সঘন যোগাযোগ ৰাখিছে দূতাবাসে, জাৰ্মানীৰ বৰদিনৰ বজাৰত সংঘটিত আক্ৰমণত আহত ৭ জন ভাৰতীয়

এখন বৰদিনৰ বজাৰত হোৱা ভয়াবহ গাড়ী আক্ৰমণত ৭ জন ভাৰতীয় আহত হোৱাৰ খবৰ লাভ কৰা গৈছে । চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে, বাৰ্লিনত থকা ভাৰতীয় দূতাবাসে তেওঁলোকক সকলো ধৰণৰ সহায় আগবঢ়াইছে ।

সঘন যোগাযোগ ৰাখিছে দূতাবাসে,  জাৰ্মানীৰ বৰদিনৰ বজাৰত সংঘটিত আক্ৰমণত আহত  ৭ জন ভাৰতীয়

বৰদিনৰ বজাৰত আক্ৰমণ

Updated On: 

22 Dec 2024 07:03 AM

পূব জাৰ্মানীৰ মেগডেবাৰ্গ চহৰৰ এখন বৰদিনৰ বজাৰত হোৱা ভয়াবহ গাড়ী আক্ৰমণত ৭ জন ভাৰতীয় আহত হোৱাৰ খবৰ লাভ কৰা গৈছে । চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে, বাৰ্লিনত থকা ভাৰতীয় দূতাবাসে তেওঁলোকক সকলো ধৰণৰ সহায় আগবঢ়াইছে । জাৰ্মান কৰ্তৃপক্ষই জনোৱা মতে, শুকুৰবাৰে সন্ধিয়া চেক্সন-আনহাল্ট ৰাজ্যৰ মেগডেবাৰ্গত বৰদিনৰ বজাৰত ভিৰ কৰা গ্ৰাহকক এফালৰ পৰা গাড়ীৰে মহতিয়াই নিবলৈ আৰম্ভ কৰে এজন ৫০ বছৰীয়া লোকে । এই ঘটনাত ৭ শিশুকে ধৰি পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২০০ জন লোক আহত হয় ।

ভাৰত চৰকাৰৰ সূত্ৰই কৰিছে যে আহত ভাৰতীয় সাতজনৰ ভিতৰত তিনিজনক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এই আক্ৰমণক গৰিহণা দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, জাৰ্মানীত থকা ভাৰতীয় দূতাবাসে আহত ভাৰতীয়সকলৰ সঘন যোগাযোগ ৰাখিছে। অৱশ্যে আঘাতপ্ৰাপ্ত ভাৰতীয়ৰ সংখ্যা নিৰ্দিষ্ট কৰা হোৱা নাই।

এক্স হেণ্ডেলৰ এটা পোষ্টত বাৰ্লিনত থকা ভাৰতীয় দূতাবাসে এই আক্ৰমণত আহত ভাৰতীয়সকলৰ সৈতে সঘনাই যোগাযোগ বজাই ৰাখিছে বুলি জানিবলৈ দিয়ে। এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, ভাৰতীয় দূতাবাসে এই কাণ্ডত আহত ভাৰতীয়সকলক সকলো ধৰণৰ সাহায্য আগবঢ়াইছে।

স্থানীয় আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষই জনোৱা মতে, নিজৰ বিলাসী বাহেনেৰ বজাৰত ভিৰ কৰা গ্ৰাহকৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ ৫০ বছৰীয়া লোকজনক ইতিমধ্যে গ্ৰাপ্তাৰ কৰা হৈছে । খবৰ অনুসৰি, লোকজনৰ ঘৰ ছৌদি আৰৱত আৰু তেওঁ ২০০৬ চনৰ পৰা জাৰ্মানীত বাস কৰি আহিছে।

লগতে পঢ়ক : বৰদিনৰ বজাৰত ভিৰ কৰা গ্ৰাহকক মহতিয়াই নিলে এখন বিলাসী বাহনে

চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।