শোকাৱহ! একেখন বাইকতে উঠি মেলা চাবলৈ গৈছিল চাৰি বন্ধু, দুৰ্ঘটনাত মৃত্যু আটাইকেইজনৰে

উত্তৰ প্ৰদেশতো সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। একেখন বাইকত উঠি মেলা চাবলৈ ৰাওনা হৈছিল চাৰিজন বন্ধু। যাত্ৰাৰত অৱস্থাতে বাইকখন চলাই থকা যুৱকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু তীব্ৰবেগী বাইকখন পথৰ কাষতে ৰখাই থোৱা এখন ট্ৰেক্টৰ ট্ৰলীৰ তলত সোমাই পৰে। ইয়াৰ ফলত বাইকত থকা চাৰিওজন বন্ধুৰ থিতাতে কৰুণ মৃত্যু ঘটে।

শোকাৱহ! একেখন বাইকতে উঠি মেলা চাবলৈ গৈছিল চাৰি বন্ধু, দুৰ্ঘটনাত মৃত্যু আটাইকেইজনৰে

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

14 Oct 2024 00:15 AM

দুৰ্গা পূজা উপলক্ষে বিগত কেইদিনত সমগ্ৰ দেশতে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছিল। পিছে দুৰ্গোৎসৱৰ এই আনন্দৰ মাজতে পিছে দেশৰ বিভিন্ন স্থানত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে। আজি দিনৰ ভাগত উত্তৰ প্ৰদেশতো সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে চাৰিজন যুৱকে। ৰাজ্যখনৰ আলিগড় জিলাৰ জৱা ৰোডত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। নিহত যুৱককেইজনে একেখন বাইকত উঠি মেলা চাবলৈ ৰাওনা হৈছিল বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি চাৰিও বন্ধু বুলন্দচহৰৰ পৰা একেখন বাইকেৰে মেলা চাবলৈ গৈছিল। যাত্ৰাৰত অৱস্থাতে বাইকখন চলাই থকা যুৱকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু তীব্ৰবেগী বাইকখন পথৰ কাষতে ৰখাই থোৱা এখন ট্ৰেক্টৰ ট্ৰলীৰ তলত সোমাই পৰে। ইয়াৰ ফলত বাইকত থকা চাৰিওজন বন্ধুৰ থিতাতে কৰুণ মৃত্যু ঘটে। এই শোকাৱহ ঘটনাৰ লগে লগে স্থানীয় কিছু লোক ঘটনাস্থলীত সমবেত হয়।

স্থানীয় লোকসকলে ইয়াৰ পিছতে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। নিহত চাৰিওজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৃতদেহকেইটা চিনাক্ত কৰে আৰু তেওঁলোকৰ মৃত্যুৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে। আৰক্ষীয়ে লগতে চাৰিওটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

নিহত আটাইকেইজন যুৱক বুলণ্ডশ্বৰ জিলাৰ দিবাই অঞ্চলৰ বুলি জানিব পৰা গৈছে। যুৱককেইজনক ক্ৰমে যশ, বিকাশ, সুনীল আৰু ৰবি বুলি চিনাক্ত কৰা হৈছে। নিহত যশৰ ককাকে জানিবলৈ দিয়া মতে চাৰিও যুৱকে আলিগড় মেলা চাবলৈ বাইকেৰে ওলাই গৈছিল। এই সময়তে জৱা অঞ্চলৰ ছেৰাট চহৰত দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ বাইকখন।

আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত ট্ৰেক্টৰ ট্ৰলীখনৰ তলৰ পৰা যুৱককেইজনৰ মৃতদেহ উদ্ধাৰ কৰে। যুৱককেইজনৰ ইতিমধ্যেই মৃত্যু ঘটিছিল যদিও আৰক্ষীয়ে সন্দেহৱশতঃ চাৰিওজনকে জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। অৱশ্যে চিকিৎসকে চাৰিওজন যুৱকক মৃত ঘোষণা কৰে। দুৰ্ঘটনাত মৃত্যু হোৱা চাৰিজন যুৱকৰ চিনাক্তকৰণৰ পিছত তেওঁলোকৰ পৰিয়ালক তেওঁলোকৰ মৃত্যুৰ বিষয়ে অৱগত কৰা হয়।

তথ্য লাভ কৰাৰ লগে লগে পৰিয়ালৰ লোকে সেই স্থানত উপস্থিত হয় আৰু তাৰ পিছত আৰক্ষীয়ে যুৱককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। চাৰিও বন্ধুৰ এই মৰ্মান্তিক মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইফালে দুৰ্ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ট্ৰেক্টৰ ট্ৰলীখন জব্দ কৰিছে।

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক