Jammu kashmir: শ্ৰীনগৰত গ্ৰেনেড বিস্ফোৰণ, গুৰুতৰভাৱে আহত ১০জনৰো অধিক…
Kashmir blast: সংঘৰ্ষৰ ঘটনা সন্দৰ্ভত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই চিন্তা প্ৰকাশ কৰি ছ'চিয়েল মিডিয়াত লিখে যে, কিছুদিনৰ পৰা কাশ্মীৰত হৈ থকা আক্ৰমণৰ ঘটনাই চিন্তিত কৰি তুলিছে। শ্ৰীনগৰৰ লাল চ'কৰ ‘দেওবাৰৰ বজাৰ’ত সামগ্ৰী কিনিবলৈ অহা লোকৰ ওপৰত গ্ৰেনেড আক্ৰমণৰ ঘটনাই সঁচাকৈয়ে ব্যাথিত কৰি তুলিছে।
জম্মু- কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত এক ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হয়। শ্ৰী নগৰৰ লাল চ’কত দেওবাৰে দুপৰীয়া ভাগত হোৱা গ্ৰেনেড বিস্ফোৰণত প্ৰায় ১০ জনলোক আহত হয়। এই ঠাইত দেওবাৰৰ দিনটোত চান ডে মাৰ্কেট বহে বাবে যথেষ্ঠ ভিৰ থাকে। যাৰ বাবে বোমা বিস্ফোৰণৰ পাছতেই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। জম্মু-কাশ্মীৰ আৰক্ষীৰ আই জিয়ে কয় যে সন্দেহ কৰা হৈছে সন্ত্ৰাসবাদীয়ে এই বিস্ফোৰণ সংঘটিত কৰিছে।
ঘটনাৰ পাছতেই আহতসকলক হাস্পাতাললৈ লৈ যোৱা হয়। জানিব পৰা মতে,আহতসকলৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক। বিস্ফোৰণৰ পাছতেই অঞ্চলটো আৰক্ষীয়ে সম্পূৰ্ণৰূপে ঘেৰি ছীল কৰি তদন্ত অব্যাহত ৰাখিছে। সূত্ৰই জনোৱা অনুসৰি,বিস্ফোৰণৰ ফলত আহতলোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
#WATCH | Jammu and Kashmir: Militants hurled grenade at TRC, Sunday market in Srinagar. More details awaited. pic.twitter.com/97EGapejDT
— ANI (@ANI) November 3, 2024
উল্লেখ্য যে, বিগত কেইটামান মাহৰ পৰা জম্মু- কাশ্মীৰত সক্ৰিয় হৈ পৰিছে সন্ত্ৰাবাদী।আৰক্ষী তথা নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদী বিৰোধী অভিযান অব্যাহত ৰাখিছে যদিও এনে ধৰণৰ অপ্ৰীতিকৰ কাৰ্যকালাপ ৰোধ হোৱা নাই। শনিবাৰে শ্ৰীনগৰৰ খানিয়াৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে লস্কৰৰ কমাণ্ডাৰ উছমানক হত্যা কৰিছিল। উছমানক লস্কৰৰ কমাণ্ডৰ ছাজাদ গুলৰ ঘনিষ্ঠ বুলি কোৱা হয়। উছমানৰ ক’ড নাম আছিল “ছোটা ৱালিদ”। তেওঁক কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ কাশ্মীৰৰ শীৰ্ষ নেতা আছিল। উছমানৰ মৃতদেহৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ- শস্ত্ৰও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
যোৱা ৪৮ ঘন্টাত কাশ্মীৰৰ ৩ টা পৃথককৈ স্থানত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়। শ্ৰীনগৰ, বান্দীপোৰা আৰু অনন্তনাগত হোৱা সংঘৰ্ষত ৩ জন সন্ত্ৰাসবাদী নিহত হয়। বিগত কেইটামান মাহত নিৰাপত্তাৰক্ষীৰ হাতত বহু সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। ইয়াৰে বেছিভাগ সন্ত্ৰাসবাদী পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰাৰ সময়তে নিহত হৈছে।
কাশ্মীৰত হৈ থকা সংঘৰ্ষৰ ঘটনা সন্দৰ্ভত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই চিন্তা প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত লিখে যে, কিছুদিনৰ পৰা কাশ্মীৰত হৈ থকা আক্ৰমণৰ ঘটনাই চিন্তিত কৰি তুলিছে। শ্ৰীনগৰৰ লাল চ’কৰ ‘দেওবাৰৰ বজাৰ’ত সামগ্ৰী কিনিবলৈ অহা লোকৰ ওপৰত গ্ৰেনেড আক্ৰমণ ঘটনা সঁচাকৈয়ে ব্যথিত কৰে। নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো ঠিক নহয় বুলি তেওঁ কয়।
The last few days have been dominated by headlines of attacks & encounters in parts of the valley. Today’s news of a grenade attack on innocent shoppers at the ‘Sunday market’ in Srinagar is deeply disturbing. There can be no justification for targeting innocent civilians. The…
— Omar Abdullah (@OmarAbdullah) November 3, 2024
তেওঁ কয় যে, নিৰাপত্তাৰক্ষীসকলে এনে কিছুমান পন্থা হাতত ল’ব লাগে যাৰ দ্বাৰা এনে সংঘৰ্ষসমূহ ৰোধ কৰিব পৰা যায়। কাশ্মীৰৰ লোকসকলে যাতে ভয়ত জীৱন নিৰ্বাহ কৰি থাকিব নালাগে তাৰ ক্ষেত্ৰত নিৰাপত্তাৰক্ষীয়ে কাম কৰিব লাগে বুলি তেওঁ কয়।