শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Pariksha pe Charcha: এইবাৰ ব্যতিক্ৰমী ৰূপত পৰীক্ষা পে চৰ্চা; দীপিকা পাডুকনৰ পৰা সদগুৰুলৈ থাকিব বিভিন্নজন

প্ৰধানমন্ত্ৰী মোদী আৰু ছাত্ৰ-ছাত্ৰীৰ এই অন্তৰংগ আলাপ অনুষ্ঠান প্ৰতিবছৰে শিক্ষা বিভাগে অয়োজন কৰে । দেশৰ ৰাজধানী দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হয় এই অনুষ্ঠান ।

Pariksha pe Charcha: এইবাৰ ব্যতিক্ৰমী ৰূপত পৰীক্ষা পে চৰ্চা; দীপিকা পাডুকনৰ পৰা সদগুৰুলৈ থাকিব বিভিন্নজন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
raj-saikia
Raj Saikia | Published: 06 Feb 2025 12:49 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ অনুষ্ঠান “পৰীক্ষা পে চৰ্চা” এইবাৰ এক নতুন ধৰণে অনুষ্ঠিত কৰা হ’ব । ব’ৰ্ড পৰীক্ষাত উত্তীৰ্ণ হ’ব খোজা শিক্ষাৰ্থীৰ সৈতে এইবাৰ আলাপ কৰিব কেবাগৰাকীও বিশেষ ব্যক্তিয়ে । পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়েহে এই অনুষ্ঠানত বাৰ্তালাপ কৰিছিল ।

এইবাৰ পৰীক্ষা পে চৰ্চাত অংশ ল’বলগীয়া সকলৰ ভিতৰত আছে অভিনেত্ৰী দীপিকা পাডুকন, বক্সাৰ মেৰী কম, অৱনী লেখাৰা, ৰুজুতা দিবাকৰ, সোণালী সাভ্ৰৱাল, ফুডফাৰ্মাৰ, বিক্ৰান্ত মেছী, ভূমি পেডনেকাৰ, টেকনিকেল গুৰুজী আৰু ৰাধিকা গুপ্তা ।

প্ৰধানমন্ত্ৰী মোদী আৰু ছাত্ৰ-ছাত্ৰীৰ এই অন্তৰংগ আলাপ অনুষ্ঠান প্ৰতিবছৰে শিক্ষা বিভাগে অয়োজন কৰে । দেশৰ ৰাজধানী দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হয় এই অনুষ্ঠান ।

পৰীক্ষা পে চৰ্চা অনুষ্ঠান হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা এক পদক্ষেপ । পৰীক্ষা চাপক জ্ঞান আহৰণৰ এক উৎসৱত পৰিণত কৰাই এই অনুষ্ঠানৰ লক্ষ্য আছিল । এইবাৰ এই অনুষ্ঠানৰ অষ্টম সংস্কৰণ অনুষ্ঠিত কৰা হ’ব ।

২০১৮ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা পৰীক্ষা পে চৰ্চা অনুষ্ঠানে দেশজোৰা আন্দোলনলৈ পৰিণত হৈছে, ২০২৫ চনত ৮ম সংস্কৰণৰ বাবে ৩.৫৬ কোটি পঞ্জীয়ন লাভ কৰিছে । ইয়াৰ উপৰিও সপ্তম সংস্কৰণৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে, য’ত ২.২৬ কোটি পঞ্জীয়ন হৈছিল । এইবাৰ ১.৩ কোটি পঞ্জীয়ন বৃদ্ধি পাইছে ।

পৰীক্ষা পে চাৰ্চা কেৱল জনপ্ৰিয় কাৰ্যসূচীত পৰিণত হোৱাই নহয়, সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰা “জন আন্দোলন”লৈও পৰিণত হৈছে । পৰীক্ষাৰ মানসিক চাপ আঁতৰোৱা আৰু ছাত্ৰ-ছাত্ৰীক পৰীক্ষাক উৎসৱ হিচাপে চাবলৈ উৎসাহিত কৰা এই পদক্ষেপে সকলো শ্ৰেণীৰ লোকৰ মাজত তীব্ৰ আকৰ্ষণ জগাইছে ।

