5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মহীৰূহৰ মহাপ্ৰয়াণঃ চিৰদিনলৈ চকু মুদিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ আজি দেহাৱসান ঘটিছে। কিছুসময় পূৰ্বে তেওঁক সংকটজনক অৱস্থাত দিল্লীস্থিত এইমছত ভৰ্তি কৰা হৈছিল। চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পিছতো তেখেতৰ প্ৰাণৰক্ষা সম্ভৱ নহ’ল আৰু চিৰদিনলৈ চকু মুদে।

মহীৰূহৰ মহাপ্ৰয়াণঃ চিৰদিনলৈ চকু মুদিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে
মনমোহন সিং
monjit-dutta
Monjit Dutta | Updated On: 27 Dec 2024 12:38 PM

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ আজি দেহাৱসান ঘটিছে। কিছুসময় পূৰ্বে তেওঁক সংকটজনক অৱস্থাত দিল্লীস্থিত এইমছত ভৰ্তি কৰা হৈছিল। চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পিছতো তেখেতৰ প্ৰাণৰক্ষা সম্ভৱ নহ’ল আৰু চিৰদিনলৈ চকু মুদে। ইতিমধ্যে তেওঁৰ পৰিয়াল আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাসহ দলৰ বহুকেইগৰাকী নেতা চিকিৎসালয়ত উপস্থিত হৈছে। এইমছ কৰ্তৃপক্ষই সদৰী কৰা মতে ৯.৫১ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতৰ মৃত্যুৰ খবৰে জোকাৰি তুলিছে সমগ্ৰ দেশ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট যোগে মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেখেতৰ মৃত্যুত সমগ্ৰ ভাৰতে শোকবিহ্বল হোৱা বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ হিচাপে মনমোহন সিঙক স্মৰণ কৰি তেখেতৰ কাৰ্যকালত বিগত সময়ছোৱাত দেশৰ অৰ্থনৈতিক নীতিত এক শক্তিশালী ছাপ পৰিছিল বুলিও প্ৰধানমন্ত্ৰী লগতে উল্লেখ কৰে।

 

উল্লেখ্য যে মনমোহন সিঙে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ক্ৰমাগত দুবাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ দীঘলীয়া সময়ৰ বাবে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। মনমোহন সিঙে দেশৰ অৰ্থনীতিলৈ আগবঢ়াই গৈছে গুৰুত্বপূৰ্ণ অৱদান। দেশৰ অৰ্থনৈতিক সংস্কাৰৰ দিশত আগুৱাই নিয়াত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।

দেশৰ সৰ্বস্তৰত এগৰাকী সন্মানীয় ৰাজনীতিবিদ হিচাপে বিবেচিত মনমোহন সিঙৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত বৰ্তমানৰ পাকিস্তানত। ১৯৪৭ চনত দেশ বিভাজনৰ পিছত তেওঁৰ পৰিয়াল ভাৰতলৈ আহিছিল। মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰিছিল। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ইক’নমিক্স ট্ৰাইপ’ছ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডি.ফিল ডিগ্ৰী লয়।

নব্বৈৰ দশকৰ আৰম্ভণিতে মনমোহন সিঙে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে। তদানীন্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰে মনমোহন সিঙে। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতি উদাৰীকৰণৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৯১ চনত দেশে সন্মুখীন হোৱা ভয়াৱহ অৰ্থনৈতিক সংকট হ্ৰাস কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ইয়াৰ পিছত ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ তেওঁ ৰাজ্যসভাত বিৰোধী দলৰ নেতা হিচাপ দায়িত্ব পালন কৰিছিল। ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত মনমোহন সিং কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ইউ পি এ চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা মনমোহন সিং নেতৃত্বাধীন চৰকাৰৰ সময়ত দেশৰ গড় ডিজিপি আছিল ৮%-৯%।

ইয়াৰ পিছত তেওঁ ২০০৯ চনতো দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। তেখেতৰ কাৰ্যকালত ভাৰত বিশ্বৰ অন্যতম দ্ৰুতগতিত বিকশিত অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰতৰ মান শক্তিশালী কৰি তোলা মনমোহন সিং চৰকাৰৰ সময়ত চীন-ভাৰত সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। আমেৰিকাৰ সৈতেও তেওঁৰ কাৰ্যকালত ভাৰতৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠে।

ভাৰতীয় সমাজ-অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ চাপ পেলাই আজি অৱশেষত এক বৰ্ণিল জীৱনৰ অৱসান ঘটায় মনমোহন সিঙে। তেখেতৰ মৃত্যুত দেশৰ শাসক বিৰোধী উভয় পক্ষৰ নেতাই গভীৰ শোক প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি এক টুইটত লিখিছে, “মনমোহন সিং ডাঙৰীয়াই অপৰিসীম জ্ঞান আৰু সততাৰে ভাৰতক নেতৃত্ব দিছিল।”

তেওঁৰ নম্ৰতা আৰু অৰ্থনীতিৰ গভীৰ জ্ঞানে দেশক অনুপ্ৰাণিত কৰিছিল বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে লগতে মনমোহন সিঙৰ মৃত্যুত তেওঁ এগৰাকী পৰামৰ্শদাতা হেৰুৱালে বুলি উল্লেখ কৰে। ৰাহুল গান্ধীয়ে লগতে এই কঠিন সময়ত মনমোহন সিঙৰ পৰিয়াললৈ সমবেদনা জনায়।

 

ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ অসাধাৰণক ব্যক্তিত্বক স্মৰণ কৰে। তেওঁৰ মৃত্যুত দেশে এগৰাকী মহান দেশপ্ৰেমিক, এগৰাকী ব্যতিক্ৰমী পণ্ডিত, এগৰাকী অগতানুগতিক ৰাজনীতিবিদ আৰু এগৰাকী সুদক্ষ ৰাষ্ট্ৰনেতাক হেৰুৱাইছে বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।

Latest News