H1N1 Virus: মানৱ দেহত ছোৱাইন ফ্লুৰ সংক্ৰমণ! নতুনকৈ আক্ৰান্ত হৈছে ৫১৬ জন লোক, ৬ জনৰ মৃত্যু

নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলৰ এক পৰিসংখ্যা অনুসৰি নতুন বছৰত ছোৱাইন ফ্লুৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। দিল্লী, তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যত ছোৱাইন ফ্লুত আক্ৰান্ত হৈছে প্ৰায় ৫১৬ জন লোক। ইয়াৰে ৬ জনৰ পুনৰ মৃত্যু হৈছে।

H1N1 Virus: মানৱ দেহত ছোৱাইন ফ্লুৰ সংক্ৰমণ! নতুনকৈ আক্ৰান্ত হৈছে ৫১৬ জন লোক, ৬ জনৰ মৃত্যু

ভাইৰাছ

Updated On: 

12 Mar 2025 14:04 PM

মানুহৰ শৰীৰলৈ বিয়পিছে গাহৰিৰ জ্বৰ! প্ৰথমে জ্বৰ, কাহ, তাৰ পিছত পৰিস্থিতি অধিক বেয়া হ’লে আৰম্ভ হয় বমি, ডায়েৰিয়া  । লক্ষণবোৰ কৰ’নাৰ লগত বহুত মিল আছে যদিও ই ক’ৰ’না নহয়। নতুন বছৰতে দেশত বাঢ়িছে শংকা। যোৱা তিনিমাহত বিভিন্ন ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৫১৬ জন।

অৱশ্যে এই ৰোগ একেবাৰে নতুন নহয়। এই ৰোগ বহুদিন আগতে চিনাক্ত কৰা হৈছে। কোৱা হয় যে, এসময়ত গাহৰিৰ শৰীৰত এই ৰোগে দেখা গৈছিল। কিন্তু মাজে মাজে এই ৰোগৰ বেক্টেৰিয়া মানুহৰ শৰীৰটো প্ৰৱেশ কৰে। এই ৰোগ বিধৰ নাম হৈছে ছোৱাইন ফ্লু বা H1N1 ভাইৰাছ।

নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলৰ এক পৰিসংখ্যা অনুসৰি নতুন বছৰত ছোৱাইন ফ্লুৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। দিল্লী, তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যত ছোৱাইন ফ্লুত আক্ৰান্ত হৈছে প্ৰায় ৫১৬ জন লোক। ইয়াৰে ৬ জনৰ পুনৰ মৃত্যু হৈছে। ইয়াৰে ৪ জন কেৰালাৰ বাসিন্দা আৰু বাকী দুজন ক্ৰমে কৰ্ণাটক আৰু হিমাচল প্ৰদেশৰ বাসিন্দা।

এনচিডিচিৰ এক প্ৰতিবেদন অনুসৰি কেৱল ২০২৪ চনত ছোৱাইন ফ্লু আক্ৰান্তৰ সংখ্যা ২০ হাজাৰতকৈ অধিক আছিল। ইয়াৰে ৩৪৭ জন লোকৰ মৃত্যু হয়। ২০১৯ চনত এই সংখ্যাই আৰু এখোজ আগবাঢ়িছিল। সেই সময়ত ২৮ হাজাৰৰো অধিক লোক ছোৱাইন ফ্লুত আক্ৰান্ত হৈছিল। ১২০০ লোকৰ মৃত্যু হৈছিল।

কেনেদৰে সংক্ৰমিত হয়?

ছোৱাইন ফ্লু মূলত: ভাইৰাছৰ পৰা সৃষ্টি হোৱা এক শ্বাস-প্ৰশ্বাসজনিত ৰোগ। এই ৰোগৰ মূল কাৰণ হ’ল- ইনফ্লুৱেঞ্জা ভাইৰাছ-এ।  ছোৱাইন ফ্লু ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ পৰা বতাহৰ মাধ্যমেৰে আৰু ভাইৰাছৰ দ্বাৰা প্ৰদূষিত খোৱাবস্তুৰ মাধ্যমেৰে এই ৰোগবিধৰ সংক্ৰমন ঘটে। তদুপৰি এই ৰোগত আক্ৰান্ত ৰোগীৰ হাঁচি, পানীলগা, ৰোগীক পৰিচৰ্য্যা কৰা লোক, চিকিৎসা কৰা লোকৰ দ্বাৰা এই ৰোগবিধ অতি সহজেই সম্প্ৰসাৰিত হ’ব পাৰে।

প্ৰতিকাৰ

ইয়াৰ বাবে গাহৰি পালকসকলে গাহৰিবোৰক বছৰেকত দুবাৰকৈ বিভিন্ন ৰোগৰ প্ৰতিষেধক বেজী দিয়াৰ প্ৰয়োজন। তদুপৰি গাহৰিবোৰ বিজ্ঞানসন্মতভাৱে সদা গৃহত যিমান সম্ভৱ চাফচিকুণকৈ ৰখাটো অতি আৱশ্যক। ইনফ্লুৱেঞ্জা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত গাহৰি যিহেতু সামান্য চিকিৎসাতে সুস্থ হৈ উঠে সেয়ে গাহৰি পালকসকলে ভয় খোৱাৰ প্ৰয়োজন নাই। কিন্তু গাহৰিৰ পৰা যাতে সেই ভাইৰাছ মানুহলৈ সংক্ৰমণ নহয় তাৰবাবে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী।

ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...