দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নতুন আইনৰ অধীনত নিৰ্বাচিত প্ৰথমজন CEC…
Chief election commissioner: দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰক নিযুক্তি। ১৯ ফেব্ৰুৱাৰীত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিব কুমাৰে। তেওঁ এই দায়িত্বৰ সামৰণি পৰিব ২০২৯ চনৰ ২৬ জানুৱাৰীত।

দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ( Chief election commission) হিচাপে নিযুক্তি লাভ কৰিছে জ্ঞানেশ কুমাৰ। ১৮ ফেব্ৰুৱাৰীত ৰাজীৱ কুমাৰে পদত্যাগ কৰাৰ পাছতে তেওঁৰ ঠাইত কুমাৰে এই দায়িত্বভাৰ গ্ৰহণ কৰিব। ১৯ ফেব্ৰুৱাৰীত দেশৰ নিৰ্বাচন আয়ুক্তৰ পদ গ্ৰহণ কৰাৰ পাছতে জ্ঞানেশ কুমাৰ কাৰ্যাকাল থাকিব ২০২৯ চনৰ ২৬ জানুৱাৰীলৈ। ইতিমধ্যে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰা হৈছে, য’ত কোৱা হৈছে যে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন-২০২৩ৰ ধাৰা ৪ৰ ক্ষমতা প্ৰয়োগ কৰি ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিছে। সমান্তৰালকৈ জ্ঞানেশ কুমাৰৰ ঠাইত এতিয়া নিৰ্বাচন আয়ক্ত হ’ব ড০ বিবেক যোশী।
জ্ঞানেশ কুমাৰ কেৰালা কেডাৰৰ ১৯৮৮ বেচৰ আই এ এছ অফিচাৰ। যোৱা মাৰ্চ মাহৰ পৰা তেওঁ নিৰ্বাচন আয়ুক্তৰ পদত অধিষ্ঠিত হৈ আহিছে। ইয়াৰ মাজতে জ্ঞানেশ কুমাৰক দেশৰ ৰাষ্ট্ৰপতিয়ে পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰে। নতুন আইনৰ ভিত্তিত বাচনি কৰা জ্ঞানেশ কুমাৰ হৈছে দেশৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত।
কংগ্ৰেছৰ প্ৰশ্ন
উল্লেখ্য যে, অধিসূচনা জাৰি হোৱাৰ পূৰ্বে সোমবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত বাচনি সমিতিৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অংশ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। মুখ্য নিৰ্বাচন আয়ুক্ত বাচনি কৰা সন্দৰ্ভত মোদী চৰকাৰে খৰখেদা কৰাৰ বাবে কংগ্ৰেছে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। দলটোৱে দাবী কৰিছে যে, ১৯ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’বলগীয়া বাছনি সমিতিৰ শুনানিৰ পৰিপ্ৰেক্ষিতত এই বৈঠক পিছুৱাই দিয়া উচিত আছিল।
এই সন্দৰ্ভত কংগ্ৰেছ দলৰ কোষাধ্যক্ষ অজয় মাকন, জ্যেষ্ঠ নেতা অভিষেক মনু সিংঘৱী, গুৰদ্বীপ সপ্পলে কয় যে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন, ২০২৩ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছে। সিংঘৱীয়ে কয় যে, এই বিষয়টো ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। এই সন্দৰ্ভত ১৯ ফেব্ৰুৱাৰীত শুনানি হ’ব। এনে পৰিস্থিতিত চৰকাৰে বৈঠক পিছুৱাই দিয়া প্ৰয়োজন আছিল। নতুন আইন অনুসৰি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু লোকসভাৰ বিৰোধী দলপতিৰে গঠিত এখন কমিটীয়ে মুখ্য নিৰ্বাচন আয়ুক্তক বাছনি কৰে, কিন্তু ইয়াত বহুতো সাংবিধানিক আৰু আইনী সমস্যা আছে।
তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ে ২০২৩ চনৰ ২ মাৰ্চত এক ৰায়দান দি কৈছিল যে, মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তৰ বাচনিৰ বাবে প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী জলৰ নেতা আৰু মুখ্য ন্যায়াধীশৰ সন্মতি থকা প্ৰয়োজন । কিন্তু বৰ্তমানৰ সমিতিয়ে এই ৰায়ক স্পষ্টকৈ উলংঘা কৰিছে।
নতুন আইন
উল্লেখ কৰা প্ৰয়োজন যে, নতুন আইনৰ ভিত্তিত এইবাৰ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত বাচনি কৰা হৈছে । এই আইন অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্ত বাচনিৰ সময়ত প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ দলপতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সহমতিৰ প্ৰয়োজন হয়। এক কথাত, এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ সময়ত এইবাৰ অমিত শ্বাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।