শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Death anniversary of Gandhiji: প্ৰধানমন্ত্ৰী মোদীৰ পৰা মল্লিকাৰ্জুন খাৰ্গেলৈ বিভিন্নজনৰ শ্ৰদ্ধাঞ্জলি

মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আৰু দেশৰ স্বাধীনতাৰ প্ৰতি তেওঁৰ অৱদানক সন্মান জনাই ভাৰতে প্ৰতি বছৰে ৩০ জানুৱাৰীত শ্বহীদ দিৱস পালন কৰে ।

Death anniversary of Gandhiji: প্ৰধানমন্ত্ৰী মোদীৰ পৰা মল্লিকাৰ্জুন খাৰ্গেলৈ বিভিন্নজনৰ শ্ৰদ্ধাঞ্জলি
ৰাজঘাটImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 30 Jan 2025 11:54 AM

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু তিথি । ভাৰতবাসীয়ে প্ৰতিবছৰে এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “পূজনীয় বাপুক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জনাইছোঁ । তেওঁৰ আদৰ্শই আমাক এখন উন্নত ভাৰত গঢ়িবলৈ প্ৰেৰণা দিয়ে । আমাৰ দেশৰ বাবে শ্বহীদ হোৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো আৰু তেওঁলোকৰ সেৱাৰ লগতে ত্যাগকো স্মৰণ কৰিছো ।”

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্বাহে উল্লেখ কৰে যে স্বচ্ছতা, স্বাৱলম্বীতা আৰু গ্ৰাম্য ভাৰতৰ সবলীকৰণৰ প্ৰতি তেওঁৰ চিন্তাধাৰাই দেশবাসীক অনুপ্ৰাণিত কৰি যাব ।

এক্সযোগে এটা পোষ্টত শ্বাহে কয়, “কৃতজ্ঞ দেশবাশীৰ হৈ মই ভাৰতৰ স্বাধীনতা যুঁজৰ অগণী পুৰুষ মহাত্মা গান্ধীলৈ শ্ৰদ্ধা জনাইছো । সত্য, অহিংসা আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ভাৰতীয় মূল্যবোধক তেওঁ বিশ্বব্যাপী প্ৰসাৰ কৰিছিল । মহাত্মা গান্ধীয়ে একতাৰ সূতাৰে সমগ্ৰ দেশক বান্ধি স্বাধীনতা আন্দোলনক শক্তিশালী ৰূপ দিছিল । স্বচ্ছতা, আত্মনিৰ্ভৰশীলতা আৰু গ্ৰামীণ ভাৰতৰ সৱলীকৰণৰ দিশত তেওঁৰ চিন্তাই দেশবাসীক অনুপ্ৰাণিত কৰি থাকিব ।”

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ো ৭৭ সংখ্যক মৃত্যু তিথি গান্ধীজীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে । তেওঁ কয় যে সত্য, অহিংসা, সৰ্বোদয় আৰু সৰ্বধৰ্ম সমভাৱৰ গান্ধীজীৰ যি দৰ্শন, সিয়ে সদায় আমাৰ পথ পোহৰাই থাকিব ।

এক্সত এটা পোষ্টত খাৰ্গেই কয়, “আপোনালোকে মোক কৰিব পৰা আটাইতকৈ ডাঙৰ সহায় হ’ল আপোনালোকৰ হৃদয়ৰ পৰা ভয় নিৰ্বাসন কৰা ।” – মহাত্মা গান্ধী । শ্বহীদ দিৱসত আমি বাপুক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো — আমাৰ জাতিৰ পথ প্ৰদৰ্শক । তেওঁৰ সত্য, অহিংসা, সৰ্বোদয় আৰু সৰ্বধৰ্ম সমভাৱে আমাৰ পথ পোহৰাই ৰাখিছে । যিসকলে তেওঁৰ চিন্তা আৰু দৰ্শনক ধ্বংস কৰিব খোজে, সেইসকলৰ বিৰুদ্ধে আমি নিৰন্তৰ যুঁজ দি যাম । ভাৰতৰ যি বৈচিত্ৰ তাৰ লগতে ন্যায় আৰু সমতাক ৰক্ষা কৰোঁ আহক ।”

মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আৰু দেশৰ স্বাধীনতাৰ প্ৰতি তেওঁৰ অৱদানক সন্মান জনাই ভাৰতে প্ৰতি বছৰে ৩০ জানুৱাৰীত শ্বহীদ দিৱস পালন কৰে । শ্বহীদ দিৱসৰ এই উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰীয় আৰ্কাইভ (এন এ আই) আৰু ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয় (এন জি এম)ৰ সহযোগত ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ আৰু প্ৰসাৰ ভাৰতী আৰ্কাইভৰ সহযোগত “মহাত্মাৰ যাত্ৰা: তেওঁৰ নিজৰ তথ্যৰ মাধ্যমেৰে ” শীৰ্ষক এক বিশেষ প্ৰদৰ্শনী ঘোষণা কৰে ।

এক আনুষ্ঠানিক বিবৃতি অনুসৰি আজি বিয়লি ৩.০০ বজাত নতুন দিল্লীৰ ৰাজঘাটৰ ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ৰ প্ৰদৰ্শনী প্ৰেক্ষাগৃহত মহাত্মা গান্ধীৰ নাতিনী তথা ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ৰ অধ্যক্ষ তাৰা গান্ধী ভট্টাচাৰ্যই উদ্বোধন কৰিব এই প্ৰদৰ্শনী ।