ঘৰৰ আছিল একমাত্ৰ ল’ৰা! জ্যেষ্ঠ ছাত্ৰৰ নিৰ্যাতনত প্ৰাণ গ’ল MBBS ৰ ছাত্ৰ অনিলৰ

তিনিজন ভাই-ভনীৰ ভিতৰত অনিল আছিল সৰু।  ৫৬ বছৰীয়া কৃষক নৰৱাৰ ভাই আৰু ৫৩ বছৰীয়া গীতাবেনৰ একমাত্ৰ পুত্ৰ আছিল। অনিলৰ পিতৃয়ে কয় যে,  ১৬ নৱেম্বৰৰ দিনা আমি অনিলৰ সৈতে কথা পাতিছিলো আৰু তেতিয়ালৈকে তেওঁ সুস্থ অৱস্থাত আছিল। কিন্তু তাৰ পাছতেই আমি তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰো।

ঘৰৰ আছিল একমাত্ৰ লৰা! জ্যেষ্ঠ ছাত্ৰৰ নিৰ্যাতনত প্ৰাণ গল MBBS ৰ ছাত্ৰ অনিলৰ

অনিল

Published: 

19 Nov 2024 10:49 AM

ৰেগিং এক ভয়াবহ ব্যাধি। কলেজত নামভৰ্তি কৰাৰ পাছত নতুন ছাত্ৰক একাংশ জ্যেষ্ঠ ছাত্ৰই ৰেগিং কৰে। সাধাৰণ পৰিচয় পৰ্বই ৰেগিঙৰ দৰে ভয়াবহ ৰূপ লোৱাৰ ফলতেই বহু ছাত্ৰ-ছাত্ৰীয়ে মৃত্যুক সাৱতি ল’বলগীয়াও হয়। শিক্ষা প্ৰতিষ্ঠান, হোষ্টেল আদিত ৰেগিং বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও এতিয়ালৈকে ৰেগিং বন্ধ হোৱা নাই। এনে এক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে য’ত একাংশ জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ বলি হৈ মৃত্যু মুখত পৰে এম বি বি এছৰ প্ৰথম বাৰ্ষিকৰ এজন ছাত্ৰ।

এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ পাটনৰ ধৰপুৰস্থিত মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ছ’চাইটি (জিএমইআৰএছ) মেডিকেল কলেজত। অভিযোগ অনুসৰি ১৮ বছৰীয়া  এম বি বি এছৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অনিল মেথানিয়াক তেওঁৰ ছিনিয়ৰসকলে ৰেগিঙৰ নামত প্ৰায় ৩ ঘণ্টা ধৰি থিয় কৰাই ৰাখে । ইমানেই নহয়, প্ৰায় ৭-৮ জন ছাত্ৰই অনিলক পৃথকে পৃথকে নিজৰ পৰিচয় দিবলৈ কয়। কিন্তু ৩ ঘন্টা ধৰি থিয় হৈ থকাৰ পাছত অনিলৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু লগে লগে অচেতন হৈ পৰে।

এই ঘটনাৰ পাছতেই অনিলৰ সতীৰ্থসকলে তেওঁক হাস্পাতালত ভৰ্তি কৰাই যদিও চিকিৎসাধীন অৱস্থাত অনিলৰ মৃত্যু হয়। পৰৱৰ্তী সময়ত অনিলৰ ঘৰত এই বিষয়ে অৱগত কৰা হয় আৰু পৰিয়ালৰলোকে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। অনিলৰ মৃত্যুৰ খবৰে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলত শোকৰ ছা পেলাইছে।  জানিব পৰা মতে অনিলক ৰেগিং কৰা ১৫ ছাত্ৰক ইতিমধ্যে কলেজৰ পৰা নিলম্বন কৰা হৈছে।

মৃত অনিল এম বি বি এছৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ আছিল। চিকিৎসক হোৱাৰ সপোন দেখি তেওঁ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত কলেজত নামভৰ্তি কৰিছিল। পৰিয়ালৰলোকে জনাই যে যোৱা ১৪ অক্টোবৰত পৰিয়ালৰলোকে অনিলক কলেজত থ’বলৈ আহিছিল কিন্তু ইয়াৰ এমাহ পাছতেই পৰিয়ালে অনিলৰ মৃত্যুৰ খবৰ লাভ কৰে।

অনিল আছিল অতি মেধাৱী ছাত্ৰ। কোনো কোচিং নকৰাকৈ অনিলে নীট (NEET) ত ৫৫০ নম্বৰ লাভ কৰিছিল। অনিলৰ পৰিয়ালৰ লোকে জনোৱা মতে,  তেওঁলোক সুৰেন্দ্ৰনগৰৰ ধৃংগাধৰা তালুকাৰ এথন সৰু গাঁও জেছাদাৰ বাসিন্দা। ৫ হাজাৰ জনসংখ্যাৰ সৰু গাঁও খনৰ অনিলেই একমাত্ৰ যুৱক যিয়ে নীট পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰোপৰি অনিলে GUJCET (Gujarat Common Entrance Test) ত ৯০.৫৭ শতাংশ নম্বৰ লাভ কৰিছিল।

তিনিজন ভাই-ভনীৰ ভিতৰত অনিল আছিল সৰু।  ৫৬ বছৰীয়া কৃষক নৰৱাৰ ভাই আৰু ৫৩ বছৰীয়া গীতাবেনৰ একমাত্ৰ পুত্ৰ আছিল। অনিলৰ পিতৃয়ে কয় যে,  ১৬ নৱেম্বৰৰ দিনা আমি অনিলৰ সৈতে কথা পাতিছিলো আৰু তেতিয়ালৈকে তেওঁ সুস্থ অৱস্থাত আছিল। কিন্তু তাৰ পাছতেই আমি তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰো। জানিব পৰা মতে ১৬ নৱেম্বৰৰ নিশা ৰেগিঙৰ এই কাণ্ড সংঘটিত হয় আৰু ১৭ নৱেম্বৰৰ পুৱতি নিশা অনিলে মৃত্যুক সাৱতি লয়। এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ঠাণ্ডা দিনত কমলা খাব লাগে নে নাই? কি কয় বিশেষজ্ঞই...
ভুলতো ঘৰত নাৰাখিব এইসমূহ দেৱ-দেৱীৰ মূৰ্তি বা প্ৰতিমা...
পৃথিৱীৰ এনে এখন দেশ, য’ত নাই এখনো কাৰাগাৰ! ক’ত ৰখা হৈছে বন্দীসকলক?
ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট