Manmohan Singh funeral: আজি সম্পন্ন হ’ব মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়াঃ স্মৃতিসৌধ নিৰ্মাণৰ নিশ্চিতি কেন্দ্ৰৰ
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ নশ্বৰ দেহ আজি পঞ্চভূতত বিলীন হ’ব। ১১.৪৫ বজাত নতুন দিল্লীৰ নিগমবোধ ঘাটত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। ইফালে মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণ সন্দৰ্ভত শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিসৌধ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছে।
আজি পঞ্চভূতত বিলীন হ’ব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ নশ্বৰ দেহ। আৰু কেইঘণ্টামান সময়ৰ পিছতে ১১.৪৫ বজাত নতুন দিল্লীৰ নিগমবোধ ঘাটত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি নিশ্চিত কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰতি অন্তিম শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতৃত্ব তথা বহু গণ্য মান্য ব্যক্তি সৎকাৰস্থলীত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
ইফালে কেন্দ্ৰই লগতে মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণ সন্দৰ্ভত শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰো অৱসানৰ চেষ্টা চলাইছে। চলিত বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছে। সূত্ৰ অনুসৰি, অহা ৩-৪ দিনৰ ভিতৰত স্মৃতিসৌধৰ স্থান নিৰ্ণয় কৰা হ’ব। ইতিমধ্যে মনমোহন সিঙৰ পৰিয়ালক এই স্মৃতিসৌধৰ বিষয়ে অৱগত কৰা হৈছে আৰু স্মৃতিসৌধ সন্দৰ্ভত পৰিয়ালে চৰকাৰৰ সৈতে সহমতত উপনীত হৈছে বুলি জানিব পৰা গৈছে।
যোৱা নিশা গৃহ মন্ত্ৰালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্মৃতিসৌধ সন্দৰ্ভত এক বিবৃতি জাৰি কৰে। প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ স্মৃতিসৌধ সন্দর্ভত পুৱা কংগ্রেছৰ সভাপতি মালিকাজুন খর্গেক কেন্দ্রীয় চৰকাৰে অৱগত কৰা বুলি এই বিবৃতিত উল্লেখ কৰা হৈছে৷ বিবৃতিটোত লগতে পুৱাৰ কেবিনেট বৈঠকৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছৰ সভাপতি মালিকাজুন খৰ্গে আৰু ড০ মনমোহন সিঙৰ পৰিয়ালক চৰকাৰে স্মৃতিসৌধৰ বাবে স্থানৰ আবণ্টন দিয়াৰ কথা অৱগত কৰা বুলিও কোৱা হৈছে।
উল্লেখ্য যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ড° মনমোহন সিঙৰ অন্তিম সৎকাৰ আৰু স্মৃতিসৌধ নিৰ্মাণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰিছিল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিসৌধ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছিল। এই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰও লিখিছিল। কংগ্ৰেছে স্মৃতিসৌধ নিৰ্মাণ হ’বলগীয়া স্থানতে মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়াৰ দাবী জনাইছিল।
ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণৰ সিদ্ধান্ত লৈছে আৰু এই বিষয়ে কংগ্ৰেছক অৱগত কৰা বুলি দাবী কৰি কংগ্ৰেছে এই বিষয়ত ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে। সূত্ৰ অনুসৰি, স্মৃতিসৌধৰ সিদ্ধান্ত কংগ্ৰেছলৈ প্ৰেৰণ কৰা হৈছে যদিও স্মৃতিসৌধ নিৰ্মাণৰ বাবে উপযুক্ত স্থান বিচাৰি উলিয়াবলৈ কিছুদিন সময় লাগিব বুলিও উল্লেখ কৰা হৈছে।