5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুজৰাটত ৫ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ, ৫ জনক আটক…

দিল্লী আৰক্ষীৰ বিশেষ কোষৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ ক’কেইন জব্দ কৰিবলৈ সক্ষম হৈছে । সূত্ৰ খবৰ অনুসৰি, গুজৰাটৰ অংকলেশ্বৰত দিল্লী আৰু গুজৰাট আৰক্ষীয়ে যৌথ অভিযান চলাইছিল । এই অভিযানত প্ৰায় ৫০০০ কোটি টকাৰ কমেও ৫১৮ কিলোগ্ৰাম ক’কেইন জব্দ কৰে আৰক্ষীয়ে ।

গুজৰাটত ৫ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ, ৫ জনক আটক…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 14 Oct 2024 10:48 AM

গুজৰাট আৰক্ষীৰ সহযোগত দিল্লী আৰক্ষীৰ বিশেষ কোষৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ ক’কেইন জব্দ কৰিবলৈ সক্ষম হৈছে । সূত্ৰ খবৰ অনুসৰি, গুজৰাটৰ অংকলেশ্বৰত দিল্লী আৰু গুজৰাট আৰক্ষীয়ে যৌথ অভিযান চলাইছিল । এই অভিযানত প্ৰায় ৫০০০ কোটি টকাৰ কমেও ৫১৮ কিলোগ্ৰাম ক’কেইন জব্দ কৰে আৰক্ষীয়ে । ইয়াৰ লগতে ৫ জন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, এই ঘটনা দিল্লীত ৭০০ কিলোগ্ৰাম ক’কেইন জব্দ কৰা ঘটনাৰ সৈতে জড়িত বুলি জানিবলৈ দিছে বিষয়াসকলে । জানিবলৈ পৰা মতে, আৰক্ষীয়ে এতিয়ালৈকে ১৩ হাজাৰ কোটিতকৈ অধিক মূল্যৰ ১২৮৯ কেজি ক’কেইন আৰু ৪০ কেজি হাইড্ৰ’পনিক গাঞ্জা জব্দ কৰিছে । লগতে এই নিচাযুক্ত সামগ্ৰী সৰবৰাহত লগত জড়িত থকা ১২ জন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে ।

দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, পূৰ্বে ৭০০ কেজি ক’কেইন জব্দ কৰা ঘটনাৰ তদন্তৰ সময়ত বিশেষ কোষে এই ড্ৰাগছখিনি অংকলেশ্বৰৰ আভকাৰ ড্ৰাগছ লিমিটেড কোম্পানীৰ পৰা উদ্ধাৰ কৰে। দেওবাৰে বিশেষ কোষৰ এটা দল গুজৰাটলৈ প্ৰেৰণ কৰা হয় আৰু কোম্পানীটোৰ গুদামৰ পৰা ক’কেইনখিনি উদ্ধাৰ কৰা হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে । ইয়াৰ লগতে পাঁচজন লোকক আটৰ কৰা হয় বুলিও জানিবলৈ দিছে ।

আৰক্ষীয়ে জনোৱা মতে, ডুবাই আৰু ব্ৰিটেইনৰ পৰা চলি থকা কথিত আন্তঃৰাষ্ট্ৰীয় নিচাজাতীয় সামগ্ৰীৰ ছিণ্ডিকেট সন্দৰ্ভত অভিযুক্তসকলক অধিক জেৰা কৰা হৈছে।

২ অক্টোবৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে দক্ষিণ দিল্লীৰ মহিপালপুৰৰ এটা গুদামৰ পৰা ৫৬২০ কোটি টকাৰ মূল্যৰ ৫৬০ কেজিতকৈ অধিক ক’কেইন আৰু ৪০ কেজিতকৈ অধিক হাইড্ৰ’পনিক গাঞ্জা জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে। পৰৱৰ্তী সময়ত অমৃতসৰ আৰু চেন্নাইৰ পৰা আন দুজনক আটক কৰে । এই ঘটনাৰ এসপ্তাহৰ ভিতৰত বিশেষ কোষে পশ্চিম দিল্লীৰ এখন ভাড়াতীয়া দোকানৰ পৰা ২০৮ কিলোগ্ৰাম ক’কেইন জব্দ কৰে।

Latest News