শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দূৰলৈ মনিব নোৱৰাকৈ পৰিছে কুঁৱলী; প্ৰভাৱিত ৰেল আৰু বিমান সেৱা

ঘন কুঁৱলীৰ বাবে ৰেল আৰু বিমান চলাচলত সৃষ্টি হৈছে বাধাৰ। বাতিল হৈছে কেবাখনো ৰেল । বিমানৰ ক্ষেত্ৰত যাত্ৰীক সময়সূচী চাইহে যাত্ৰাৰ বাবে আহিবলৈ অনুৰোধ এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ

দূৰলৈ মনিব নোৱৰাকৈ পৰিছে কুঁৱলী; প্ৰভাৱিত ৰেল আৰু বিমান সেৱা
ঘন কুঁৱলীৰ বাবে বিমান যাত্ৰাত বাধাImage Credit source: ANI
raj-saikia
Raj Saikia | Published: 13 Jan 2025 15:04 PM

মাঘমাহ সোমোৱাৰ সময় হোৱাৰ লগে লগে দেশত যেন বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । উত্তৰ ভাৰততেই নহয়, দক্ষিণ ভাৰততো দেখা গৈছে শীতৰ প্ৰভাৱ । পুৱা ঘন কুঁৱলীয়ে ব্যাঘাত জন্মাইছে বিমান আৰু ৰেল চলাচলত । তামিলনাডুত ঘন কুঁৱলীৰ পৰিস্থিতিৰ মাজত দৃশ্যমানতা ক্ষীণ হোৱাৰ বাবে চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানৰ কাম-কাজ প্ৰভাৱিত হয় ।

এক্সৰ অফিচিয়েল হেণ্ডেলত এয়াৰ ইণ্ডিয়াই বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে যাত্ৰীসকলক তেওঁলোকৰ বিমানৰ শেহতীয়া আপডেট পৰীক্ষা কৰিবলৈ অনুৰোধ জনায় ।

বিমান সংস্থাটোৱে কয়, ” ঘন কুঁৱলীয়ে চেন্নাই আৰু দক্ষিণ ভাৰতৰ কেইখনমান চহৰ যেনে তিৰুপতি আৰু তিৰুচিৰাপল্লীলৈ অহা-যোৱা কৰা বিমান পৰিচালনাত প্ৰভাৱ পেলাব পাৰে । বিমানবন্দৰলৈ যোৱাৰ আগতে আপোনাৰ বিমানৰ অৱস্থা পৰীক্ষা কৰক ।” অৱশ্যে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অহা ৬ দিনলৈ দক্ষিণ ভাৰতৰ বাবে কোনো সতৰ্কবাণী জাৰি কৰা নাই ।

ইফালে শীতৰ ঢৌৱে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকো কোবাইছে । কুঁৱলীৰ বাবে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কেইবাখনো বিমানৰ চলাচলত পলম হয় । উত্তৰ ভাৰতত শীত তীব্ৰতৰ হৈ পৰাত গৃহহীন ব্যক্তিসকলে ৰাষ্ট্ৰীয় ৰাজধানীত নৈশ আশ্ৰয় শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে ।

বতৰ বিজ্ঞান বিভাগৰ মতে দিল্লী/এনচিআৰ অঞ্চলত ঘন কুঁৱলী পৰাৰ অতি বেছি সম্ভাৱনা আছে আৰু একে সন্দৰ্ভত কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে । দিল্লীৰ বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰসমূহে সমগ্ৰ চহৰখনতে প্ৰদূষণৰ মাত্ৰা সম্পৰ্কে প্ৰকাশ কৰিছে । চিপিচিবিৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীখনৰ একিউআইত ২৮৫ ৰেকৰ্ড কৰা হৈছে ।

আজি কুঁৱলীৰ বাবে কেইবাখনো ৰে’লৰ চলাচলতো পলম হোৱাৰ বিপৰীতে কিছুমান ৰে’লও বাতিল কৰা হৈছে । পুৰুষোত্তম এক্সপ্ৰেছ সৰ্বাধিক ৩১১ মিনিট পলম হোৱাৰ বিপৰীতে পূৰ্ব এক্সপ্ৰেছত ১৯৮ মিনিট পলম হয় । শ্ৰমজীৱী এক্সপ্ৰেছ আৰু জে বি পি এন জে ডি এম এছ এফ এক্সপ্ৰেছত ক্ৰমে ১৯৭ মিনিট আৰু ১৮৭ মিনিট পলম হোৱা বুলি জানিব পৰা গৈছে ।

এনডিএলএছ হামছফৰ আৰু কৈইফিয়ত এক্সপ্ৰেছত ক্ৰমে ১০৭ মিনিট আৰু ৬৮ মিনিট পলম হয়। ইয়াৰ উপৰিও গণ্ডৱানা এক্সপ্ৰেছ আৰু ৱাই পি আৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছত ৯২ মিনিট ৯১ মিনিট পলম হোৱাৰ বিপৰীতে এম পি সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ ৬৫ মিনিট পলমৰ সন্মুখীন হৈছে । ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সোমবাৰে দিল্লীৰ পালামত সৰ্বনিম্ন তাপমাত্ৰা ৯.৬ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে । ইফালে, আজি সফদৰজুঙত সৰ্বনিম্ন তাপমাত্ৰা ৯.৪ ডিগ্ৰী চেলছিয়াছ ।

Latest News