কোন হ'ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী? ১১ জনক লাগে শাসনৰ বাঘজৰী.. | hariyana assembly election cm candidate list all party Assam news - Assam Tv9

কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী? ১১ জনক লাগে শাসনৰ বাঘজৰী..

Published: 

11 Sep 2024 14:36 PM

যদি দলৰ ফালৰ পৰা চোৱা যায় তেন্তে কংগ্ৰেছৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ দৌৰত থাকিব ৫ জনকৈ প্ৰাৰ্থী, তাৰ পাছতে বিজেপিৰ ৩ জন আৰু বাকী ৩ জন আন কোনো দলৰ। ইয়াৰে ২ গৰাকী প্ৰাৰ্থী আছে যিয়ে পূৰ্বতে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।

কোন হব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী? ১১ জনক লাগে শাসনৰ বাঘজৰী..

হাৰিয়ানা বিধানসভা নিৰ্বাচন

Follow Us On

প্ৰথমবাৰৰ বাবে হাৰিয়ানা বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ বাবে  ১১ জনকৈ প্ৰাৰ্থীৰ নাম পোহৰলৈ আহিছে। ইয়াৰে ৪ জন প্ৰাৰ্থী হিছাৰ জিলাৰ। ইয়াৰ লগতে দুজন প্ৰাৰ্থী জিন্দ, দুজন ৰোহটকৰ। যদি দলৰ ফালৰ পৰা চোৱা যায় তেন্তে কংগ্ৰেছৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ দৌৰত থাকিব ৫ জনকৈ প্ৰাৰ্থী, তাৰ পাছতে বিজেপিৰ ৩ জন আৰু বাকী ৩ জন আন কোনো দলৰ। ইয়াৰে ২ গৰাকী প্ৰাৰ্থী আছে যিয়ে পূৰ্বতে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।

১) নায়ব সিং ছোনীঃ বিজেপিৰ এইগৰাকী নেতাই চলিত বৰ্ষৰ মাৰ্চ মাহত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। এইগৰাকী নেতা কুৰুক্ষেত্ৰৰ বাসিন্দা আৰু বৰ্তমান তেওঁ এই জিলাৰ লাডৱা আসনৰ পৰা বিধায়কৰ পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰ এছ এছৰ পৰা ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা নায়ব সিং বিধায়ক, সাংসদ আৰু হাৰিয়ানা চৰকাৰৰ মন্ত্ৰীও আছিল।মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে তেওঁ হাৰিয়ানা বিজেপিৰ অধ্যক্ষ আছিল।

২) ভূপিন্দৰ সিং হুদা- বিধানসভাৰ বিৰোধী দলপতি ভূপিন্দৰ সিং হুদা কংগ্ৰেছৰ পৰা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ হব পাৰে। ৰোহটকৰ বাসিন্দা হুদাই দুবাৰকৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীও হৈছিল। হুদাক কংগ্ৰেছ হাইকমাণ্ডৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়।

৩) দীপেন্দ্ৰ সিং হুদা- ভূপিন্দৰ সিং হুডাৰ পুত্ৰ দীপেন্দ্ৰ সিং হুদাও মুখ্যমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী। একাংশৰ মতে  ৯০ আসনৰ হাৰিয়ানা বিধানসভাত যদি কংগ্ৰেছে ৬০ খনতকৈ অধিক আসন পায়, তেতিয়া দীপেন্দ্ৰক মুখ্যমন্ত্ৰী  হব পাৰিব।

৪) কুমাৰী চেলজা- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কুমাৰী চেলজাইও মুখ্যমন্ত্ৰী পদৰ বাবে দাবী প্ৰকাশ কৰিছে। শেহতীয়াকৈ টিভি-৯ ভাৰতবৰ্ষৰ সৈতে হোৱা কথা- বতৰাত তেওঁ এনে এক ইংগিত দিছিল।

৫) উদয়ভান-  উদয়ভানে হোডাল আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ দৌৰত এইগৰাকী নেতাও থাকিব পাৰে।

৬) কুলদীপ বিষ্ণোই- প্ৰাক্তন মুখ্যমন্ত্ৰী ভজন লালৰ ৰাজনৈতিক উত্তৰাধিকাৰী কুলদীপ বিষ্ণোইও মুখ্যমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী। শেহতীয়াকৈ তেওঁ এক সাক্ষাৎকাৰত নিজৰ দাবী প্ৰকাশ কৰিছিল। এইগৰাকী নেতা বিধায়কৰ লগতে সাংসদ পদতো অধিষ্ঠিত হৈছিল। কংগ্ৰেছেৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা এইগৰাকী নেতা বৰ্তমান বিজেপিত আছে।

৭) ৰাও ইন্দৰজিৎ সিং- মোদী চৰকাৰৰ মন্ত্ৰী ৰাও ইন্দৰজিৎ সিঙেও মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে। দুদিন পূৰ্বে হাৰিয়ানাত এক অনুষ্ঠানৰ সময়ত ইন্দৰজিতে কৈছিল যে তেওঁ মুখ্যমন্ত্ৰী হোৱাতো সমৰ্থকসকলে বিচাৰে কিন্তু দলে সিদ্ধান্ত লব।

৮) ৰনদীপ সুৰজেৱালা- কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰনদীপ সুৰজেৱালাও মুখ্যমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী।

৯) সুশীল গুপ্তা- আম আদমি পাৰ্টি হাৰিয়ানাৰ ৰাজ্যিক সভাপতি সুশীল গুপ্তাও মুখ্যমন্ত্ৰীৰ প্ৰতিদ্বন্দ্বী। অৱশ্যে এতিয়ালৈকে তেওঁৰ দলটোৱে কোনো আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। কংগ্ৰেছৰ পৰা আপত যোগদান কৰা গুপ্তাই ৰাজ্যসভাৰ সাংসদ আছিল।

১০) দুষ্যন্ত চৌটালা- প্ৰাক্তন উপ মুখ্যমন্ত্ৰী দুষ্যন্ত চৌটালাও মুখ্যমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী। চন্দ্ৰশেখৰৰ দল আজাদ সমাজ পাৰ্টিৰ সৈতে মিত্ৰতা কৰি হাৰিয়ানাত চৌতলাৰ দল জেজেপিয়ে যুঁজ আগবঢ়াইছে। ২০১৯ চনৰ নিৰ্বাচনত দূষ্যন্তই ১০খন আসন লাভ কৰিছিল আৰু তেওঁৰ দলে হাৰিয়ানাত চৰকাৰ গঠন কৰাত ভূমিকা পালন কৰিছিল।

১১) অভয় চৌটালা- দুষ্যন্তৰ  খুৰাক তথা আইএনএলডিৰ নেতা অভয় চৌটালাও মুখ্যমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী। অভয় মায়াৱতীৰ দল বহুজন সমাজ পাৰ্টিৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version