পৰীক্ষা পে চাৰ্চাত আপ্লুত অংশগ্ৰহণে মানসিক সুস্থতা আৰু সামগ্ৰিক শিক্ষাৰ গুৰুত্বৰ প্ৰতি ক্ৰমবৰ্ধমান সজাগতা আৰু গ্ৰহণযোগ্যতাক প্ৰতিফলিত কৰে । ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু প্ৰধানমন্ত্ৰীৰ মাজত মুকলি আলোচনাৰ সৈতে জড়িত এই কাৰ্যসূচীৰ ইন্টাৰেক্টিভ ফৰ্মেটে ইয়াৰ সফলতাত আৰু অধিক অৰিহণা যোগাইছে ।

পৰীক্ষা পে চাৰ্চাক “জন আন্দোলন” হিচাপে অধিক শক্তিশালী কৰাৰ বাবে ১২ জানুৱাৰী, ২০২৫ (ৰাষ্ট্ৰীয় যুৱ দিৱস)ৰ পৰা ২৫ জানুৱাৰী, ২০২৫ (নেতাজী সুভাষ চন্দ্ৰ বসু জয়ন্তী)লৈ বিদ্যালয় পৰ্যায়ত এক ধাৰাবাহিক আকৰ্ষণীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত অনুষ্ঠিত এই কাৰ্যসূচীসমূহৰ লক্ষ্য আছিল ছাত্ৰ-ছাত্ৰী, অভিভাৱক, আৰু শিক্ষকসকলক পিপিচিক উৎসৱ হিচাপে উদযাপন কৰাত জড়িত কৰা । মুঠ ১.৪২ কোটি ছাত্ৰ-ছাত্ৰী, ১২.৮১ লাখ শিক্ষক, আৰু ২.৯৪ লাখ বিদ্যালয়ে অংশগ্ৰহণ কৰে । এই কাৰ্যকলাপসমূহ মানসিক চাপ হ্ৰাস, মনোযোগ উন্নত, পৰীক্ষাৰ সময়ত আৰু তাৰ পিছতো প্ৰদৰ্শন বৃদ্ধিৰ বাবে ডিজাইন কৰা হৈছিল।

ছাত্ৰ-ছাত্ৰীসকলক খো-খো আৰু কাবাড্ডীৰ দৰে থলুৱা খেল, চমু মাৰাথন, সৃষ্টিশীল মুকাভিনয় প্ৰতিযোগিতা, আকৰ্ষণীয় নাটক প্ৰদৰ্শন আৰু মনোগ্ৰাহী পোষ্টাৰ নিৰ্মাণকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছিল ।

ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসাপত্ৰৰ জৰিয়তে তেওঁলোকৰ অভিজ্ঞতাসমূহ ভাগ-বাটোৱাৰা কৰিবলৈ, ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত আলোচনাত অংশগ্ৰহণ কৰিবলৈ, আৰু যোগাসন আৰু ধ্যান অধিবেশনত জড়িত হৈ শিথিলতা আৰু মননশীলতা গঢ়ি তুলিবলৈ উৎসাহিত কৰা হৈছিল । বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিকশিত নাটকৰ আয়োজন কৰিছিল, কৰ্মশালা অনুষ্ঠিত কৰিছিল, আৰু বিশেষ অতিথিসকলক ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰা ভাষণ দিবলৈ আমন্ত্ৰণ জনাইছিল ।
২০১৮ চনৰ পৰা পি এম মোদীয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, আৰু অভিভাৱকৰ সৈতে মত বিনিময় কৰি ব’ৰ্ড পৰীক্ষাৰ সময়ত মানসিক চাপমুক্ত হৈ থকাৰ টিপছ শ্বেয়াৰ কৰিবলৈ বাৰ্ষিক অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে । শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে এই কাৰ্যসূচী পৰিচালনা কৰি আহিছে ।

পিপিচিৰ প্ৰথম তিনিটা সংস্কৰণ নতুন দিল্লীত টাউন-হল ইন্টাৰেক্টিভ ফৰ্মেটত অনুষ্ঠিত হৈছিল । কোভিড-১৯ মহামাৰীৰ বাবে চতুৰ্থ সংস্কৰণটো দূৰদৰ্শন আৰু সকলো টিভি চেনেলত টেলিকাষ্ট কৰা অনুষ্ঠানৰ ৰূপত অনলাইনযোগে অনুষ্ঠিত কৰা হয় । নতুন দিল্লীৰ টলকটোৰা ষ্টেডিয়ামত পুনৰ টাউন হল ফৰ্মেটত অনুষ্ঠিত হয় পিপিচিৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম সংস্কৰণ ।