কাৰাগাৰে কি শিক্ষা দিলে মনীষ চিছ’দিয়াক! নিজ মুখে কৰিলে ব্যক্ত…

দীৰ্ঘদিনীয়া কাৰাবাসৰ অন্তত শেহতীয়াকৈ মুক্তি পোৱা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই আজি টিভি৯ ভাৰতবৰ্ষৰ সৈতে এক সাক্ষাৎকাৰত অংশ লয়। এই সাক্ষাৎকাৰৰ সময়ত চিছ’দিয়াই কাৰাগাৰত তেওঁ কেনেদৰে সময় কটাইছিল তথা কাৰাগাৰে তেওঁক কি শিক্ষা দিলে সেই বিষয়ে ব্যক্ত কৰে।

কাৰাগাৰে কি শিক্ষা দিলে মনীষ চিছ’দিয়াক! নিজ মুখে কৰিলে ব্যক্ত…

মনীষ চিছ’দিয়া

Published: 

16 Aug 2024 18:27 PM

প্ৰায় ১৭ মাহজোৰা কাৰাবাসৰ অন্তত যোৱা ৯ আগষ্টত মুকলি আকাশৰ তললৈ আহিল দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়া। দিল্লীৰ কথিত সুৰা নীতি কেলেংকাৰী গোচৰত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জামিন লাভ কৰাৰ পিছতে কাৰামুক্ত হয় আপ নেতাগৰাকী। আজি চিছ’দিয়াই টিভি ৯ ভাৰতবৰ্ষৰ সৈতে এক বিশেষ বাৰ্তালাপত অংশ লয়। টিভি ৯ ভাৰতবৰ্ষৰ ৫ গৰাকী সম্পাদকৰ সৈতে এই সাক্ষাৎকাৰত মনীষ চিছ’দিয়াই তেওঁৰ কাৰাৰুদ্ধ সময়ৰ কথা ব্যক্ত কৰাৰ লগতে কাৰাগাৰে তেওঁক কি শিক্ষা দিলে, সেই বিষয়েও প্ৰকাশ কৰে।

সাক্ষাৎকাৰৰ সময়ত চিছ’দিয়াক কাৰাগাৰত তেওঁ কেনে কঠিনতাৰ সন্মুখীন হৈছিল তথা কেনেদৰে দিন পাৰ কৰিছিল সেই সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত মনীষ চিছ’দিয়াই কয় যে কাৰাগাৰলৈ যোৱাৰ পূৰ্বে তেওঁ প্ৰতিদিনে বিদ্যালয়লৈ গৈছিল আৰু প্ৰতিদিনে শিক্ষকসকলৰ সৈতে কথা পাতিছিল। সেই সময়ত দলৰ সৈতে তেওঁ পৰৱৰ্তী ৫-১০ বছৰত বিদ্যালয়সমূহত শিক্ষা কেনেদৰে আগবাঢ়িব সেই সম্পৰ্কে আলোচনা কৰিছিল বুলি জানিবলৈ দিয়ে।

কিন্তু হঠাতে কাৰাৰুদ্ধ হৈ পৰাৰ ফলত এই দৈনন্দিন ৰুটিনৰ পৰা আঁতৰি থাকিব লগা হয় বুলি চিছ’দিয়াই উল্লেখ কৰে আৰু কাৰাগাৰলৈ যাব লগা হোৱাটো তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ ‘টাৰ্নিং পইণ্ট’ বুলি অভিহিত কৰে। আপ নেতাগৰাকীয়ে লগতে কয় যে কাৰাগাৰত তেওঁ কিতাপ পঢ়িবলৈ আৰম্ভ কৰে আৰু তাৰ সমান্তৰালকৈ লিখা-পঢ়াৰ কাম কৰে।

চিছ’দিয়াই লগতে কয় যে কাৰাগাৰত সময় কটোৱাৰ ক্ষেত্ৰত তেওঁৰ হাতত দুটা বিকল্প আছিল। প্ৰথমে কাৰাগাৰত থকা বুলি সত্য গ্ৰহণ কৰা আৰু এই সময়ৰ সদ্ব্যৱহাৰ কৰা, দ্বিতীয়তে কিয় কাৰাগাৰলৈ যাব লগা হ’ল তথা তেওঁৰ সৈতে এয়া কি হ’ল সেই ভাৱি সময় কটোৱা। সেয়ে তেওঁ দ্বিতীয় পথটো ত্যাগ কৰি  কাৰাগাৰৰ সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ ধৰে বুলি চিছ’দিয়াই লগতে মন্তব্য কৰে।

তেওঁ জানিবলৈ দিয়া মতে, কাৰাগাৰত তেওঁ এখব বহী ক্ৰয় কৰি বহু টোকা প্ৰস্তুত কৰে। কাৰাগাৰে তেওঁক বহু শিক্ষা দিয়া বুলিও চিছ’দিয়াই লগতে কয়। চিছ’দিয়াৰ মতে, কাৰাগাৰে যিকোনো ব্যক্তিক শিকাব পৰা আটাইতকৈ ডাঙৰ কথাটো হ’ল ধৈৰ্য্য। সকলো কাৰ্য যে মোবাইল ফোনৰ দৰে একে গতিবেগত নহয়, সেয়া কাৰাগাৰে শিক্ষা দিয়ে বুলি আপ নেতাগৰাকীয়ে সাক্ষাৎকাৰৰ সময়ত উল্লেখ কৰে।

এই সাক্ষাৎকাৰত চিছ’দিয়াই লগতে কয় যে ব্যক্তিৰ সুনাম, প্ৰগতি, সফলতা- এই সকলোবোৰ এটা সময়ত যে কম যেন লাগিবলৈ আৰম্ভ কৰে সেয়া তেওঁ কাৰাগাৰত থকাৰ সময়ত বুজিব পাৰে। কাৰাগাৰত কটোৱা সময়খিনিত পৰিয়াল আৰু সম্পৰ্কৰ গুৰুত্ব বুজি পোৱা বুলিও মনীষ চিছ’দিয়াই প্ৰকাশ কৰে।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...