মহাকাশত গণেশৰ মূৰ্তি, সুনীতা উইলিয়ামছে ৯ মাহ ধৰি নিজৰ লগত ৰাখিছিল মূৰ্তিটো

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (আই এছ এছ) ৯ মাহতকৈ অধিক সময় কটাবলগীয়া হোৱা সুনীতা উইলিয়ামছে নিজৰ লগত লৈ গৈছিল গণেশৰ এটা মূৰ্তি । সমগ্ৰ অভিযানত সেই মূৰ্তিটো কাষতে ৰাখিছিল সুনীতাই । সুনীতাই আনকি মাইক্ৰ’গ্ৰেভিটিত ওপঙি থকা মূৰ্তিটোৰ এখন ছবিও পৰিয়াললৈ পঠিয়াইছিল ভগ্নী ফাল্গুনীলৈ ।

মহাকাশত গণেশৰ মূৰ্তি, সুনীতা উইলিয়ামছে ৯ মাহ ধৰি নিজৰ লগত ৰাখিছিল মূৰ্তিটো

সুনীতা উইলিয়ামছ

Updated On: 

21 Mar 2025 16:35 PM

৯ মাহ মহাকাশত কটোৱাৰ পাছত অৱশেষত সুকলমে উভতি আহিল নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ । ভাৰতৰ সৈতে আছে সুনীতা উইলিয়ামৰ শিপাৰ সম্পৰ্ক । আকাশ চুলেও কিন্তু এই সম্পৰ্কক পাহৰি যোৱা নাই সুনীতাই । মহাকাশত থকাৰ সময়ছোৱাতো তেওঁ ভাৰতীয় সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ আছিল । মহাকাশৰ পৰা গ্ৰহণ কৰিছিল মহাকুম্ভৰ দৃশ্য, দীপাৱলীৰ দৃশ্য । শেহতীয়াকৈ পোহৰলৈ অহা মতে যোৱা ৯ মাহে মহাকাশত সুনীতা উইলিয়ামছৰ সৈতে আছিল সিদ্ধিদাতা ভগৱান গণেশৰ এটা মূৰ্তি ।

সংবাদ প্ৰতিষ্ঠান নিউজ১৮ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁৰ সম্পৰ্কীয় ভগ্নী ফাল্গুনী পাণ্ডিয়াই ভাৰতৰ সৈতে উইলিয়ামছৰ গভীৰ সম্পৰ্কৰ বিষয়ে কয়, “গণেশৰ মূৰ্তি লৈ মহাকাশলৈ যোৱাৰ পৰা গুজৰাটৰ পূৰ্বপুৰুষৰ গাঁৱত তেওঁ নিৰাপদে উভতি অহাৰ বাবে আয়োজন কৰা প্ৰাৰ্থনালৈকে ভাৰতৰ সৈতে নিবিড় সম্পৰ্ক আছে সুনীতাৰ ।”

মহাকাশত গণেশৰ মূৰ্তি

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (আই এছ এছ) ৯ মাহতকৈ অধিক সময় কটাবলগীয়া হোৱা সুনীতা উইলিয়ামছে নিজৰ লগত লৈ গৈছিল গণেশৰ এটা মূৰ্তি । সমগ্ৰ অভিযানত সেই মূৰ্তিটো কাষতে ৰাখিছিল সুনীতাই । তেওঁৰ আধ্যাত্মিক দিশৰ আভাস শ্বেয়াৰ কৰি পাণ্ডিয়াই উল্লেখ কৰে যে সুনীতাই আনকি মাইক্ৰ’গ্ৰেভিটিত ওপঙি থকা মূৰ্তিটোৰ এখন ছবিও পৰিয়াললৈ পঠিয়াইছিল ।

