ঘৰেৰ বায়োস্কোপ বঁটা ২০২৪ঃ মিথুন চক্ৰৱৰ্তীক সম্বৰ্ধনা, কোনে লাভ কৰিলে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা
Ghorer Bioscope 2024:ঘোষণা হ'ল ঘৰেৰ বায়োস্কোপ (Ghorer Bioscope Award ) ২০২৪ৰ বঁটা। টিভি ৯ বাংলাৰ উদ্যোগত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন শিতানত শিল্পীসকলক সন্মান জনোৱা হয়।
ঘোষণা হ’ল ঘৰেৰ বায়োস্কোপ (Ghorer Bioscope Award ) ২০২৪ৰ বঁটা। টিভি ৯ বাংলাৰ উদ্যোগত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন শিতানত শিল্পীসকলক সন্মান জনোৱা হয়। ঘৰেৰ বায়োস্কোপ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ নিৰ্দেশকৰ বঁটাত কেইটবাগৰাকী নিৰ্দেশকৰ নাম অন্তৰ্ভুক্ত থাকে যিয়ে নিজৰ পৰিচালনাৰে প্ৰতি ঘৰৰ মানুহৰ মনোৰঞ্জন দি আহিছে। এই শিতানত এইবাৰ কেইবাগৰাকী পৰিচালকৰ নাম আছিল। ইয়াৰোপৰি এই অনুষ্ঠানতে জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীকো সন্মানিত কৰা হয়।
নন ফিকশ্যন (অকল্পনীয়)ত কাৰ কাৰ নাম
ঘৰেৰ বায়স্কোপ বঁটা প্ৰদান অনুষ্ঠানৰ নন- ফিকশ্যন শিতানত ৫ টা পৃথক নন-ফিকশ্যন শ্বোৰ নাম মনোনীত হৈছিল। ইয়াত শ্ৰেষ্ঠ নন-ফিকশ্যন শ্ব’ আৰু শ্ৰেষ্ঠ নন-ফিকশ্যন শ্ব’ পৰিচালকৰ দৰে শিতান অন্তৰ্ভুক্ত কৰা হৈছিল।
মনোনীত তালিকা
- দিদি নম্বৰ ১
- দাদাগিৰি আনলিমিটেড ছিজন টেন
- ডান্স বাংলা ডান্স
- আকাশ ছুপাৰষ্টাৰ
- চুপাৰ চিংগাৰ ছিজন ৪
বিজয়ী
নন-ফিকশ্যন শিতানত ঘৰেৰ বাংলা ২০২৪ অনুষ্ঠানত শ্ৰেষ্ঠ শ্বৰ বঁটা লাভ কৰিছে ডান্স বাংলা ডান্সে। উল্লেখ কৰা প্ৰয়োজন যে, বলিউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তী এই অনুষ্ঠানৰ সৈতে জড়িত আৰু তেওঁক বিচাৰক হিচাপে দেখা যায়। তেওঁৰ এই শ্বটোয়ে শ্ৰেষ্ঠ বঁটা লাভ কৰিছে। জনপ্ৰিয় অভিনেতাগৰাকীক এই অনুষ্ঠানতে সন্মানিত কৰা হয়।
এই বঁটাৰ উপৰিও শ্ৰেষ্ঠ ননফিক্সন শ্ব’ৰ পৰিচালকৰ বঁটাও ঘোষণা কৰা হৈছে। ঘৰেৰ বাংলা ২০২৪ ৰ নন- ফিকশ্যন শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে অভিজিৎ সেনে।
মিথুন চক্ৰৱৰ্তী
বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী। হিন্দী ছবিৰ লগতে তেওঁ বহু বাংলা ছবিতো অভিনয় কৰিছে। এইগৰাকী অভিনেতাই কৰা প্ৰথমখন ছবিৰ বাবে তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ মিথুন চক্ৰৱৰ্তীয়ে ২০২৪ চনৰ ৮ অক্টোবৰত দাদা চাহে ফাল্কে বঁটা লাভ কৰিছিল। এইগৰাকী মহান অভিনেতাক জনপ্ৰিয় বাংলা অনুষ্ঠানটোত সন্মানিত কৰা হয়।