩ চনত দিল্লী দখল কৰিছিল। তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য আছিল লালকিল্লা। ইংৰাজে এই লালকিল্লাটোও নিজৰ দখললৈ নি তাত থকা সম্পত্তি, কলা, সংস্কৃতি আদি সকলো নষ্ট কৰি পেলাইছিল।এই লালকিল্লাটো ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। যাৰ বাবে ইয়াত পতাকা উত্তোলন কৰা হয়।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version