5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Haryana Assembly Election 2024: দুটা ৰাউণ্ডৰ মিত্ৰতাৰ বৈঠক, ১০ আসনৰ দাবীৰ বিপৰীতে কংগ্ৰেছে আপক দিছে ৭ খন আসনৰ প্ৰস্তাৱ

মঙলবাৰে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মিত্ৰতাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । সূত্ৰ অনুসৰি, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ আসন বুজাবুজিক লৈ দুয়োটা দলৰ মাজত দুটা ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত আম আদমী পাৰ্টিয়ে হাৰিয়ানাত ১০খন আসনৰ দাবী উত্থাপন কৰাৰ বিপৰীতে কংগ্ৰেছে ৭খন আসনৰ প্ৰস্তাৱ দিছে বুলি জানিব পৰা গৈছে ।

Haryana Assembly Election 2024: দুটা ৰাউণ্ডৰ মিত্ৰতাৰ বৈঠক, ১০ আসনৰ দাবীৰ বিপৰীতে কংগ্ৰেছে আপক দিছে ৭ খন আসনৰ প্ৰস্তাৱ
আজি হাৰিয়ানাত মিত্ৰতা সন্দৰ্ভত আম আদমি পাৰ্টি আৰু কংগ্ৰেছ নেতাৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়
manas-borah
Manas Borah | Updated On: 04 Sep 2024 17:08 PM

হাৰিয়ানা বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মিত্ৰতাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । সূত্ৰ অনুসৰি, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ আসন বুজাবুজিক লৈ দুয়োটা দলৰ মাজত দুটা ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত আম আদমী পাৰ্টিয়ে হাৰিয়ানাত ১০খন আসনৰ দাবী উত্থাপন কৰাৰ বিপৰীতে কংগ্ৰেছে ৭খন আসনৰ প্ৰস্তাৱ দিছে বুলি জানিব পৰা গৈছে ।

আম আদমী পাৰ্টিয়ে যুক্তি দিয়ে যে, তেওঁলোকে এইবাৰৰ লোকসভাৰ নিৰ্বাচনত হাৰিয়ানাৰ এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, য’ত ৯খন বিধানসভাৰ আসন অন্তৰ্ভুক্ত। এই ভিত্তিতে তেওঁলোকে ১০ খন বিধানসভাৰ আসনৰ দাবী জনাইছে। উল্লেখ্য যে, আসনৰ বুজাবুজিক লৈ চূড়ান্ত সিদ্ধান্ত ল’বৰ বাবে বুধবাৰে কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু আপৰ সাংসদ ৰাঘৱ চাধাৰৰ মাজত তৃতীয় ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

হাৰিয়ানাৰ নিৰ্বাচনত আম আদমী পাৰ্টি আৰু সমাজবাদী পাৰ্টিৰ সৈতে মিত্ৰতাৰ বিষয়ে আলোচনা কৰিবলৈ কংগ্ৰেছে তিনিজনীয়া এখন কমিটী গঠন কৰিছে। সূত্ৰ অনুসৰি, স্ক্ৰীনিং কমিটীৰ অধ্যক্ষ অজয় ​​মাকেন, হাৰিয়ানা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত দীপক বাবাৰিয়া আৰু ভূপিন্দৰ সিং হুদা এই কমিটীৰ সদস্য। সাংগঠনিক সাধাৰণ সম্পাদক কে চি ভেনুগোপালে এই সমিতিৰ তত্বাৱধায়কৰ দায়িত্বত আছে ।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়েও মিত্ৰতা সম্পৰ্কীয় আলোচনাৰ ওপৰত দৃষ্টি ৰাখিছে। ৪ ছেপ্টেম্বৰত জম্মু-কাশ্মীৰত প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে আৰু ৫ তাৰিখে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। ৬-৭ ছেপ্টেম্বৰৰ মাজৰ নিশা ৰাহুল গান্ধীয়ে আমেৰিকালৈ ৰাওনা হ’ব আৰু ১৩-১৪ ছেপ্টেম্বৰত উভতি আহিব। সূত্ৰ অনুসৰি, যদি মিত্ৰতাৰ আলোচনাত অংশগ্ৰহণৰ প্ৰয়োজন হয় তেন্তে তেওঁ আমেৰিকাৰ পৰাই অনলাইনযোগে সংযোগ স্থাপন কৰিব।

হাৰিয়ানা বিধানসভা নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছে প্ৰকাশ কৰা নাই কোনো প্ৰাৰ্থীৰ তালিকা। সোমবাৰে অনুষ্ঠিত হোৱা চিইচিৰ বৈঠকত ৰাজ্যখনৰ ৯০খন আসনৰ ভিতৰত ৪৯ খন আসনৰ বিষয়ে আলোচনা কৰা হয়। চৰ্চা হৈছে যে, ইয়াৰে ৩৪খন আসনৰ প্ৰাৰ্থীৰ নামো নিৰ্ধাৰণ কৰা হৈছে। আজি নিশা বা কাইলৈও প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব পাৰে।

INPUT-TV9 HINDI

Latest News