শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাল খবৰ! ইউনেস্ক’ৰ বিশ্ব স্মৃতি পঞ্জীত অন্তৰ্ভুক্ত শ্ৰীমদ্ভাগৱত গীতা আৰু ভৰত মুনিৰ নাট্যশাস্ত্ৰ…

UNESCO's memory of the world register: সমগ্ৰ দেশবাসীৰ বাবে ভাল খবৰ। ইউনেস্ক’ৰ বিশ্ব স্মৃতি পঞ্জীত অন্তৰ্ভুক্ত শ্ৰীমদ্ভাগৱত গীতা আৰু ভৰত মুনিৰ নাট্যশাস্ত্ৰ। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমূহ ভাৰতীয়ক অভিনন্দন জ্ঞাপন কৰে।

ভাল খবৰ! ইউনেস্ক’ৰ বিশ্ব স্মৃতি পঞ্জীত অন্তৰ্ভুক্ত শ্ৰীমদ্ভাগৱত গীতা আৰু ভৰত মুনিৰ নাট্যশাস্ত্ৰ…
Geeta And NatyasashtraImage Credit source: x (Gajendra singh shekhawat)
barasha-sarma
Barasha Sarma | Updated On: 18 Apr 2025 13:34 PM

দেশবাসীৰ বাবে ভাল খবৰ। ভ (UNESCO’s memory of the world register )। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে এই সন্দৰ্ভত সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰিছে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় এয়া গৌৰৱৰ ক্ষণ বুলি উল্লেখ কৰি সমগ্ৰ দেশবাসীক অভিনন্দন জনায়।

গজেন্দ্ৰ সিং শ্বেখাৱতৰ এই পোষ্ট সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত লিখিছে যে,বিশ্বৰ প্ৰতিগৰাকী ভাৰতীৰ বাবে গৌৰৱৰ ক্ষণ! ইউনেস্ক’ৰ স্মৃতি পঞ্জীত গীতা আৰু নাট্যশাস্ত্ৰৰ অন্তৰ্ভুক্তিৰে আমাৰ কালজয়ী প্ৰজ্ঞা আৰু চহকী সংস্কৃতিৰ বিশ্বব্যাপী স্বীকৃতি।। গীতা আৰু নাট্যশাস্ত্ৰই যুগ যুগ ধৰি সভ্যতাক, আৰু চেতনাক লালন-পালন কৰি আহিছে। সদায় বিশ্বক অনুপ্ৰাণিত কৰি আহিছে।

 

কেন্দ্ৰীয় মন্ত্ৰীয়ে কি কয়

কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে এই বিষয় সন্দৰ্ভত সামাজিক মাধ্যমত কয় যে, ভাৰতৰ সভ্য ঐতিহ্যৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত। শ্ৰীমদ্ভাগৱত গীতা আৰু ভাৰত মুনিৰ নাট্যশাস্ত্ৰ বৰ্তমান ইউনেস্ক’ৰ স্মৃতি বিশ্ব পঞ্জীত লিপিবদ্ধ হৈছে। এই বিশ্বজনীন সন্মানে ভাৰতৰ চিৰন্তন প্ৰজ্ঞা আৰু কলাত্মক উজ্জ্বলতাক উদযাপন কৰে। এই কালজয়ী ৰচনাসমূহ সাহিত্যিক সম্পদতকৈও অধিক – ভাৰতৰ বিশ্বদৃষ্টিভংগী আৰু আমি চিন্তা, অনুভৱ, জীৱন আৰু প্ৰকাশৰ ধৰণক গঢ় দিয়া দাৰ্শনিক আৰু নান্দনিক মূল শিলাস্তম্ভ।

তেওঁ লগতে লিখে যে, ইয়াৰ লগে লগে এতিয়া আমাৰ দেশৰ ১৪টা অভিলেখ এই আন্তঃৰাষ্ট্ৰীয় পঞ্জীত অন্তৰ্ভুক্ত হৈছে।

ইউনেস্ক’ৰ বিশ্ব স্মৃতি পঞ্জী কি?

বিশ্বত প্ৰসিদ্ধ ইউনেস্ক’ৰ বিশ্ব স্মৃতি পঞ্জী। এই কাৰ্যসূচীৰ কাম হৈছে বিশ্বৰ গুৰুত্বপূৰ্ণ তথ্যচিত্ৰ ঐতিহ্য সংৰক্ষণ কৰা , যাতে ইয়াৰ বিষয়ে সহজে জনতাই জানিব পাৰে। এই পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ ফলত নথি-পত্ৰসমূহৰ বিষয়ে সহজে তথ্য লাভ কৰে।  ইয়াত কেইবাশ বছৰ পুৰণি নথি-পত্ৰও সুৰক্ষিত ৰখা হৈছে। এই কাৰ্যসূচী ১৯৯২ চনত আৰম্ভ কৰা হৈছিল।