5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চৰকাৰী কাৰ্যালয়ত নিষিদ্ধ ধপাত: ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

সকলো চৰকাৰী বিভাগত কাম কৰা কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে ৰাজ্যখনৰ চৰকাৰে। চৰকাৰী কাৰ্যালয়ত ধপাত সেৱন নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে। লগতে এই আদেশ উলংঘনৰ ক্ষেত্ৰত অনুশাসনমূলক ব্যৱস্থা লোৱাৰ সতৰ্কবাণী প্ৰদান কৰিছে।

চৰকাৰী কাৰ্যালয়ত নিষিদ্ধ ধপাত: ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
কৰ্ণাটকৰ চৰকাৰী কাৰ্যালয়ত নিষিদ্ধ ধপাত (প্ৰতীকি ফটো)
trishna-kalita
Trishna Kalita | Updated On: 08 Nov 2024 12:03 PM

চৰকাৰী কাৰ্যালয় আৰু কাৰ্যালয় চৌহদত কাম কৰা কৰ্মচাৰীসকলৰ বাবে ধপাত সেৱনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰ্ণাটক চৰকাৰৰ। কাৰ্যালয়ত চিগাৰেট আৰু যিকোনো ধৰণৰ ধপাত সেৱনৰ পৰা বিৰত থাকিব লাগিব চৰকাৰী কৰ্মচাৰীসকলে। এই আদেশ উলংঘনৰ ক্ষেত্ৰত সতৰ্কবাণীও প্ৰদান কৰা হৈছে। আদেশ উলংঘন কৰিলে লোৱা হ’ব অনুশাসনমূলক ব্যৱস্থা। কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰে।ইয়াৰ জৰিয়তে ৰাজহুৱা স্থানত এই সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

কৰ্মচাৰীসকলৰ স্বাস্থ্যৰ স্বাৰ্থত আৰু জনতা তথা চৰকাৰী কৰ্মচাৰীসকলক ধূমপানৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যে, যিকোনো চৰকাৰী কৰ্মচাৰীৰ বাবে চৰকাৰী কাৰ্যালয় আৰু চৌহদত ধূমপানকে ধৰি যিকোনো ধৰণৰ ধপাতজাতীয় সামগ্ৰী সেৱন নিষিদ্ধ কৰা হৈছে। এই সন্দৰ্ভত, কাৰ্যালয়বোৰত উপযুক্ত স্থানত সতৰ্কবাণী বোৰ্ড স্থাপন কৰাৰ নিৰ্দেশনাও দিয়া হৈছে।

কঠোৰ ব্যৱস্থা লোৱা হ’ব

নিৰ্দেশনাত কোৱা হৈছে যে, The Cigarettes and Other Tobacco Products Act, 2003ৰ অধীনত ৰাজহুৱা এলেকাত এই সামগ্ৰীৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ। কৰ্ণাটক ৰাজ্যিক অসামৰিক সেৱা নিয়ম, ২০২১ৰ নিয়ম-৩১ অনুসৰি ৰাজহুৱা স্থানত যিকোনো নিচাযুক্ত দ্ৰব্য বা পদাৰ্থ সেৱন নিষিদ্ধ কৰা হৈছে। যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে এই নিৰ্দেশনা উলংঘা কৰি কাৰ্যালয় বা চৌহদত যিকোনো ধৰণৰ ধপাত সামগ্ৰী (যেনে গুটখা, পান মচলা আদি) সেৱন কৰা দেখা যায়, তেন্তে তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

সতৰ্কবাণী বোৰ্ড স্থাপন

লগতে নিৰ্দেশনাত কোৱা হৈছে, ধূমপানৰ ওপৰত নিষেধাজ্ঞা কঠোৰভাৱে ৰূপায়ণ কৰাৰ বাবে কাৰ্যালয়ৰ উপযুক্ত স্থানত সতৰ্কবাণী বোৰ্ড লগোৱা হ’ব। এই বোৰ্ডবোৰত স্পষ্টভাৱে লিখা হ’ব যে নিৰ্দেশনা উলংঘনৰ বাবে জৰিমনা আৰোপ কৰা হ’ব। চৰকাৰী কৰ্মচাৰীসকলে কাৰ্যালয় বা চৌহদত যিকোনো ধপাত সামগ্ৰী (গুটখা, পান মচলা আদি) সেৱন কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হ’ব।

Latest News