কুকুৰনেচীয়াৰ পাছত এতিয়া শৃগালৰ সন্ত্ৰাস! আক্ৰমণত দুজন আহত, আতংকিত গাঁওবাসী
হাৰদোইৰ বন বিভাগ কাছাউনা অঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল কুমাৰে কৈছে যে, গৌচগঞ্জৰ নিৰ্মলপুৰ গাঁৱত কুকুৰ সদৃশ শৃগালৰ আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে একাংশ লোক।
উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত বন্য জন্তুৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ মাজতে হাৰদোইতো বন্য জন্তুৱে দুজন লোকক আক্ৰমণ কৰিছে। বন্য জন্তুৰ আক্ৰমণৰ পাছৰে পৰা গাঁওবাসীসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। সন্ধিয়া হোৱাৰ লগে লগে সেই অঞ্চলৰ ঘৰবোৰৰ দুৱাৰ-খিৰিকি বন্ধ কৰি দিয়া হয়। গাঁওবাসীয়ে কুকুৰনেচীয়াই আক্ৰমণ কৰাৰ সন্দেহ ব্যক্ত কৰিছে। আনহাতে বন বিভাগৰ দলে মতে এই আক্ৰমণ শৃগালে কৰিছে।
হাৰদোই জিলাৰ কাছাউনা বনাঞ্চলৰ অন্তৰ্গত নিৰ্মলপুৰ গাঁৱৰ বাসিন্দাসকলৰ মাজত ভয় আৰু আতংকৰ পৰিৱেশে বিৰাজ আছে। সন্ধিয়া হোৱাৰ লগে লগে বন্যপ্ৰাণীৰ শব্দৰ বাবে আতংকিত হৈ পৰে গাঁওবাসী। একাংশ লোকে আক্ৰমণকাৰী জন্তুটোক কুকুৰনেচীয়া বুলি অভিহিত কৰিছে। আকৌ কিছুমানে ইয়াক শিয়াল বুলি কৈছে। ইয়াৰ মাজতে বন্য জন্তুৰ আক্ৰমণত আক্ৰমণ লোক আহত হোৱাৰ খবৰ প্ৰকাশ পাইছে। ঘটনাৰ খবৰ পোৱাৰ পাছত বন বিভাগৰ দলটোৱে পদচিহ্ন বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে। একে সময়তে গাঁওবাসীয়ে কৈছে যে কুকুৰৰ দৰে দেখা প্ৰাণীটোৱে নিশাৰ আন্ধাৰত আক্ৰমণ সংঘটিত কৰি আছে। যাৰ ফলত গাওঁখনত বাস কৰা বহুলোক আঘাতপ্ৰাপ্ত হৈছে। আতংকৰ কাৰক হৈ পৰা জন্তুৰ বাবে গাঁওবাসীয়ে নিশা ঘৰৰ বাহিৰলৈ ওলাই নাযায়। ইফালে ঘটনাটো পোহৰলৈ অহাৰ পাছত বন বিভাগৰ দলটো সতৰ্ক হৈ পৰিছে।।
হাৰদোইৰ বন বিভাগ কাছাউনা অঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল কুমাৰে কৈছে যে, গৌচগঞ্জৰ নিৰ্মলপুৰ গাঁৱত কুকুৰ সদৃশ শৃগালৰ আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে একাংশ লোক। ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পাছত দলটো ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকসকলক সোধা-পোছা কৰে। লগতে বন্য জন্তুৰ সন্ধানত জোপোহা অঞ্চলত পদচিহ্ন বিচাৰিবলৈ চেষ্টা কৰে। প্ৰাথমিকভাৱে এয়া শৃগালৰ আক্ৰমণৰ ঘটনা হিচাপে পৰিলক্ষিত হৈছে । যাব বাবে সকলোকে সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। নিশাৰ সময়ত পথাৰৰ ফালে নাযাবলৈ কোৱা হৈছে। জন্তুটোৰ সন্ধানৰ ক্ষেত্ৰত বন বিভাগৰ দলে সতৰ্কতাৰে কাম কৰি আছে ।
হাৰদোই বন বিভাগৰ বিভাগীয় সঞ্চালক শশীকান্ত অমৰিশে কৈছে যে কুকুৰৰ প্ৰজাতিৰ শিয়াল আৰু শৃগাল এবিধ বন্য প্ৰাণী। সাধাৰণতে শিয়াল ধূৰ্ত হয়, আনহাতে শৃগাল ভয়াতুৰ। শিয়াল আৰু শৃগাল স্তন্যপায়ী মাংসভোজী। দুয়োপ্ৰকাৰৰ জন্তুৱে প্ৰায়ে লুকাই চিকাৰ কৰে। এই প্ৰাণীয়ে প্ৰায়ে সহজ চিকাৰ বিচাৰি থাকে। প্ৰায়ে ইয়াক প্ৰতিৰক্ষাৰ বাবে অৰণ্যৰ কাষত থকা গাঁওবাসীক আক্ৰমণ কৰা দেখা যায়। যি হাৰদোইতো ইয়াৰ আভাস পোৱা গৈছেয স্থানীয় গাওঁবাসীক সতৰ্ক কৰি দিয়া হৈছে। একে সময়তে বন বিভাগৰ দলে আক্ৰমণকাৰী বন্য জন্তুটো বিচাৰি আছে।