বিধানসভা নিৰ্বাচনঃ বিজেপি, কংগ্ৰেছক পিছ পেলাই হাৰিয়ানাত চলিব নেকি নিৰ্দলীয় প্ৰাৰ্থীৰ দপদপনি | hariyana assembly electon total 13 election till now importance on independent candidate Assam news - Assam Tv9

বিধানসভা নিৰ্বাচনঃ বিজেপি, কংগ্ৰেছক পিছ পেলাই হাৰিয়ানাত চলিব নেকি নিৰ্দলীয় প্ৰাৰ্থীৰ দপদপনি

Published: 

18 Sep 2024 16:02 PM

Hariyana election: হাৰিয়ানাৰ নিৰ্বাচনী যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব বুলি ভাবিলেও এই ৰাজ্যত নিৰ্দলীয় প্ৰাৰ্থীৰ যথেষ্ঠ গুৰুত্ব আছে। যোৱা কেইবাটাও নিৰ্বাচনত এই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে।

বিধানসভা নিৰ্বাচনঃ বিজেপি, কংগ্ৰেছক পিছ পেলাই হাৰিয়ানাত চলিব নেকি নিৰ্দলীয় প্ৰাৰ্থীৰ দপদপনি

হাৰিয়ানা নিৰ্বাচন

Follow Us On

সমাগত হাৰিয়ানা বিধানসভা নিৰ্বাচন। ইতিমধ্যে এয়া স্পষ্ট হৈ পৰিছে যে ৯০ খন বিধানসভাৰ আসনৰ বাবে মুঠ ১৩০১ গৰাকী প্ৰাৰ্থীয়ে নিজৰ ভাগ্য পৰীক্ষা কৰিব। ইয়াৰে ৪৬২ গৰাকী প্ৰাৰ্থী নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। হাৰিয়ানাৰ নিৰ্বাচনী যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজত হ’ব বুলি ভাবিলেও এই ৰাজ্যত নিৰ্দলীয় প্ৰাৰ্থীৰ যথেষ্ঠ গুৰুত্ব আছে। যোৱা কেইবাটাও নিৰ্বাচনত এই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে। ৰাজ্যৰ ৪ খনকৈ আসনত নিৰ্দলীয়ৰ আধিপত্য আছে। এনে পৰিস্থিতিত এইবাৰ কি দলে হাৰিয়ানাত দপদপাই সেয়া হ’ব লক্ষণীয়।

পঞ্জাৱৰ পৰা পৃথক গৈ গঠন হোৱা হাৰিয়ানাৰ ৫৮ বছৰীয়া ইতিহাসত নিৰ্দলীয়ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ১৯৬৭ চনৰ পৰা ২০১৯ চনলৈ এই ৰাজ্যত মুঠ ১৩ টা নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু প্ৰতিবাৰেই নিৰ্দলীয়ই নিজৰ যাদু দেখুৱাইছে। এই পৰ্যন্ত অনুষ্ঠিত হোৱা নিৰ্বাচনত মুঠ ১১৭ গৰাকী নিৰ্দলীয় বিধায়ক নিৰ্বাচিত হৈছে। এক কথাত ক’বলৈ হ’লে প্ৰতি বিধানসভা নিৰ্বাচনতে নিৰ্দলীয়ই বিধানসভাত প্ৰৱেশ কৰিছে।

১৯৬৭ চনৰ বিধানসভা নিৰ্বাচনত ১৬ জন বিধায়ক নিৰ্দলীয় হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পাছত ১৯৬৮ চনত ৬ জন বিধায়ক, ১৯৭২ চনত ১১ জন বিধায়ক, ১৯৭৭ চনত ৭ জন, ১৯৮২ চনত ১৬ জন, ১৯৮৭ চনত ৭ জন, ১৯৯১ চনত ৫ জন, ১৯৯৬ চনত ১০ জন, ২০০০ চনত ১১ জন, ২০০৫ চনত ১০ জন, ২০০৯ চনত ৭ জন, ২০১৪ চনত ৫ জন, ২০১৯ চনত ৭ জন নিৰ্দলীয় বিধায়ক নিৰ্বাচিত হৈছিল।

হাৰিয়ানাত কেইবাবাৰো নিৰ্দলীয় বিধায়কৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰ গঠন হৈছে। এই ক্ষেত্ৰত বিশেষ কথা এয়াই যে নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা একাংশ বিৰোধী নেতা আছিল। অৰ্থাৎ যিসকলে দলৰ পৰা টিকট লাভ কৰা নাছিল তেওঁলোকে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ২০১৯ চনত বিজেপি আৰু কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছিল নিৰ্দলীয় নেতা। যোৱা নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৪০ খন আসন লাভ কৰিছিল যাৰ বাবে তেওঁলোকে নিৰ্দলীয়ৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰ গঠন কৰিবলগীয়া হৈছিল।

টিকট লাভ নকৰাৰ পাছত অনিল বিজে দুবাৰকৈ নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল আৰু নিজৰ দলৰে নেতাক পৰাস্ত কৰিছিল। ভীম সেন মেহতা,ওম প্ৰকাশ জৈন, সুখবীৰ কটাৰিয়া আদিয়েও নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ নিৰ্বাচনী যুঁজ বেচ আকৰ্ষণীয় কৰি তুলিছিল।

উল্লেখ্য যে, হাৰিয়ানাৰ ৯০ খন আসনৰ বাবে ৫ অক্টোবৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ফলাফল ঘোষণা হ’ব ৮ অক্টোবৰত। নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি ১২ ছেপ্টেম্বৰত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু ১৩ ছেপ্টেম্বৰত ইয়াৰ পৰীক্ষা হ’ব। ১৬ ছেপ্টেম্বৰৰ ভিতৰত প্ৰাৰ্থীয়ে নাম উঠাই ল’ব পাৰিব।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version