পৰিয়ালৰ বিশেষ প্ৰাৰ্থনা

সুনীতা উইলিয়ামছৰ আত্মীয়ই তেওঁ সুকলমে পৃথিৱীলৈ উভতি অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল । বৰ্তমান নিউ জাৰ্চিত থকা তেওঁৰ সম্পৰ্কীয় ভগ্নী ফাল্গুনী পাণ্ডিয়াই প্ৰকাশ কৰে যে এই উপলক্ষে পৰিয়ালটোৱে এটা মন্দিৰত বিশেষ প্ৰাৰ্থনা আৰু যজ্ঞৰো আয়োজন কৰে । ‘‘আমি আগ্ৰহেৰে তেওঁ উভতি অহাৰ বাবে অপেক্ষা কৰি আছিলোঁ । উদযাপনৰ বাবে আমি মন্দিৰত বিশেষ প্ৰাৰ্থনা আৰু যজ্ঞৰো পৰিকল্পনা কৰিছিলোঁ ।’’-পাণ্ডিয়াই কয় ।

ভাৰতীয় সংস্কৃতি আৰু খাদ্যৰ প্ৰতি সুনীতাৰ প্ৰেম

উইলিয়ামছে দীৰ্ঘদিন ধৰি তেওঁৰ ভাৰতীয় ঐতিহ্যক আকোঁৱালি লৈ আহিছে, ভাৰতীয় খাদ্যৰ প্ৰতি তেওঁৰ আকৰ্ষণো ইয়াৰ ব্যতিক্ৰম নহয় । পাণ্ডিয়াই উল্লেখ কৰে যে এইবাৰ তেওঁ ঘূৰি অহাৰ পাছত পৰিয়ালটোৱে একেলগে ভাৰত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে । ‘‘সুনীতাই ভাৰতীয় খাদ্য ভাল পায়, ঘূৰি অহাৰ পিছত আমি পুনৰ ভাৰত ভ্ৰমণ কৰিম ।’’ তেওঁ লগতে কয় ।

মহাকাশৰ পৰা কুম্ভ মেলাৰ বিৰল দৃশ্য

ভাৰতীয় পৰম্পৰাৰ প্ৰতি উইলিয়ামছৰ কৌতুহল স্পষ্ট হৈ পৰিছিল যেতিয়া তেওঁৰ ভনীয়েকে ফেব্ৰুৱাৰী মাহত কুম্ভমেলা ভ্ৰমণ কৰিছিল । পাণ্ডিয়াই কয়, ‘‘যেতিয়া মই মোৰ কুম্ভ মেলাৰ ছবিবোৰ তেওঁৰ সৈতে শ্বেয়াৰ কৰিছিলো, তেতিয়া তেওঁ মহাকাশৰ পৰা এখন ছবি মোলৈ পঠিয়াইছিল । এয়া আছিল কুম্ভ মেলাৰ এক আইকনিক ছবি ।’’

সুনীতাৰ প্ৰত্যাৱৰ্তনত উদযাপন

সুনীতা উইলিয়ামছৰ পিতৃৰ পূৰ্বপুৰুষৰ গাঁও ঝুলাছানত তেওঁ মহাকাশলৈ যোৱাৰ পিছৰে পৰা বাসিন্দাসকলে এটা ‘অখণ্ড জ্যোতি’ (চিৰন্তন শিখা) জ্বলাই ৰাখিছিল । তেওঁ নিৰাপদে ঘূৰি নহালৈকে জুইৰ শিখা জ্বলাই ৰাখিছিল । গাঁওখনে তেওঁৰ সন্মানত এক বৃহৎ উদযাপনৰ পৰিকল্পনাও কৰিছে, য’ত প্ৰাৰ্থনা, আতচবাজী, আৰু ছাত্ৰ-ছাত্ৰীসকলেও এক পদযাত্ৰাত যোগদান কৰিব । আন এজন সম্পৰ্কীয় ভাতৃ নবীন পাণ্ডিয়াই কয়, ‘‘মন্দিৰত আমি ধুন (প্ৰাৰ্থনা জপ) কৰিম ।’’

উইলিয়ামছে পৃথিৱীলৈ উভতি অহাৰ পৰত দেশৰ ভিন্ন প্ৰান্তত হোৱা প্ৰাৰ্থনা আৰু উদযাপনে তেওঁৰ ভাৰতীয় ঐতিহ্যৰ সৈতে গভীৰভাৱে শিপাই থকা সম্পৰ্কক প্ৰতিফলিত কৰে ।

 

শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়