5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুণগত মান পৰীক্ষাত বিফল! পেৰাচিটামলকে ধৰি ৫৩বিধ ঔষধ নিষিদ্ধ কৰিলে চৰকাৰে

CDSCOয়ে ৫৩বিধ ঔষধ নিষিদ্ধ কৰিছে। এই ঔষধবোৰ গুণগত মানদণ্ড অনুসৰি নাছিল যিবোৰে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। নিষিদ্ধ ঔষধবোৰত পেণ্টোচিডৰ দৰে ঔষধও অন্তৰ্ভুক্ত আছে। যাক ব্যাপক হাৰত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ভিটামিন ঔষধো আছে।

গুণগত মান পৰীক্ষাত বিফল! পেৰাচিটামলকে ধৰি ৫৩বিধ ঔষধ নিষিদ্ধ কৰিলে চৰকাৰে
পেৰাচিটামলকে ধৰি ৫৩বিধ ঔষধ নিষিদ্ধ!
trishna-kalita
Trishna Kalita | Updated On: 25 Sep 2024 22:17 PM

কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাৰ (CDSCO) দ্বাৰা কৰা মানদণ্ড পৰীক্ষাত ৫৩বিধ ঔষধ বিফল হৈছে। ইয়াৰ ভিতৰত আছে বিপি, ডায়েবেটিচ আৰু কিছুমান ভিটামিন ঔষধ। CDSCOৰ দ্বাৰা নিষিদ্ধ কৰা ঔষধবোৰৰ ভিতৰত আছে পেইনকিলাৰ ডাইক্লোফেনাক, জ্বৰ কমোৱা পেৰাচিটামল, এণ্টিফাংগাল ঔষধ ফ্লুকোনাজোল আৰু কিছুমান ভিটামিন ঔষধ। এই ঔষধবোৰ দেশৰ বহুতো ডাঙৰ ফাৰ্মাচিউটিকেল কোম্পানীৰ দ্বাৰা তৈয়াৰ কৰা হয়। এই ঔষধবোৰ মানদণ্ড পৰীক্ষাত বিফল হৈছে আৰু সেইবোৰক স্বাস্থ্যৰ বাবে বিপদজনক বুলি কোৱা হৈছে।

CDSCOৰ দ্বাৰা কৰা পৰীক্ষাত ৫৩বিধ ঔষধ বিফল হৈছে। অৱশ্যে ইয়াৰ ৪৮বিধ ঔষধৰ তালিকা প্ৰকাশ কৰা হৈছে। ইয়াৰ কাৰণ হৈছে ৫বিধ ঔষধ প্ৰস্তুত কৰা কোম্পানীটোৱে কৈছে যে এয়া তেওঁলোকৰ ঔষধ নহয়। তেওঁৰ কোম্পানীৰ নামত ভুৱা ঔষধহে বজাৰত বিক্ৰী কৰা হৈছে। নিষিদ্ধ কৰা ঔষধবোৰৰ ভিতৰত আছে চান ফাৰ্মাৰ দ্বাৰা নিৰ্মিত পেণ্টোচিড টেবলেট। যাক এচিড ৰিফ্লাক্সৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। বহুলোকে এই ঔষধ ব্যৱহাৰ কৰে আৰু যোৱা কেইবছৰ মানত ইয়াৰ ব্যৱহাৰো বৃদ্ধি পাইছে। কিন্তু এই ঔষধবিধো পৰীক্ষাত সফল হোৱা নাই।

কেলচিয়াম আৰু ভিটামিন ডি টেবলেট – উচ্চ বিপি চিকিৎসাৰ বাবে ব্যৱহৃত শ্বেলকেল আৰু পুলমোচিল বেজীও পৰীক্ষাত বিফল হৈছে। এলকেম স্বাস্থ্য বিজ্ঞানৰ এণ্টিবায়টিক ক্লাভাম ৬২৫ ঔষধ পৰীক্ষাত বিফল হৈছে। অৱশ্যে, কিছুমান ফাৰ্মাচিউটিকেল কোম্পানীয়ে এইটোও দাবী কৰিছে যে CDSCO’ৰ দ্বাৰা চিনাক্ত কৰা ঔষধৰ গোটবোৰ ভুৱা আৰু তেওঁলোকে নিৰ্মাণ কৰা নাই।

স্বাস্থ্যৰ ক্ষতি

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি গ্লুকোয়ামাইলেজ, পেক্টিনেজ, এমাইলেজ, প্ৰটিয়াজ, আলফা গালাক্টোচিডেজ, চেলুলাজ, লাইপেজ, ব্ৰোমেলাইন, জাইলেন, হেমিচেলুলিজ, লেক্টেজ, বেটা-গ্লুকোনেজ, মল্ট ডায়েষ্টেজ, ইনভাৰ্টেজ আৰু পেপাটেজৰ ব্যৱহাৰ কৰা লোকসকলৰ বিপদৰ আশংকা ব্যক্ত কৰা হৈছে। নিষিদ্ধ কৰা ঔষধবোৰত চুলিৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধো অন্তৰ্ভুক্ত আছে। চৰকাৰে মানুহক এই ঔষধবোৰৰ ঠাইত আন ঔষধ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে।

কেইদিনমান আগতে চৰকাৰে ১৫৬বিধ ফিক্স ড’জ ঔষধ নিষিদ্ধ কৰিছিল। সেই ঔষধবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলিও কোৱা হৈছিল। Drug Advisory Boardৰ পৰামৰ্শৰ পাছত চৰকাৰে এই সিদ্ধান্ত লৈছিল। ফিক্স ড’জ ঔষধ অৰ্থাৎ এফ.ডি.চি. হৈছে এনে ঔষধ য’ত এটা টেবলেটত একাধিক ঔষধ মিহলি কৰা হয়। যিবোৰ খোৱাৰ পাছত তাৎক্ষণিকভাৱে সকাহ পোৱা যায়।

Latest News